স্থানীয় ৰে’লতো স্থাপন হ’ব স্বয়ংক্ৰিয় দুৱাৰ, যাত্ৰীৰ সুৰক্ষাৰ বাবে পদক্ষেপ
এতিয়াৰে পৰা মেট্ৰ’ৰ দৰে স্থানীয় ৰে’লতো স্থাপন কৰা হ’ব স্বয়ংক্ৰিয় দুৱাৰ । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ ভাৰতীয় ৰে’লৱেৰ। সোমবাৰে পুৱা মুম্বাইত সংঘটিত দুৰ্ঘটনাৰ পিছত ৰে’ল কৰ্তৃপক্ষই লৈছে এই সিদ্ধান্ত।

উল্লেখ্য যে সোমবাৰে ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনছৰ পৰা থানেৰ কাছাৰালৈ গৈ আছিল মুম্বাই লোকেল। ভিৰৰ বাবে ভৰি থবলৈ ঠাই নোহোৱা ৰে’লৰ গেটত ওলমি আছিল কেইবাজনো যাত্ৰী। তেতিয়াই ঘটিল অনাকাংশিত ঘটনাটো। ভিৰৰ হেঁচাত চলন্ত ৰে’লখনৰ পৰা পিছলি গৈ কাষৰ ট্ৰেকত বাগৰি পৰে কেইবাজনো লোক। সেই সময়ত উক্ত লাইনৰ মাজেৰে পুষ্পক এক্সপ্ৰেছ পাৰ হৈ গৈছিল। গৈ থকা ৰে’লৰ তলত সোমাই যায় কমেও ৫ জন লোক। মুহূৰ্ততে সকলো শেষ। পুৱা ৭ বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। ৰে’ল কৰ্তৃপক্ষৰ তথ্য অনুসৰি গেটত ওলমি থকা অৱস্থাত ৰে’লৰ পৰা মুঠ ৮ৰ পৰা ১২জন লোক বাগৰি পৰে।