শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam News: বিদ্যালয়ৰ সময়সূচী সলনিৰ পৰা কৰ'না আক্ৰান্তৰ সংখ্য়া বৃদ্ধিলৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: বিদ্যালয়ৰ সময়সূচী সলনিৰ পৰা কৰ’না আক্ৰান্তৰ সংখ্য়া বৃদ্ধিলৈ দিনটোৰ শীৰ্ষ খবৰ

barasha-misra
Barasha Misra | Published: 10 Jun 2025 22:45 PM

ৰাজা ৰঘুবংশী হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। প্ৰতিদিনাই এই ঘটনাৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে । আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত সোণম ৰঘুবংশী, প্ৰেমিক ৰাজ কুছৱাহাৰ লগতে ৩ চুপাৰি কিলাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে । শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি পুনমৰ মাতৃয়ে জানিছিল সকলো কথা । ৰাজাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত আছিল সোনমৰ প্ৰেমিক ৰাজ ।

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

A. প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। গৰমৰ প্ৰতি লক্ষ্য ৰাখি পাঠদানৰ বাবে সময়সূচী আগুৱাবলৈ নিৰ্দেশ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ । ৰাজ্যৰ সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ শিক্ষামন্ত্ৰীগৰাকীৰ । প্ৰতিখন জিলাৰ স্থানীয় বতৰ অনুযায়ী বিদ্যালয়ৰ সময়সূচী সালসলনি কৰাৰ নিৰ্দেশ ।

B. অসমত থাকিবলৈ দিয়া নহ’ব এজনো অবৈধ বিদেশীক । প্ৰত্যেকজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাড়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । পুনৰ এই দাবী উত্থাপন কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । আজি বঙাইগাঁও জিলাত এক অনুষ্ঠানত অংশ লৈ সভাপতি শৰ্মাই কয় যে সীমান্ত কটকটীয়াকৈ ছীল কৰাৰ উপৰিও অনুপ্ৰৱেশকাৰীক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিব লাগে ।

C. উত্তৰাখণ্ডৰ ঋষিকেশত ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা অসমৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ । ডিমা হাচাও জিলাৰ ৰশ্মিতা হোজাই নামৰ যুৱতীগৰাকী দিল্লীত ৰে’লৱেৰ পৰীক্ষা দিবলৈ গৈছিল । তাৰ পৰাই দুজন যুৱকৰ সৈতে শিৱপুৰীত কেম্পিঙৰ বাবে গৈছিল ৰশ্মিতা । কিন্তু যোৱা ৬ জুনত ৰশ্মিতা হোজাই সন্ধানহীন হয় । আজি পাউৰী জিলাত গংগা নদীৰ পাৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হয় ।

D. অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই সফলতা লাভ কৰিছে কাছাৰ আৰক্ষীয়ে । এই অভিযানত প্ৰায় ৪৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা বুলি জানিব পৰা গৈছে । এই কথা জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ড্ৰাগছ ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগত চাৰিজন ব্যক্তিক আটক কৰে আৰক্ষীয়ে ।

E. ভূপেন বৰাই বিজেপিত যোগ দিব বুলি ওলোৱা খবৰ সন্দৰ্ভত আজি মন্তব্য প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে । বেংগালুৰুৰ পৰা আহি গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱা পাছতেই সাংবাদিকে তেওঁক প্ৰশ্ন কৰে । পোনপটীয়াকৈ একো নক’লেও দলে দিয়া দায়িত্ব পালন কৰিব বুলি কয় ভূপেন বৰাই ।

F. দিল্লীৰ দ্বাৰকা ছেক্টৰৰ সবাদ এপাৰ্টমেণ্টত মঙলবাৰে সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড । অট্টালিকাৰ সপ্তম মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড । জুই লগাৰ পিছত ২টা সন্তানৰ সৈতে অট্টালিকাটোৰ সপ্তম মহলাৰ পৰা জপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে এজন লোকে । কিন্তু গুৰুতৰভাৱে আহত হোৱাত চিকিৎসালয়ত তিনিওজনৰে মৃত্যু হয় । কেবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ চেষ্টা চলায় ।

G. ৰাজা ৰঘুবংশী হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। প্ৰতিদিনাই এই ঘটনাৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে । আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত সোণম ৰঘুবংশী, প্ৰেমিক ৰাজ কুছৱাহাৰ লগতে ৩ চুপাৰি কিলাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে । শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি পুনমৰ মাতৃয়ে জানিছিল সকলো কথা । ৰাজাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত আছিল সোনমৰ প্ৰেমিক ৰাজ ।

H. দেশত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা । ৰাজধানী দিল্লীত কৰ’নাত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৭০০ জনলৈ বৃদ্ধি । মাত্ৰ এদিনতেই দিল্লীত ৪২ জন লোক কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে । তথ্য অনুসৰি বৰ্তমান দেশত ৬৪৯১ জন কৰ’নাৰ সক্ৰিয় ৰোগী আছে । ইয়াৰ লগতে সুস্থ হৈ ঘৰলৈ উভতিছে ৬৮৬১ জন । কৰ’নাত সমগ্ৰ দেশত প্ৰায় ৪৬ জন লোকৰ মৃত্যু হৈছে ।

I. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে কেৰিবিয়ান খেলুৱৈ নিকোলাচ পুৰাণে । ইনষ্টাগ্ৰামত এক পোষ্টযোগে তেওঁ নিজৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে । মাত্ৰ ২৯ বছৰীয়া খেলুৱৈগৰাকীৰ এই সিদ্ধান্তই আচৰিত কৰি তুলিছে তেওঁৰ অনুৰাগীক । আই পি এলৰো এজন জনপ্ৰিয় তাৰকা নিকোলাচ পুৰাণ ।