ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ, পণবন্দী ৰাষ্ট্ৰপতি! ভাৰতৰ স্থিতি কি?

ভেনিজুৱেলাত আক্ৰমণ কৰি ৰাষ্ট্ৰপতি মাদুৰো আৰু তেওঁৰ পত্নীক অপহৰণ কৰিছে আমেৰিকাই। এই গুৰুতৰ ঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। অঞ্চলটোত স্থিতিশীলতা বজাই ৰাখিবলৈ সকলো পক্ষকে আলোচনা আৰু শান্তিপূৰ্ণ সমাধানৰ বাবে আহ্বান জনাইছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ, পণবন্দী ৰাষ্ট্ৰপতি! ভাৰতৰ স্থিতি কি?

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক পণবন্দী আমেৰিকাৰ!

Updated On: 

04 Jan 2026 18:03 PM

শনিবাৰে ভেনিজুৱেলাক আক্ৰমণ কৰে আমেৰিকাই। এই আক্ৰমণৰ পিছতে আমেৰিকাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক অপহৰণ কৰে। ইয়াৰ পিছত তেওঁলোকক নিউয়ৰ্কলৈ নিয়া হয়। বৰ্তমান তেওঁলোকক ডিটেনচন চেণ্টাৰত ৰখা হৈছে। অস্ত্ৰ আৰু ড্ৰাগছ সম্পৰ্কীয় গোচৰত তেওঁলোকৰ বিচাৰ হ’ব। বহু দেশে আমেৰিকাৰ এই পদক্ষেপক সমালোচনা কৰাৰ বিপৰীতে আন কিছুমানে সমৰ্থন কৰিছে। এতিয়া প্ৰায় ২৪ ঘণ্টাৰ পাছত এই বিষয়ত এক বিবৃতি প্ৰকাশ কৰিছে ভাৰতে।

আমেৰিকাৰ আক্ৰমণৰ ২৪ ঘণ্টাৰ পাছত ভাৰতে ভেনিজুৱেলাৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰত চৰকাৰে ভেনিজুৱেলাৰ বিকাশশীল পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ভেনিজুৱেলাৰ জনসাধাৰণৰ সুৰক্ষা আৰু মংগলৰ বাবে ভাৰতে পুনৰ সমৰ্থন জনাইছে। লগতে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ আলোচনা আৰু শান্তিপূৰ্ণ উপায়েৰে সমস্যা সমাধান কৰিবলৈ সকলো পক্ষক আহ্বান জনায়।

ভাৰত চৰকাৰে লগতে কয় যে, কাৰাকাছত থকা ভাৰতীয় দূতাবাসে তাত বসবাস কৰা ভাৰতীয় নাগৰিকৰ সংস্পৰ্শত আছে আৰু প্ৰয়োজন হ’লে সকলো ধৰণৰ সহায় আগবঢ়াই যাব। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিজৰ নাগৰিকসকলক ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল। শনিবাৰে এক এডভাইজাৰী জাৰি কৰা হয়।

ভেনিজুৱেলাত আক্ৰমণৰ পিছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, “ভেনিজুৱেলাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক ভেনিজুৱেলালৈ সকলো অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিবলৈ কঠোৰ পৰামৰ্শ দিয়া হৈছে। যিকোনো কাৰণতে ভেনিজুৱেলাত থকা সকলো ভাৰতীয়কে অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ, নিজৰ চলাচল সীমিত কৰিবলৈ আৰু কাৰাকাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে সংস্পৰ্শত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।”

কেতিয়া সংঘটিত হৈছিল এই আক্ৰমণ?

শনিবাৰে স্থানীয় সময় অনুসৰি পুৱতি নিশা ২ বজাত ভেনিজুৱেলাত আক্ৰমণ কৰে আমেৰিকাই। এই আক্ৰমণত ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক তেওঁলোকৰ শোৱা কোঠাৰ পৰা টানি আনি অপহৰণ কৰা হয়। অলপ পিছতে তেওঁক নিউয়ৰ্কলৈ অনা হ’ল। ইয়াৰ উপৰিও আমেৰিকাই কেইবাটাও অঞ্চলত আক্ৰমণ চলাইছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই আক্ৰমণত কেইবাজনো লোক নিহত হৈছে।

লগতে পঢ়ক: আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি! আঁৰত আছে নেকি ট্ৰাম্পৰ গোপন অভিসন্ধি?

মাঘ মাহত ভুলতো নকৰিব এইবোৰ কাম, নহ'লে বিপদ অনিবাৰ্য!
মাজনিশা হঠাৎ দাঁতৰ বিষ উঠিলে কি কৰিব? জানক ঘৰুৱা উপায়
কিয় খাদ্য লাহে লাহে চোবাই খাব লাগে ? ইয়াৰ ৫ টা বিশেষ উপকাৰিতা জানক
সাৱধান, এইসমূহ অভ্যাসে মানুহক কৰে দৰিদ্ৰ! জানক...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে