পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মূল নায়ক আছিল অসীম মুনিৰ! কিয় আৰু কিদৰে পাক সেনা প্ৰধানে ৰচিছিল এই ষড়যন্ত্ৰ?
পহলগাম কাণ্ডৰ ঠিক আগতে ৰাজহুৱাভাৱে ধৰ্মৰ নামত মানুহক বিভাজিত কৰাৰ কথা কৈছিল মুনিৰে। অতীতত ঘটা বিভিন্ন ঘটনাৰ দিশেৰে চাবলৈ গ'লে মুনিৰে সদায় ধৰ্মীয় মৌলবাদত বিশ্বাস কৰি আহিছে। পাকিস্তানত মানুহে তেওঁক জেহাদী জেনেৰেল বুলি কয়। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ আঁৰত অভিলাষী মুনীৰৰ বিভিন্ন ধাৰণা আছিল।

এতিয়া যেন গভীৰ সংকটত পৰিছে পাকিস্তানৰ অস্তিত্ব। পিছে ইয়াৰ বাবে দায়ী কোন ? কোনে সন্ত্ৰাসবাদীক পহলগামলৈ পঠিয়াইছিল? সামৰিক আৰু ৰাজনৈতিক দিশৰ ফালৰ পৰা দেশৰ সাম্প্ৰতিক অৱস্থা কি? এতিয়া তেওঁলোকে কি কৰিব? টুকুৰা টুকুৰ হ’ব নেকি পাকিস্তান? বিগত কিছুদিনত এনে বহু প্ৰশ্ন উত্থাপন হৈছে। চোৰাংচোৱা সূত্ৰৰ মতে, পহলগাম কাণ্ডৰ বাবে শ্বাহবাজ শ্বৰীফক পোনপটীয়াকৈ জগৰীয়া কৰিব নোৱাৰি।কাশ্মীৰত হামাছৰ দৰে গণহত্যাৰ পৰিকল্পনা আছিল পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰৰ মগজুৰ সৃষ্টি।
পহলগাম কাণ্ডৰ ঠিক আগতে ৰাজহুৱাভাৱে ধৰ্মৰ নামত মানুহক বিভাজিত কৰাৰ কথা কৈছিল মুনিৰে। অতীতত ঘটা বিভিন্ন ঘটনাৰ দিশেৰে চাবলৈ গ’লে মুনিৰে সদায় ধৰ্মীয় মৌলবাদত বিশ্বাস কৰি আহিছে। পাকিস্তানত মানুহে তেওঁক জেহাদী জেনেৰেল বুলি কয়। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ আঁৰত অভিলাষী মুনীৰৰ বিভিন্ন ধাৰণা আছিল।
তেওঁ সেনাধ্যক্ষৰ দায়িত্ব লৈ দেখিলে যে সেনাবাহিনীৰ নামত যিখন পাকিস্তানত বাঘ আৰু গৰুৱে একেটা ঘাটতে পানী খাইছিল, এতিয়া সেই দেশৰ লোকে সেনাবাহিনীক অপমান কৰি আছে। বিশেষকৈ ইমৰাণ খানৰ কাৰাদণ্ড দেশৰ বহু লোকে মানি ল’ব পৰা নাছিল। আৰু বেলুচিস্তান আৰু খাইবাৰ-পাখতুনখোৱাত পাকিস্তান সেনাই নিজৰ ইউনিফৰ্ম খুলিবলৈ বাধ্য হৈছিল। যাৰ বাবে মুনিৰে পাকিস্তান সেনাৰ ক্ষমতা দেখুৱাবলৈ ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। তাৰ পাছত ভাৰতে প্ৰতিশোধ ল’ব, য’ত সীমিত পৰিসৰত যুদ্ধ হ’ব।
যাৰ পৰিপ্ৰেক্ষিতত পাকিস্তানত পুনৰবাৰ প্ৰশংসা কৰা হ’ব সেনাবাহিনীক। দেশখনো কিছু ঐক্যবদ্ধ হ’ব, তেওঁৰ স্থিতি শক্তিশালী হ’ব লগতে সন্মানো বাঢ়িব। জেনেৰেল মুনিৰৰ মনত জিয়াউল হক আছিল নে পাৰভেজ মুশ্বাৰফৰ কথা কোৱা টান। কোৱা হয় যে তেওঁৰ ঘনিষ্ঠ সেনা বিষয়াৰ চাৰিজন বিষয়াৰ কথাৰ ভিত্তিত মুশ্বাৰফে কাৰ্গিল আগ্ৰাসনত অনুমোদন জনাইছিল। একেদৰে মুনীৰক চোৰাংচোৱাৰ তথ্য প্ৰদান কৰিছিল পাকিস্তান সেনাবাহিনীৰ চাৰিজন উচ্চপদস্থ বিষয়াই। সেয়েহে সম্ভৱতঃ সেনাধ্যক্ষই তেওঁলোকৰ লগত কথা পাতি পহলগামত নৃশংস ঘটনা সংঘটিত কৰাৰ বাবে সন্মতি দিছিল ।
তেওঁলোকে ভাবিছিল যে ভাৰতে পুনৰ উৰি বা বালাকোটৰ দৰে ঘটনা সংঘটিত কৰিব পাৰিব। তাৰ পাছত আমেৰিকা আৰু চীন দুয়োখনে দেশে আহি যুদ্ধ বন্ধ কৰিব। কিন্তু ভাৰতে একেলগে ৯ টা সন্ত্ৰাসবাদী শিবিৰ উৰুৱাই দিলে। তাৰ পাছত দেশবাসীৰ ওচৰত লজ্জিত নহ’বলৈ ভাৰতক আক্ৰমণ কৰিবলৈ ৰাওনা হ’ল পাকিস্তানী সেনা। তেনে কৰি তেওঁ কেৱল নিজৰ বাবেই নহয় পাকিস্তানৰ বাবেও বিপদৰ আমন্ত্ৰণ জনাইছিল। আমেৰিকাই ক’লে, “ভাৰত-পাকিস্তান বিবাদৰ লগত আমি জড়িত নহও”। চৌদি আৰব বা ইৰাণেও ভাৰতৰ সৈতে সম্পৰ্ক বিনষ্ট কৰি পাকিস্তানক আকোৱালি ল’বলৈ চেষ্টা নকৰিলে। ইফালে ভাৰতীয় সেনাৰ আক্ৰমণ, আনফালে পাকিস্তানত নিজৰ মাজতে চলিল গৃহযুদ্ধ। তাৰ মাজতে ভাৰতৰ প্ৰতিশোধমূলক কাৰ্যই বেলুচ বিদ্ৰোহীসকলক আৰু অধিক সাহসী কৰি তুলিলে। যুদ্ধ চলি থকাৰ সময়ত সন্ধানহীন হ’ল পাকিস্তানী সেনা প্ৰধান। শেষত হেঁচাত পৰি ভাৰতক যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিবলৈ বাধ্য হ’ল পাকিস্তান।