শৰীৰত পানীৰ অভাৱৰ লক্ষণ জানক...

11 June 2025

TV9 ASSAM

শৰীৰৰ প্ৰায় ৬০ শতাংশ পানীৰে গঠিত। পানীয়ে শৰীৰৰ বহু জৰুৰী কামত সহায় কৰে। যেতিয়া শৰীৰত পানীৰ অভাৱ হয় তেতিয়া বিভিন্ন সমস্যাই দেখা দিয়ে। গৰমত ঘাম, প্ৰস্ৰাৱ, বমি আদিৰ দ্বাৰা পানী বাহিৰ হয়।

পানী

শৰীৰত পানীৰ অভাৱৰ ফলত বিভিন্ন লক্ষণে দেখা দিয়ে। ইয়াক আওকান কৰিব নালাগে। অন্যথা বিভিন্ন সমস্যাত পৰিব পাৰে। বিশেষকৈ গৰমত পানী খাই থাকিব লাগে।

লক্ষণ

ডায়টেশিয়ন অনামিকা গৌৰে কয় যে শৰীৰত পানীৰ অভাৱ হলে প্ৰথম লক্ষণ মুখ আৰু ওঁঠত দেখা দিয়ে। ওঠ ফাটিবলৈ আৰম্ভ কৰে, মুখ শুকাবলৈ আৰম্ভ কৰে। লগতে লালটি কম হয়। যাৰ ফলত ডিঙি শুকান হয়।

মুখ -ওঁঠ

শৰীৰত পানীৰ অভাৱ হোৱাৰ ফলত প্ৰস্ৰাৱৰ ৰং সলনি হয়। প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া হৈ পৰে। লগতে প্ৰস্ৰাৱৰ মাত্ৰা কমি যায়। গতিকে গৰমত পানী খাব লাগে।

প্ৰস্ৰাৱ

শৰীৰত পানীৰ অভাৱৰ ফলত ব্লাড প্ৰেছাৰৰ স্তৰ হ্ৰাস পায়। যাৰ ফলত মগজুয়ে পৰ্যাপ্ত অক্সিজেন লাভ নকৰে। ইয়াৰ ফলত মূৰ বিষ, মূৰ ঘূৰোৱা, মনোযোগত সমস্যা আদি হয়।

মূৰৰ বিষ

পানীৰ অভাৱ হোৱাৰ ফলত শৰীৰৰ কোষবোৰে ভালকৈ কাম নকৰে। যাৰ ফলত ব্যক্তিয়ে দুৰ্বল, এলেহুৱা, শক্তি কম আদি অনুভৱ কৰে। গতিকে প্ৰতিদিনে পৰ্যাপ্ত পানী খাব লাগে।

দুৰ্বল

শৰীৰত পানীৰ অভাৱ হোৱাৰ ফলত ছাল শুকান হৈ পৰে। লগতে ছাল শেতা আৰু ফাটি যায়।  ইয়াৰোপৰি পানীৰ অভাৱৰ ফলত ছালৰ উজ্বলতা হ্ৰাস পাবলৈ ধৰে।

ছাল

পঢ়িবলৈ ক্লিক কৰক 

প্ৰ'টিনৰ অভাৱৰ লক্ষণ