বিজয় দিৱসত ঘাতক পৰমাণু ক্ষেপণাস্ত্ৰ প্ৰদৰ্শন চীনৰ, ইয়াৰ শক্তি-সামৰ্থই আচৰিত কৰিব বিশ্বক
দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয়ৰ ৮০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বুধবাৰে বেইজিঙত বিজয় দিৱসৰ পেৰেড উদযাপন কৰা হয়। ইয়াৰ মাজতে চীনে নিজৰ সামৰিক শক্তি দেখুৱাইছিল। ইয়াৰ ভিতৰত আছিল হাইপাৰছ’নিক গ্লাইড বাহন, ৱাই জে-২১ এণ্টি-শ্বিপ ক্ৰুজ মিছাইল, জে এল-৩ চাবমেৰিন লঞ্চড বেলিষ্টিক মিছাইল আদি মাৰাত্মক অস্ত্ৰ।

চীনৰ ৰাজধানী বেইজিঙত আয়োজন কৰা হৈছে বিজয় দিৱস। টিয়ানমেন চৌহদত বিজয় দিৱসৰ পেৰেডত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক দেখা গ’ল একেলগে। দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয়ৰ ৮০ বছৰীয়া জয়ন্তী হিচাপে উদযাপন কৰা হৈছে এই বিজয় দিৱস। মঞ্চত উপস্থিত আছিল প্ৰায় ২৫খন দেশৰ শীৰ্ষ নেতা।
ছি জিনপিঙে মঞ্চৰ পৰাই স্পষ্ট বাৰ্তা দিলে যে চীনে কাৰো ভাবুকিৰ প্ৰতি ভয় নকৰে। ইয়াৰ লগে লগে পেৰেড আৰম্ভ হ’ল আৰু চীনে সমগ্ৰ বিশ্বক নিজৰ সামৰিক শক্তি দেখুৱালে। এই পেৰেডত চীনে প্ৰথমবাৰৰ বাবে নিজৰ পাৰমাণৱিক অস্ত্ৰৰ প্ৰকৃত শক্তি প্ৰদৰ্শন কৰে।
বিবিচিৰ এক প্ৰতিবেদন অনুসৰি ইয়াত হাইপাৰছ’নিক গ্লাইড বাহন, ৱাইজে-২১ এণ্টি-শ্বিপ ক্ৰুজ মিছাইল, জেএল-৩ চাবমেৰিন লঞ্চড বেলিষ্টিক মিছাইল আদি মাৰাত্মক অস্ত্ৰ প্ৰদৰ্শন কৰা হৈছিল। কিন্তু সকলোৰে দৃষ্টি আকৰ্ষণ কৰা অস্ত্ৰটো আছিল চীনৰ নতুন DF-5C আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল।
DF-5C কিয় বিশেষ?
অচিৰেই DF-5C ক্ষেপণাস্ত্ৰক চীনৰ সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হ’ব আৰু শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা হৈছে। আচলতে ই চীনৰ পুৰণি ডি এফ-৫ ছিৰিজৰ উন্নত সংস্কৰণ যদিও ইয়াৰ সামৰ্থ্য বহুত বেছি বিপজ্জনক। আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল ইয়াৰ ৰেঞ্জ ২০ হাজাৰ কিলোমিটাৰ পৰ্যন্ত হ’ব বুলি ধাৰণা কৰা হৈছে।
অৰ্থাৎ পৃথিৱীত এনে কোনো অঞ্চল নাই য’ত এই ক্ষেপণাস্ত্ৰই যাব নোৱাৰে। কেৱল এয়াই নহয়, এই ক্ষেপণাস্ত্ৰ অকলে নাহে, একেলগে ১০টা ৱাৰহেড কঢ়িয়াই নিব পৰা ক্ষমতাও আছে। অৰ্থাৎ এটা মিছাইলৰ সহায়ত চীনে একে সময়তে ১০টা ভিন্ন লক্ষ্যত আক্ৰমণ কৰিব পাৰে।
বিজুলীৰ গতি আৰু মাৰাত্মক প্ৰযুক্তি
গ্ল’বেল টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি DF-5Cৰ গতিও আচৰিত। খবৰ অনুসৰি ই শব্দৰ গতিতকৈ কেইবাগুণো অধিক বেগেৰে উৰিব পাৰে। ই ইমান বেছি বেগত গতি কৰিব পাৰে যে শত্ৰুৱে ইয়াক ৰোধ কৰাৰ প্ৰায় কোনো সুযোগ নাপাব। ইয়াত সংযুক্ত ৱাৰহেডবোৰ পাৰমাণৱিক, গতানুগতিক আৰু ডামি (ভুৱা) হ’ব পাৰে। অৰ্থাৎ শত্ৰুৱে বাস্তৱ আৰু ভুৱাৰ পাৰ্থক্যও বুজি নাপাব।
কেৱল এয়াই নহয়, চীনে ইয়াত নিজৰ বেইডৌ নেভিগেচন চিষ্টেম স্থাপন কৰিছে, যাৰ বাবে এই মিছাইলটোৱে অতি নিখুঁতভাৱে লক্ষ্য আঘাত কৰিব পাৰে। লক্ষ্য ২০ হাজাৰ কিলোমিটাৰ দূৰত হওক বা ২০০ কিলোমিটাৰ দূৰত্বত হওক DF-5C ক্ষেপণাস্ত্ৰই ওচৰৰ লক্ষ্যত যিমান নিখুঁতভাৱে আক্ৰমণ কৰিব পাৰে, দূৰৈৰ লক্ষ্যতো সিমানেই নিখুঁতভাৱে আক্ৰমণ কৰিব পাৰে।
চীনৰ এই সামৰিক প্ৰদৰ্শনৰ অৰ্থ কি?
সহজ ভাষাত ক’বলৈ গ’লে DF-5C হৈছে চীনৰ আটাইতকৈ ডাঙৰ পাৰমাণৱিক ঢাল। ইয়াৰ ৰেঞ্জ, গতি আৰু একাধিক ৱাৰহেডে ইয়াক যিকোনো শত্ৰুৰ বাবে এক দুঃস্বপ্ন কৰি তোলে। বিজয় দিৱসৰ পেৰেডত ইয়াক দেখুৱাই বেইজিঙে স্পষ্ট কৰি দিছে যে তেওঁলোকে নিজৰ পাৰমাণৱিক শক্তি লুকুৱাবলৈ যোৱা নাই, বৰঞ্চ সমগ্ৰ বিশ্বক মুকলিকৈ দেখুওৱাৰ অভিপ্ৰায়ত আছে। বাতৰি অনুসৰি এই প্ৰদৰ্শনৰ জৰিয়তে বেইজিঙে দেখুৱাবলৈ চেষ্টা কৰিছে যে ই এতিয়া আমেৰিকাৰ বিকল্প হৈ অ-পশ্চিমীয়া দেশসমূহক নেতৃত্ব দিব পৰা অৱস্থাত আছে।