শৰীৰত প্ৰ'টিনৰ অভাৱৰ লক্ষণসমূহ জানক...

11 June 2025

TV9 ASSAM

11 June 2025

TV9 ASSAM

প্ৰ'টিন আমাৰ শৰীৰৰ বাবে অত্যন্ত জৰুৰী। ইয়ে কোষ প্ৰস্তুত কৰে আৰু তাক ঠিক কৰে। ই পেশী, ছাল, চুলি, নখ, হৰম'ন, এংজাইমছ  আদি প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

প্ৰ'টিন

যেতিয়া শৰীৰত পৰ্যাপ্ত পৰিমাণৰ প্ৰ'টিন নাথাকে তেতিয়া ইয়াৰ লক্ষণ শৰীৰত দেখা দিয়ে। গতিকে ইয়াক আওকান কৰি চলিব নালাগে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

লক্ষণ

ডাঃ সুভাষ গিৰীয়ে কয় যে, প্ৰ'টিনৰ পেশীৰ বাবে গুৰুত্বপূৰ্ণ। শৰীৰত ইয়াৰ অভাৱ হ'লে পেশী দুৰ্বল আৰু টানিব ধৰে। ব্যক্তিয়ে ভাগৰুৱা অনুভৱ কৰে আৰু বেছি কাম কৰিব নোৱাৰে।

পেশী দুৰ্বল

চুলি মজবুত ৰখাৰ বাবে প্ৰ'টিন জৰুৰী। প্ৰ'টিনৰ অভাৱ হোৱাৰ ফলত চুলিৰ গুড়ি দুৰ্বল হৈ পৰে আৰু চুলি সৰিবলৈ আৰম্ভ কৰে। ইয়াৰোপৰি চুলিৰ ৰং সলনি হয়।

চুলি 

প্ৰ'টিনৰ অভাৱৰ ফলত ছাল শুকান হৈ শেতা পৰে। লগতে নখ পাতল হৈ ভাঙিবলৈ আৰম্ভ কৰে। নখত বগা দাগ আহে আৰু নখ দুৰ্বল শেতা হৈ পৰে।

ছাল

প্ৰ'টিনৰ অভাৱৰ ফলত শৰীৰত ঠিক কৰাৰ ক্ষমতা কমি যায়। ইয়াৰ ফলত শৰীৰৰ কোনো অংশত আঘাত পালে বা তেজ ওলালে সেয়া ঠিক হোৱাত সাধাৰণতকৈ বেছি সময় লাগে।

আঘাত

প্ৰ'টিনৰ অভাৱৰ ফলত ব্যক্তিৰ বাৰে বাৰে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। যাৰ বাবে বিভিন্ন সংক্ৰমণৰ লগতে বাৰে বাৰে ৰোগ হয়।

ৰোগ

পঢ়িবলৈ ক্লিক কৰক 

মুখৰ দুৰ্গন্ধৰ কাৰণ