অপাৰেশ্যন সংকল্প: নিহত প্ৰায় ২৬ জন মাওবাদী গেৰিলা সদস্য
বিগত ১৮ দিন ধৰি ছত্তীশগড় আৰু তেলেংগানাৰ সীমান্তৱৰ্তী বিজাপুৰৰ বনাঞ্চলত মাওবাদী বিৰোধী অভিযান চলাই আছে নিৰাপত্তা বাহিনীয়ে । এই অভিযানৰ নাম ৰখা হৈছে অপাৰেচন সংকল্প ।
চুবুৰীয়া দেশৰ সন্ত্ৰাসবাদীৰ ঘাটিত মঙলবাৰে নিশা ভয়ংকৰ আক্ৰমণ চলাই ভাৰতে । তাৰ সমান্তৰালকৈ দেশৰ ভিতৰতো বুধবাৰে চলে আন এখন যুদ্ধ । এই যুদ্ধ ৰঙা সন্ত্ৰাসৰ বিৰুদ্ধে । ছত্তীশগড়ৰ বাষ্টাৰত মাওবাদীৰ বিৰুদ্ধে চলোৱা এক অভিযানত নিহত হৈছে কমেও ২৬ জন মাওবাদী গেৰিলা সদস্য । লগতে মাওবাদীৰ ঘাটিৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী ।
বিগত ১৮ দিন ধৰি ছত্তীশগড় আৰু তেলেংগানাৰ সীমান্তৱৰ্তী বিজাপুৰৰ বনাঞ্চলত মাওবাদী বিৰোধী অভিযান চলাই আছে নিৰাপত্তা বাহিনীয়ে । এই অভিযানৰ নাম ৰখা হৈছে অপাৰেচন সংকল্প । অভিযানত বুধবাৰে যৌথ বাহিনীৰ সৈতে হোৱা গুলীয়াগুলীত নিহত হয় ২৬জন মাওবাদী ।
গোপন সূত্ৰৰ মতে, প্ৰায় ৫০০ বা তাতকৈ অধিক মাওবাদীয়ে এতিয়াও আত্মগোপন কৰি আছে সেই অঞ্চলত । সূত্ৰৰ পৰা জানিব পৰা মতে, মাওবাদীৰ একাংশ শীৰ্ষ নেতায়ো বাষ্টাৰৰ দুৰ্গম অঞ্চলত আত্মগোপন কৰি আছে । তেওঁলোকক ধৰিবলৈ ২৪ হাজাৰ অৰ্ধসামৰিক আৰু আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । ইয়াৰ উপৰিও চি আৰ পি এফৰ কোব্ৰা কমাণ্ডো, ৰিজাৰ্ভ গাৰ্ড, মহাৰাষ্ট্ৰ আৰু তেলেংগানা আৰক্ষীও মোতায়েন কৰা হৈছে এই অভিযানত ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশখনক মাওবাদীমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল । তেতিয়াৰ পৰাই এই অভিযান অব্যাহত আছে । ‘অপাৰেচন সংকল্প’ তাৰেই এটা অংশ ।