মধ্যস্থতা নহয়, কেৱল সহায় কৰিছিলো- ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতি সন্দৰ্ভত সুৰ সলনি ট্ৰাম্পৰ…
ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতি সন্দৰ্ভত সুৰ সলনি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ। এক অনুষ্ঠানত অংশ লৈ ট্ৰাম্পে কয় যে, আমেৰিকাৰ মধ্যস্থতাত হোৱা নাই যুদ্ধ বিৰতি।

ট্ৰাম্প-মোদী-শ্বাহবাজ
সুৰ সলনি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতি সন্দৰ্ভত ট্ৰাম্পে কয় যে, মই যুদ্ধ বিৰতি কৰোৱা নাই, কিন্তু মই সহায় কৰিছো। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে ট্ৰাম্পে দাবী কৰিছিল তেওঁ ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতি কৰাইছে । ট্ৰাম্পে কৈছিল এয়া এয়া এক কূটনৈতিক সিদ্ধান্ত আৰু তাক লৈ তেওঁ গৌৰৱান্বিত। কিন্তু এতিয়া ট্ৰাম্পে সেই কথাৰ সুৰ সলনি কৰি কেৱল সহায় কৰা বুলিহে কয়।
কাটাৰৰ দোহাত অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি ট্ৰাম্পে কয় যে, ভাৰত আৰু পাকিস্তানৰ পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাই আছিল। এনে হৈছিল যে কেৱল মিছাইলৰ দ্বাৰাহে আলোচনা হ’বলৈ ওলাইছিল। সেইবাবে তেওঁ দুয়োখন দেশৰ সৈতে কথাপাতি পৰিস্থিতি শান্ত কৰা বুলি কয়।
ট্ৰাম্পে কয় যে, ভাৰত আৰু পাকিস্তান এতিয়া সুখী আছে আৰু দুয়োখন দেশে বাণিজ্য কৰাৰ বাবে আলোচনা কৰি আছে। কিন্তু এই কথা কৈয়ে পুনৰ সুৰ সলনি কৰে ট্ৰাম্পে। কথা সলাই পুনৰ ট্ৰাম্পে কয় যে, এই দেশ দুখনো হাজাৰ বছৰ ধৰি এনেকৈ যুঁজি আহিছে। মই এয়া সমাধান কৰিব পাৰিম নে নাই নাজানো। ই এক কঠিন বিষয়।
#WATCH | Doha, Qatar | "I don't want to say I did, but I sure as hell helped settle the problem between Pakistan and India last week, which was getting more and more hostile, and all of a sudden, you'll start seeing missiles of a different type, and we got it settled. I hope I… pic.twitter.com/M8NlkK7uSu
— ANI (@ANI) May 15, 2025
ইয়াৰ পূৰ্বে ট্ৰাম্পে কৈছিল যে তেওঁ দুয়োখন দেশৰ ওপৰত ব্যৱাসিয়ক হেঁচা প্ৰয়োগ কৰি যুদ্ধ বিৰতি কৰাইছিল। তেওঁ কৈছিল যে, এতিয়া দুয়োখন দেশে যুদ্ধ নহয়, বাণিজ্যৰ কথা হৈ আছে। কিন্তু ভাৰত চৰকাৰে এই দাবী নাকচ কৰি আহিছিল। দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে, দুয়োখন দেশৰ DGMO (Director General of Military Operations) মাজত আলোচনা হোৱাৰ পাছত যুদ্ধ বিৰতি হৈছিল।
উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতে চলাইছিল অপাৰেশ্যন সেন্দূৰ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা এই অভিযানত ভাৰতে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। য’ত মৃত্যু হৈছিল ১০০ ৰো অধিক সন্ত্ৰাসবাদীৰ। ইয়াৰ পাছতে পাকিস্তানে ভাৰতক আক্ৰমণ কৰিছিল আৰু ভাৰতেও প্ৰতিশোধমূলক কাৰ্য হিচাপে প্ৰত্যাক্ৰমণ কৰিছিল।
ইয়াৰ মাজতে ১০ মে’ত আমেৰিকাই হঠাতে যুদ্ধ বিৰতিৰ ঘোষণা কৰি দিছিল। এতিয়া ট্ৰাম্পে নিজৰ মন্তব্যৰ শুধৰণি কৰি কয় যে, দুয়োখন দেশক শান্ত কৰাবলৈ তেওঁ কেৱল সহায় কৰিছিল। যুদ্ধ বিৰতিত তেওঁৰ কোনো ভূমিকা নাছিল। ট্ৰাম্পৰ এই মন্তব্যই এয়া স্পষ্ট কৰি দিলে যে ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধ বিৰতি দ্বিপাক্ষিক আছিল। তাত আমেৰিকাৰ কোনো হাত নাই।
অন্য খবৰ পঢ়কঃ সাম্ভাব্য পাৰমাণৱিক যুদ্ধ আমি ৰোধ কৰিছো, ইয়াক লৈ মই গৌৰৱান্বিতঃ ট্ৰাম্প