3 September 2025
TV9 ASSAM
দেশৰ লাখ লাখ লোক বৃক্কৰ ৰোগত আক্ৰান্ত। ইয়াৰ ভিতৰত ৪০ বছৰৰ তলৰ লোকৰ সংখ্যা সৰ্বাধিক । বৃক্কৰ ৰোগত আক্ৰান্ত মহিলাৰ সংখ্যাও কম নহয়।
মহিলাৰ বৃক্ক ৰোগৰ লক্ষণসমূহ চিনি পোৱাটো গুৰুত্বপূৰ্ণ। মহিলাৰ বৃক্কৰ সমস্যা হ’লে এই ধৰণৰ কিছুমান লক্ষণ দেখা দিয়ে।
মহিলাৰ বৃক্ক সংক্ৰমণৰ ফলত শ্ৰোণী অংশত বিষ হ’ব পাৰে, যিটো পেটৰ তলৰ অংশ আৰু কঁকালৰ তলৰ অংশত অনুভৱ হ’ব পাৰে।
বৃক্কৰ সংক্ৰমণৰ ফলত ব্যক্তিগত অংগৰ পৰা বগা স্ৰাৱ ওলাই যাব পাৰে। সময়মতে পিৰিয়ড নোহোৱাটো ইয়াৰ লক্ষণ।
হাত, ভৰি, গোৰোহা বা মুখমণ্ডল ফুলা, ভাগৰুৱা আৰু দুৰ্বল অনুভৱ, উশাহ-নিশাহ লোৱাত অসুবিধা, উচ্চ ৰক্তচাপ আদিৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে ।
ইয়াৰ লগতে বমি, ভোক নলগা, ছালৰ ফোঁহা, পেশীৰ ক্ৰেম্প আৰু বিষ, গাঁঠিৰ বিষ আৰু স্মৃতিশক্তি সম্পৰ্কীয় সমস্যা সৃষ্টি হ'ব পাৰে ।
এইবোৰ বৃক্কৰ সংক্ৰমণৰ লক্ষণ। যদি এই লক্ষণসমূহ দেখা দিয়ে তেন্তে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক