শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এইবাৰ বিদ্যালয়ত নিৰ্বিচাৰে গুলীচালনা, নিহত ১০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী…

দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ১১ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক । এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাত এজন যুৱকে সংঘটিত কৰে গুলীচালনাৰ ঘটনা। বিদ্যালয়খনৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰি এই গুলীচালনাৰ ঘটনা সংঘটিত কৰে যুৱকজনে ।

এইবাৰ বিদ্যালয়ত নিৰ্বিচাৰে গুলীচালনা, নিহত ১০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী…
অষ্ট্ৰিয়াৰ বিদ্যালয়ত গুলীচালনা ঘটনাImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 10 Jun 2025 19:11 PM

এক ভয়ংকৰ ঘটনা । দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ১১ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক । এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰত । চহৰখনৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাত এজন যুৱকে সংঘটিত কৰে গুলীচালনাৰ ঘটনা। বিদ্যালয়খনৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰি এই গুলীচালনাৰ ঘটনা সংঘটিত কৰে যুৱকজনে । কোৱা হৈছে যে, কম বয়সীয়া এজন যুৱকে এই ঘটনা সংঘটিত কৰে । ইফালে এই ঘটনা সংঘটিত কৰাৰ পিছতে হত্যাকাৰীয়ে নিজেই নিজকে গুলীয়াই নিঃশেষ কৰে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে।

সংবাদ সংস্থা এ এফ পিৰ মতে, চহৰখনৰ মূল ৰে’লৱে ষ্টেচনৰ পৰা কিছু দূৰৈত অৱস্থিত গ্ৰাজ চহৰৰ উত্তৰ-পশ্চিম দিশৰ এখন বিদ্যালয়ত এই কাণ্ড সংঘটিত হৈছে। ইটালীৰ চুবুৰীত অৱস্থিত অষ্ট্ৰিয়া। ইউৰোপৰ এখন দেশ। উল্লেখ্য যে, সংবাদ মাধ্যমত প্ৰকাশ কৰা মতে,  আক্ৰমণকাৰী এজন যুৱক। যুৱকজনৰ বয়স ১৮ বছৰৰ তলৰ ।

স্থানীয় সংবাদ মাধ্যমৰ মতে, আক্ৰমণকাৰীৰ গুলীত নিহত ছাত্ৰ-ছাত্ৰীসকলৰ বয়স ১৮ বছৰৰ তলৰ, ১৪ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত হ’ব । প্ৰথমে আক্ৰমণকাৰীয়ে বন্দুক লৈ বিদ্যালয়লৈ গৈছিল আৰু তাৰ পিছত নিৰ্বিচাৰে গুলীচালনা কৰিছিল। গুলীচালনা শেষ হ’বলৈ ধৰাত আক্ৰমণকাৰীয়ে শেষ গুলীৰে নিজকে গুলীয়াই হত্যা কৰে। লগে লগে থিতাতে আক্রমণকাৰীৰ মৃত্যু হয়।

গ্ৰাজ চহৰৰ মেয়ৰৰ মতে, এই আক্ৰমণত ১০টা শিশুৱে প্ৰাণ হেৰুৱাইছে। আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাৰ পিছতে গ্ৰাজ দ্বিতীয় বিশেষ চহৰ। গ্ৰাজৰ বিষয়াসকলে কয় যে অঞ্চলটো ছীল কৰা হৈছে আৰু তদন্তৰ পিছতহে জানিব পৰা যাব যে এই আক্ৰমণৰ আঁৰত কোন আছিল?