ভাৰত ভ্ৰমণ কৰিব পাৰিব চীনা পৰ্যটকে, ৫ বছৰৰ পাছত আঁতৰিল বাধা…
স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে দুয়োখন দেশৰ সম্পৰ্ক। এই কথাই যেন স্পষ্ট কৰিছে ভাৰতৰ এক শেহতীয়া সিদ্ধান্তই। কাৰণ ৫ বছৰৰ পাছত চীনা পৰ্যটকৰ ভ্ৰমণত বাধা আঁতৰালে ভাৰতে!

সকলো বাধা আঁতৰিল। এতিয়া আৰু নাই ভাৰত-চীনৰ সংঘাত! স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে দুয়োখন দেশৰ সম্পৰ্ক। এই কথাই যেন স্পষ্ট কৰিছে ভাৰতৰ এক শেহতীয়া সিদ্ধান্তই। কাৰণ ৫ বছৰৰ পাছত চীনা পৰ্যটকক ভিজা দিবলৈ আগবাঢ়িছে ভাৰতে। প্ৰকাশিত খবৰত কোৱা হৈছে যে, আজিৰে পৰা ভাৰতীয় ভিজাৰ বাবে আবেদন কৰিব পাৰিব চীনা পৰ্যটকে। এই কথা সদৰী কৰিছে বেইজিঙত থকা ভাৰতীয় দূতাবাসে।
প্ৰায় ৫ বছৰ ধৰি চীনা পৰ্যটকক ভিজা দিয়া ব্যৱস্থা বন্ধ কৰি ৰাখিছিল ভাৰতে। কোৱা হৈছে যে, ২০২০ চনৰ গালৱান আৰু কভিডৰ পৰিস্থিতিৰ বাবে চীনা পৰ্যটকৰ বাবে ভিজা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল ভাৰতে । তেতিয়াৰ পৰা ৫ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে চীনা পৰ্যটকক ভিজা দিব ভাৰতে।
চীনত থকা ভাৰতীয় দূতাবাসে জানিবলৈ দিছে যে, ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহী পৰ্যটক বা নাগিৰকে ভিজাৰ বাবে বেইজিং, ছাংহাই গুৱাংঝৌৰ কেন্দ্ৰত নথি-পত্ৰ জমা দিব পাৰিব। উল্লেখ্য যে, ভাৰতীয় ভিজা কেন্দ্ৰত নথি-পত্ৰ জমা দিয়াৰ পূৰ্বে ভিজাৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব লাগিব।
ইফালে, কোৱা হৈছে যে, বুধবাৰে ভাৰতে চীনৰ নাগৰিকৰ বাবে পৰ্যটন ভিছা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এল এ চি) সামৰিক ষ্টেণ্ডঅফত ছয় দশকৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ লৈ যোৱা দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰাৰ ক্ষেত্ৰত আন এক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে চীনেও মানস সৰোবৰ যাত্ৰাৰ বাবে ভাৰতীয়ক ভিজা প্ৰদান কৰিছিল।