ভাৰত-পাকিস্তানৰ মাজত নহয় যুদ্ধ, যুদ্ধবিৰতিৰ বাবে সাজু হৈছে দুয়োখন দেশ… দাবী ড’নাল্ড ট্ৰাম্পৰ
ভাৰত আৰু পাকিস্তানৰ মাজত হ'ব যুদ্ধবিৰতি! এই দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ড’নাল্ড ট্ৰাম্পে কয়, "দুয়োখন দেশে শান্তিৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে। আমি দুয়োকে পতিয়ন নিয়াবলৈ চেষ্টা কৰিলোঁ আৰু সেই কামত সফল হ’লোঁ।"

প্ৰধানমন্ত্ৰী মোদী, ডোনাল্ড ট্ৰাম্প আৰু শ্বাহবাজ শ্বৰীফ
ভাৰত আৰু পাকিস্তানৰ মাজত আৰু নহয় যুদ্ধ। এই দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। “দুয়োখন দেশে শান্তিৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে। আমি দুয়োকে পতিয়ন নিয়াবলৈ চেষ্টা কৰিলোঁ আৰু সেই কামত সফল হ’লোঁ।” দুয়োখন দেশৰ মাজত শান্তি স্থাপনৰ বাবে অভিনন্দন জনাইছে ট্ৰাম্পে।
ড’নাল্ড ট্ৰাম্পে কয়, “দুয়োখন দেশতে যি পৰিবেশ সৃষ্টি হৈছে সেয়া শান্ত কৰাটো প্ৰয়োজনীয়। আমি যোৱা নিশাৰ পৰা এইটো চেষ্টা আৰম্ভ কৰিছিলো আৰু দুয়োখন দেশেই সন্মতি দিলে। এতিয়া দুয়োজন যুদ্ধবিৰতিৰ বাবে সাজু হৈছে।”
US President Donald Trump says, “After a long night of talks mediated by the United States, I am pleased to announce that India and Pakistan have agreed to a full and immediate ceasefire…” https://t.co/0k2ZrrqHZf pic.twitter.com/z5C2n6CWX6
— ANI (@ANI) May 10, 2025
মাৰ্ক ৰুবিঅ’ই কি কৈছে?
আমেৰিকাৰ বৈদেশিক সচিব মাৰ্ক ৰুবিঅ’ই কয়, “জে ডি ভেন্স আৰু মই ভাৰত আৰু পাকিস্তানৰ উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতিছোঁ। য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফ, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, সেনা প্ৰধান অসীম মুনিৰ, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু অসীম মালিক অন্তৰ্ভুক্ত আছিল।মই এই কথা জনাবলৈ পাই সুখী যে ভাৰত আৰু পাকিস্তান চৰকাৰে তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু নিৰপেক্ষ স্থানত বিস্তৃত বিষয়ৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।” লগতে তেওঁ কয়, “শান্তিপূৰ্ণ পথ বাছি লোৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফে প্ৰদৰ্শন কৰা দৃষ্টিভংগী, বিচক্ষণতা আৰু কূটনৈতিক বুদ্ধিমত্তাৰ আমি শলাগ লৈছো।”
শনিবাৰে পুৱা আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ’ই পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰৰ সৈতে কথা পাতিছিল। ৰুবিঅ’ই মুনীৰক শান্ত হৈ থাকিবলৈ কৈছিল। ৰুবিঅ’ই কয় যে বিষয়টো আগুৱাই নিলে পাকিস্তানৰ ক্ষতি হ’ব। দুয়োখন দেশৰ মাজত শান্তি স্থাপনৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা লোৱাৰ কথা কৈছিল ৰুবিঅ’ই।
ট্ৰাম্পৰ বক্তব্যক লৈ পাকৰ প্ৰতিক্ৰিয়া
ড’নাল্ড ট্ৰাম্পৰ এই বক্তব্যক লৈ পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰে এক বিবৃতি প্ৰকাশ কৰিথে। ডাৰে কয়, “আমি যুদ্ধবিৰতি কৰিবলৈ সন্মত। ইয়াৰ পিছত যিয়েই নহওক, আমি মানি লম। ইছহাক দাৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী”।