শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Eviction Drive: পাঁচ দিনত প্ৰায় ১১০০ হেক্টৰ ভূমি বেদখলমুক্ত উৰিয়ামঘাটত

শনিবাৰে পঞ্চম দিনত ভৰি দিয়া উৰিয়ামঘাটৰ বৃহৎ উচ্ছেদ অভিযানত এতিয়ালৈকে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ৮ হাজাৰ বিঘাতকৈ অধিক (প্ৰায় ১১০০ হেক্টৰ) বনাঞ্চল বেদখল মুক্ত কৰিছে বুলি শুকুৰবাৰে এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পাইছে।

Assam Eviction Drive: পাঁচ দিনত প্ৰায় ১১০০ হেক্টৰ ভূমি বেদখলমুক্ত উৰিয়ামঘাটত
উচ্ছেদ অভিযানImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 02 Aug 2025 17:23 PM

গোলাঘাট জিলাৰ প্ৰায় ১৫০০ হেক্টৰ বনাঞ্চলৰ কথিত বেদখল মুক্ত কৰাৰ বাবে বুধবাৰেও একেৰাহে পঞ্চম দিনৰ বাবে অব্যাহত আছে ব্যাপক উচ্ছেদ অভিযান। বিভাগীয় বিষয়াসকলে জানিবলৈ দিয়ে এই কথা। তেওঁলোকে লগতে কয় যে উচ্ছেদ অভিযান সম্পূৰ্ণ হ’লে প্ৰায় ১৫০০ পৰিয়ালক স্থানচ্যুত কৰা হ’ব, ইয়াৰ বেছিভাগেই মুছলমান সম্প্ৰদায়ৰ।

সৰুপথাৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বেদখল চলা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতেই ভূমি উদ্ধাৰৰ বাবে যোৱা মঙলবাৰৰ পৰা এই অভিযান আৰম্ভ হয়।

যদিও চৰকাৰে অঞ্চলটোত বেদখল চলা বুলি দাবী কৰিছে, তথাপিও জ্যেষ্ঠ বিষয়াসকলে স্বীকাৰ কৰিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (পিএমএৱাই-জি), জল জীৱন মিছনৰ অধীনত পানী সংযোগ, সৰ্বশিক্ষা অভিযানৰ অধীনত চৰকাৰী বিদ্যালয়, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম)ৰ অধীনত এটা উপ-স্বাস্থ্য কেন্দ্ৰ আৰু বজাৰৰ বাহিৰেও প্ৰায় প্ৰতিটো ঘৰতে বিদ্যুৎ সংযোগ আছে। লগতে সেই অঞ্চলত মছজিদ, মাদ্ৰাছা আৰু গীৰ্জাও স্থাপন কৰা হৈছিল।

Anti Encroachment Drive In Assam

উৰিয়াম ঘাটত উচ্ছেদ অভিযান

জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, “আজি পুৱা প্ৰায় ১০ বজাৰ পৰা বিদ্যাপুৰ আৰু ২ নং মধুপুৰ স্থানত উচ্ছেদ অভিযান আৰম্ভ হৈছে। এতিয়ালৈকে এই অনুশীলন শান্তিপূৰ্ণ হৈছে।” ইয়াৰ উপৰিও বন বিভাগে ৰজাপুখুৰী, গেলাজান, মধুপুৰ, ৰাণা নগৰ, হালদিবাৰী আৰু হাতীডুবি অঞ্চলৰ মাটিৰ জৰীপ আৰম্ভ কৰিব বুলিও তেওঁ লগতে কয়।

শনিবাৰে পঞ্চম দিনত ভৰি দিয়া এই বৃহৎ উচ্ছেদ অভিযানত এতিয়ালৈকে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ৮ হাজাৰ বিঘাতকৈ অধিক (প্ৰায় ১১০০ হেক্টৰ) বনাঞ্চল বেদখল মুক্ত কৰিছে বুলি শুকুৰবাৰে এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পাইছে। প্ৰায় ১০,৫০০ বিঘাৰ পৰা ১১ হাজাৰ বিঘা মাটি ৰাইজে বেদখল কৰাৰ দাবী কৰে জিলা প্ৰশাসনৰ বিষয়াগৰাকীয়ে।

তেওঁ লগতে কয়, “সেই অঞ্চলসমূহত প্ৰায় ২০০০ পৰিয়াল বাস কৰি আছে। ইয়াৰে প্ৰায় ১৫০০ পৰিয়ালক জাননী প্ৰেৰণ কৰা হৈছিল, যিসকলে ইয়াত অবৈধভাৱে বসতি স্থাপন কৰিছিল। বাকী পৰিয়ালসমূহ বনাঞ্চলৰ আবাসী আৰু তেওঁলোকৰ হাতত বন অধিকাৰ সমিতিৰ (এফ আৰ চি) প্ৰমাণপত্ৰ আছে।”

Anti Encroachment Drive In Assam

উচ্ছেদ

যিসকলৰ ঘৰ ভাঙিছে সেই পৰিয়াল মুছলমান সম্প্ৰদায়ৰ, আনহাতে এফ আৰ চিৰ প্ৰমাণ পত্ৰ থকা সকল বড়ো, নেপালী, মণিপুৰী আদি সম্প্ৰদায়ৰ বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। জাননী লাভ কৰা প্ৰায় ৮০ শতাংশ পৰিয়ালে ইতিমধ্যে যোৱা কেইদিনমানৰ পৰা নিজৰ অবৈধ বসতিস্থল খালী কৰিছে। তেওঁলোকৰ ঘৰবোৰহে ভঙা হৈছে বুলি কয় বিষয়াগৰাকীয়ে।

গোলাঘাট জিলা প্ৰশাসন আৰু অসম আৰক্ষীৰ সক্ৰিয় সহযোগত তথা বন বিভাগৰ নেতৃত্বত নাগালেণ্ড চৰকাৰ আৰু নাগালেণ্ড আৰক্ষীৰ ঘনিষ্ঠ সমন্বয়ত এই অভিযান চলোৱা হৈছে। অভিযানটো মসৃণ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ চি আৰ পি এফ মোতায়েন কৰি এক বিস্তৃত নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়।

পিটিআইৰ সৈতে হোৱা কথা-বতৰাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে অৱশ্যে পূৰ্বে উচ্ছেদ অভিযানৰ যুক্তিযুক্ততাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আৰু দাবী কৰিছিল যে তেওঁলোকক পূৰ্বৰ চৰকাৰসমূহে এই স্থানলৈ আনিছিল, যাতে অঞ্চলটোক নাগালেণ্ড আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে।

Anti Encroachment Drive In Assam

বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান

তেওঁলোকে দাবী কৰে যে কথিত বেদখলকাৰীৰ পূৰ্বৰ প্ৰজন্মৰ অধিকাংশই ১৯৭৮-৭৯ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ নেতৃত্বত গঠিত জনতা পাৰ্টি চৰকাৰ আৰু ১৯৮৫ চনত ক্ষমতালৈ অহা অগপ চৰকাৰৰ দিনত বনাঞ্চলত বসতি স্থাপন কৰিছিল। চৰকাৰী বিদ্যাপুৰ এল পি স্কুলখন ১৯৭৮ চনত প্ৰতিষ্ঠা কৰা বুলি বিদ্যালয় ভৱনৰ চাইনবৰ্ডত উল্লেখ আছে। ইয়াৰ দ্বাৰা ১৯৭৫ চনৰ আশে-পাশে এই অঞ্চলত মানুহ বাস কৰা বুলি জনসাধাৰণৰ দাবী।

উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰা অঞ্চলটোৰ সকলো চৰকাৰী বিদ্যালয় বন শিবিৰলৈ ৰূপান্তৰিত কৰা হৈছে। উল্লেখযোগ্য যে মাৰ্চ মাহত বিধানসভাক জনোৱা হৈছিল যে অসমৰ প্ৰায় ৮৩,০০০ হেক্টৰ মাটি চুবুৰীয়া চাৰিখন ৰাজ্যই দখল কৰি আছে, আৰু নাগালেণ্ডে অসমৰ সৰ্বাধিক ৫৯,৪৯০.২১ হেক্টৰ মাটি দখল কৰিছিল।

Anti Encroachment Drive In Assam

উচ্ছেদ অভিযানত নিয়োজিত বাহিনী

চৰকাৰৰ দাবী অনুসৰি বেদখল কৰা অঞ্চলটোত ৰাজ্য চৰকাৰৰ পৰা পোৱা আন আন সুবিধাসমূহৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ, বিদ্যুৎ যোগান, বিদ্যালয়, জল জীৱন মিছনৰ অধীনত পানী সংযোগ, স্বাস্থ্য কেন্দ্ৰ, ৰেচন কাৰ্ডৰ সুবিধা প্ৰদান কৰা হৈছিল।

এই চৰকাৰী আন্তঃগাঁথনিৰ বিষয়ে সোধাত বন বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই মানি লয় যে এনে সা-সুবিধা কৰ্তৃপক্ষই প্ৰদান কৰে, আৰু ২০১৬ চনত অসমত প্ৰথমবাৰৰ বাবে বিজেপি ক্ষমতালৈ অহাৰ পিছতো কিছুমান নিৰ্মাণৰ কথা আহিছিল। মুছলমান সম্প্ৰদায়ৰ মাজত মছজিদ, মাদ্ৰাছাও আছিল, আনহাতে বড়ো লোকে গীৰ্জা স্থাপন কৰিছিল।

১২খন গাঁৱত উচ্ছেদ অভিযান চলোৱাৰ বাবে কৰ্তৃপক্ষই সমগ্ৰ অঞ্চলটোক ৯টা জ’নত ভাগ কৰিছে। বন বিভাগে অভিযোগ কৰা বেদখলকাৰীক জাননী প্ৰেৰণ কৰি স্থান খালী কৰিবলৈ সাত দিনৰ সময়সীমা প্ৰদান কৰে। নগালেণ্ড চৰকাৰে সীমান্তৱৰ্তী জিলাসমূহক কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ জাৰি কৰে, যাতে প্ৰস্তাৱিত উচ্ছেদ অভিযানৰ ক্ষেত্ৰত স্থানচ্যুত লোকে ৰাজ্যখন পাৰ হৈ যাব নোৱাৰে।

Anti Encroachment Drive In Assam

উচ্ছেদ অভিযান

যোৱা ২৫ জুলাইত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰিয়ামঘাটলৈ গৈ বেদখল কৰা আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে। তেওঁ কয় যে বেদখলকাৰীৰ প্ৰায় ৭০ শতাংশই স্বেচ্ছাই মাটি খালী কৰিছিল, আৰু যিসকলে এইবোৰ অঞ্চলত বসতি স্থাপন কৰিছিল, তেওঁলোক অসমৰ বিভিন্ন জিলাৰ পৰা আহিছিল, যেনে কাছাৰ, শ্ৰীভূমি, ধুবুৰী, বৰপেটা, হোজাই, নগাঁও, মৰিগাঁও। লগতে পশ্চিমবংগ, বিহাৰকে ধৰি অন্যান্য ৰাজ্যৰ পৰা অহা লোকো আছিল।

মুখ্যমন্ত্রী ডঃ শৰ্মাই গোলাঘাট জিলাৰ নেঘেৰিবিল অঞ্চলতো উচ্ছেদৰ জাননী জাৰি কৰা বুলি উল্লেখ কৰি তাত বেদখলকাৰীয়ে যথা সময়ত ভূমি খালী কৰিব বুলি আশা প্রকাশ কৰে ৷ (PTI)