শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
অশ্লীল ভিডিঅ' চোৱা বা প্ৰস্তুত কৰাৰ বাবে কি শাস্তি হ'ব পাৰে?

অশ্লীল ভিডিঅ’ চোৱা বা প্ৰস্তুত কৰাৰ বাবে কি শাস্তি হ’ব পাৰে?

manas-borah
Manas Borah | Published: 10 Jun 2025 20:40 PM

পৰ্ণগ্ৰাফী চোৱা বা নিৰ্মাণ কৰা এই দুয়োটা কামে ভাৰতীয় আইন অনুসৰি নিষিদ্ধ । ২০২২ চনত ভাৰত চৰকাৰৰ আই টি এক্টৰ ধাৰা ২৯২ আৰু ২৯৩ অনুসৰি আৰু ৬৩টা ৱেবছাইট নিষিদ্ধ কৰা হৈছিল ইণ্টাৰনেটৰ পৰা । শেহতীয়াকৈ বহু পৰ্ণগ্ৰাফীৰ ব্যৱসায় চলোৱাৰ তথ্য পোহৰলৈ আহিছে । এনে কামৰ শাস্তি কি হয় জানেনে ?

পৰ্ণগ্ৰাফী চোৱা বা নিৰ্মাণ কৰা এই দুয়োটা কামে ভাৰতীয় আইন অনুসৰি নিষিদ্ধ । ২০২২ চনত ভাৰত চৰকাৰৰ আই টি এক্টৰ ধাৰা ২৯২ আৰু ২৯৩ অনুসৰি আৰু ৬৩টা ৱেবছাইট নিষিদ্ধ কৰা হৈছিল ইণ্টাৰনেটৰ পৰা । কিন্তু তেতিয়াও এই ব্যৱসায় বন্ধ নাছিল । পশ্চিম বংগৰ হাওৰাত শেহতীয়াকৈ মাতৃ-পুত্ৰৰ যুটি শ্বেতা আৰু আৰিয়ান খানে পৰ্ণগ্ৰাফীৰ ব্যৱসায় চলোৱাৰ তথ্য পোহৰলৈ আহিছে । এনে কামৰ শাস্তি কি হয় জানেনে ? যদি আপুনি ভাৰতত এনেধৰণৰ ভিডিঅ’ চাই বা প্ৰস্তুত কৰে তেন্তে আপোনাৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে ।

প্ৰসংগক্ৰমে ২০২৪ চনত উচ্চতম ন্যায়ালয়েও শিশু পৰ্ণগ্ৰাফীক লৈ গুৰুত্বপূৰ্ণ ৰায়দান দিছিল । শিশু পৰ্ণগ্ৰাফীৰ ভিডিঅ’ চোৱাটো অপৰাধ । ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানত স্পষ্টকৈ উল্লেখ কৰিছিল যে নিজৰ ইলেক্ট্ৰনিক ডিভাইচত শিশুৰ যৌন নিৰ্যাতনৰ ভিডিঅ’ ডাউনলোড, চোৱা বা সংৰক্ষণ কৰাটোও আইনৰ অধীনত এক গুৰুতৰ অপৰাধ । আদালতে কয় যে POCSO আইনৰ ১৫(১) ধাৰাত এইটো অপৰাধ বুলি গণ্য কৰা হ’ব । POCSO ধাৰাত ইয়াৰ বিচাৰ প্ৰক্ৰিয়া চলিব ।