শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানৰ সৈতে বন্ধুত্বৰ প্ৰভাৱ! বাংলাদেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ভিক্ষাৰীৰ সংখ্যা…

বাংলাদেশত বিশেষকৈ ঢাকাত ব্যাপকভাৱে বৃদ্ধি পাইছে ভিক্ষাৰীৰ সংখ্যা। এয়া নিবনুৱা সমস্যা বৃদ্ধি,  মুদ্ৰাস্ফীতি, ইউনুছ চৰকাৰৰ কথিত ব্যৰ্থ নীতিৰ ফল। যাৰ বাবে ভিক্ষা খুজিবলৈ বাধ্য হৈছে মহিলা আৰু শিশুৱে । এই ক্ৰমবৰ্ধমান সংকটে বাংলাদেশৰ আৰ্থ-সামাজিক অৱস্থাত গুৰুতৰ প্ৰভাৱ পেলাইছে।

পাকিস্তানৰ সৈতে বন্ধুত্বৰ প্ৰভাৱ! বাংলাদেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ভিক্ষাৰীৰ সংখ্যা…
বাংলাদেশত ভিক্ষাৰীৰ বানImage Credit source: Getty images
trishna-kalita
Trishna Kalita | Published: 10 Jun 2025 17:15 PM

ইউনুছ চৰকাৰৰ শাসনত বাংলাদেশত ভিক্ষাৰীৰ বান। সৰ্বাধিক ভিক্ষাৰী দেখা গৈছে ৰাজধানী ঢাকাত। ঢাকাৰ সকলো ৰাজহুৱা স্থানতে গেং বান্ধি ভিক্ষা খুজিছে মানুহে। বাংলাদেশত ভিক্ষাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত প্ৰশাসন আৰু তাত থকা সাধাৰণ জনতাৰ উত্তেজনা বৃদ্ধি পাইছে। ঢাকা ট্ৰিবিউনৰ তথ্য অনুসৰি ক্ৰমাৎ বৃদ্ধি পোৱা ভিক্ষাৰীসকলৰ ভিতৰত মহিলাৰ সংখ্যা আটাইতকৈ বেছি। আঘাত পোৱাৰ ভাও ধৰি বা আন কিবা অজুহাত দেখুৱাই ৰাজপথৰ প্ৰতিজন পথচাৰীৰ পৰা ভিক্ষা খুজি থকা দেখা যায়। আনকি ঢাকা ট্ৰিবিউনে ২ জন ভিক্ষাৰীৰ সাক্ষাৎকাৰো লৈছে।

পাকিস্তানৰ সৈতে বন্ধুত্বৰ প্ৰভাৱ নেকি?

যিমানে পাকিস্তানৰ সৈতে ইউনুছৰ চৰকাৰৰ বন্ধুত্ব বাঢ়িছে বাংলাদেশত ক্ৰমাৎ বৃদ্ধি পাইছে ভিক্ষাৰীৰ সংখ্যা । সমগ্ৰ বিশ্বতে ভিক্ষাৰ ক্ষেত্ৰত পাকিস্তানীৰ আছে নিজস্ব ট্ৰেক ৰেকৰ্ড। পাকিস্তানত কমেও ২ কোটি ভিক্ষাৰী আছে, যিয়ে বিশ্বৰ বিভিন্ন দেশলৈ গৈ ভিক্ষা মাগে। পাকিস্তানী ভিক্ষাৰী ইউ এ ই, কাটাৰ, চৌদি আদি দেশলৈ ভিক্ষা বিচাৰি যায়।

বাংলাদেশত কিমান ভিক্ষাৰী?

২০২৩ চনত বাংলাদেশৰ ভিক্ষাৰী সন্দৰ্ভত এক পৰিসংখ্যা প্ৰকাশ পাইছিল। কোৱা হৈছিল যে গোটেই দেশতে প্ৰায় ৭ লাখ ভিক্ষাৰী আছে। তথ্য অনুসৰি কেৱল ঢাকাতে ৪০ হাজাৰ ভিক্ষাৰী আছে। সেই সময়ত শ্বেখ হাছিনাৰ চৰকাৰে ভিক্ষাৰীসকলক মূলসুঁতিলৈ অনাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু শ্বেখ হাছিনাৰ চৰকাৰ বিদায়ৰ পিছত এই সন্দৰ্ভত ইউনুছে মৌন হৈ পৰিল। কোৱা হৈছে যে এতিয়া আগৰ তুলনাত ঢাকাত ভিক্ষাৰীৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে।

ভিক্ষাৰীবোৰে কি কয়?

ঢাকা ট্ৰিবিউন কাকতে দুগৰাকী মহিলা ভিক্ষাৰীৰ সৈতে কথা পাতিছে। এজন ভিক্ষাৰী ৰাছেদাই (নাম সলনি কৰা হৈছে) কৈছে, “মই অসুস্থ আৰু কাম কৰিব নোৱাৰো, গতিকে মই ভিক্ষা কৰিবলৈ ঢাকালৈ আহিছো।” ৰাছেদাৰ মতে, “ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰিবলৈ ভিক্ষা খুজিব লাগে। বাংলাদেশত মহিলাৰ বাবে সুবিধাজনক কাম নাই।”

১৬ বছৰীয়া তঞ্জেলাই কয়, “মোৰ মা এগৰাকী গৃহিণী। মোৰ ভাইটি অসুস্থ। কৰ্মসংস্থাপনৰ অভাৱত তেওঁৰ চিকিৎসাৰ বাবে ধন সংগ্ৰহ কৰিব পৰা নাছিলো। মই এতিয়া ভিক্ষা কৰি তেওঁৰ চিকিৎসা কৰি আছো।” শেহতীয়া পৰিসংখ্যা মতে বাংলাদেশত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে। একে সময়তে ইউনুছৰ চৰকাৰে এতিয়ালৈকে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পৰা নাই।