১৪৬ কোটি স্পৰ্শ ভাৰতৰ জনসংখ্য়া, তথাপিও চিন্তাৰ উদ্ৰেক কিয়?
ভাৰতত প্ৰতিগৰাকী মহিলাৰ প্ৰজননৰ হাৰ ১.৯ লৈ হ্ৰাস পাইছে । অৰ্থাৎ প্ৰতিগৰাকী মহিলাৰ বিপৰীতে জন্ম হোৱা সন্তানৰ সংখ্যা ১.৯ । য'ত প্ৰতিস্থাপনৰ হাৰ ২.১ হ'ব লাগে । জনসংখ্যাৰ আকাৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বজাই ৰাখিবলৈ মহিলাসকলে যিমান সন্তান জন্ম দিব লাগে তাতকৈ কম সন্তান জন্ম দিছে ।
চীনক চেৰ পেলাই এতিয়া বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ ভাৰত । ৰাষ্ট্ৰসংঘৰ জনসংখ্যা প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ জনসংখ্যা বৰ্তমান ১৪৬৩.৯ মিলিয়ন । অৰ্থাৎ ১৪৬ কোটিতকৈও অধিক । কিন্তু, চিন্তাৰ বিষয়টো আন ঠাইত নিহিত হৈ আছে । ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত প্ৰজননৰ হাৰ প্ৰতিস্থাপনৰ হাৰতকৈ কম । যদি প্ৰতিস্থাপনৰ হাৰতকৈ প্ৰজননৰ হাৰ কম হয়, তেন্তে অৱশেষত দেশৰ জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিব ।
প্ৰতিবেদনত কোৱা হৈছে যে প্ৰতিগৰাকী মহিলাৰ প্ৰজননৰ হাৰ ১.৯ লৈ হ্ৰাস পাইছে । অৰ্থাৎ প্ৰতিগৰাকী মহিলাৰ বিপৰীতে জন্ম হোৱা সন্তানৰ সংখ্যা ১.৯ । য’ত প্ৰতিস্থাপনৰ হাৰ ২.১ হ’ব লাগে । জনসংখ্যাৰ আকাৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বজাই ৰাখিবলৈ মহিলাসকলে যিমান সন্তান জন্ম দিব লাগে তাতকৈ কম সন্তান জন্ম দিছে ।
কিন্তু ভাল খবৰটো হ’ল যে এই মুহূৰ্তত প্ৰতিগৰাকী মহিলাৰ প্ৰজননৰ হাৰ হ্ৰাস পোৱাৰ পিছতো ভাৰতৰ যুৱ জনসংখ্যা যথেষ্ট । ভাৰতৰ মুঠ জনসংখ্যাৰ ২৪ শতাংশ শূন্যৰ পৰা ১৪ বছৰৰ ভিতৰত । ১৭ শতাংশ জনসংখ্যা ১০ৰ পৰা ১৯ বছৰৰ ভিতৰত । মুঠ জনসংখ্যাৰ ২৬ শতাংশ ১০ৰ পৰা ২৪ বছৰৰ ভিতৰত ।
দেশৰ মুঠ জনসংখ্যাৰ ৬৮ শতাংশই কৰ্মক্ষম মানুহ । এই মুহূৰ্তত দেশত বৃদ্ধৰ সংখ্যা ৭ শতাংশ । আগন্তুক দশকত এই সংখ্যা বৃদ্ধি পাব । এই মুহূৰ্তত পুৰুষৰ গড় আয়ুস ৭১ বছৰ আৰু মহিলাৰ গড় আয়ুস ৭৪ বছৰ । অহা ৪০ বছৰলৈ ভাৰতৰ জনসংখ্যা বৃদ্ধি পাই থাকিব বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে । ই ১.৭ বিলিয়ন স্পৰ্শ কৰিব । তাৰ পাছত সেই জনসংখ্যা ক্ৰমান্বয়ে কমি যাব । কাৰণ প্ৰতিস্থাপনৰ হাৰতকৈ প্ৰজননৰ হাৰ কম ।