শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৱাকফ ব'ৰ্ড

ৱাকফ ব'ৰ্ড

ৱাকফ আৰবী শব্দ ‘ৱকুফা’ৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে বাধা দিয়া বা বন্ধ কৰা। ৱাকফৰ মাটি বা সম্পত্তি দান-বৰঙণিৰ বাবে সংৰক্ষিত, অৰ্থাৎ এই সম্পত্তি কোনেও কিনিব বা বিক্ৰী কৰিব নোৱাৰে। কোনো ব্যক্তিয়ে যেতিয়া আল্লাহৰ নামত নিজৰ সম্পত্তি দান কৰে তেতিয়া তাক ৱাকফ সম্পত্তি বুলি কোৱা হয়।ভাৰতত এই মাটি ৱাকফ ব’ৰ্ডে চোৱাচিতা কৰে। বিভিন্ন ৰাজ্যৰ বাবে ৱাকফ ব’ৰ্ড বেলেগ বেলেগ। তেওঁলোকৰ পথ প্ৰদৰ্শনৰ বাবে কেন্দ্ৰীয় ৱাকফ ব’ৰ্ড আছে। ৱাকফ ব’ৰ্ডে এই সম্পত্তি জনকল্যাণৰ বাবে ব্যৱহাৰ কৰিব পাৰে। ব’ৰ্ডে ৱাকফৰ সম্পত্তি ভাড়াত দিব পাৰে বা আন কল্যানমূলক আঁচনিত ব্যৱহাৰ কৰিব পাৰে।

 

ভাৰতত ১৯৫৪ চনত জৱাহৰলাল নেহৰু চৰকাৰে ৱাকফ আইন গৃহীত কৰি ৱাকফ ব’ৰ্ডক কেন্দ্ৰীকৰণ কৰিছিল। চৰকাৰী পৰিসংখ্যা অনুসৰি, ভাৰতত মুঠ ৮ লাখ ৭০ হাজাৰ ৱাকফ সম্পত্তি আছে, যি ৯.৪০ লাখ একৰ মাটিত বিস্তৃত হৈ আছে।

Read More

ৱাকফ আইন স্থগিত ৰখাৰ ক্ষমতা আদালতৰ নাই: উচ্চতম ন্যায়ালয়ত নিজৰ স্থিতি স্পষ্ট কৰিলে কেন্দ্ৰই…

বিগত কেইবা সপ্তাহ ধৰি ৱাকফ বিষয়ক লৈ কেন্দ্ৰীয় আৰু উচ্চতম ন্যায়ালয়ৰ মাজত মতানৈক্য চলি আছে। শেহতীয়াকৈ ৱাকফৰ শুনানিৰ সময়ত  নতুনকৈ সংশোধিত আইনখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে ।

ৱাকফ আইনৰ কাৰ্যকৰীকৰণত স্থগিতাদেশ! উচ্চতম ন্যায়ালয়ে দিলে অন্তৱৰ্তীকালীন ৰায়…

মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কেভি বিশ্বনাথনে গঠিত বিচাৰপীঠে ৱাকফ আইনৰ শুনানি গ্ৰহণ কৰে। কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি আগবঢ়ায়। কপিল ছিব্বাল, ৰাজীৱ ধৱন, অভিষেক সিংভি, চি ইউ সিঙে আদালতত মুছলমান সংস্থা আৰু ব্যক্তিগত আবেদনকাৰীৰ হৈ যুক্তি আগবঢ়ায়। বৃহস্পতিবাৰৰ শুনানিৰ সময়ত চৰকাৰক উত্তৰ দিবলৈ ৭ দিনৰ সময় দিছে আদালতে।

মুৰ্ছিদাবাদৰ হিংসাত ISIৰ ষড়যন্ত্ৰ! বাংলাদেশৰ পৰা লাভ কৰিছে সহায়, তদন্তকাৰী সংস্থাৰ হাতত সন্দেহজনক তথ্য

মুৰ্ছিদাবাদৰ হিংসাত্মক ঘটনাত আইএছআই জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাসমূহে। ফেব্ৰুৱাৰী মাহত ৩ জন আইএছআই বিষয়াই ঢাকা আৰু শ্বিলং ভ্ৰমণ কৰি নিষিদ্ধ সংগঠনৰ ৫ জন হুজুৰৰ (HUJUR) সৈতে বৈঠকত মিলিত হয়। পশ্চিম বংগত অনুপ্ৰৱেশ কৰিবলৈ পাকিস্তানৰ আইএছআইৰ আছে লুপ্ত পথ।

আমি আমাৰ ধৰ্ম পাহৰি যাওঁ: ৱাকফ আইনৰ শুনানিৰ সময়ত CJI সঞ্জীৱ খান্নাই ক’লে এইদৰে…

উচ্চতম ন্যায়ালয়ত ৱাকফ আইন ২০২৫ৰ সাংবিধানিকতা সন্দৰ্ভত শুনানিৰ সময়ত অমুছলমানক ৱাকফ ব’ৰ্ডত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হয়। মুখ্য ন্যায়াধীশগৰাকীয়ে এই বিধান আৰু ন্যায়িক নিৰপেক্ষতাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে। ইয়াৰ ওপৰত কেন্দ্ৰই যুক্তি দি কয় যে অমুছলমানৰ সংখ্যা সীমিত।

১৫০ তকৈ অধিক পৰিয়ালক জাননী, এখন গাঁও ৱাকফৰ সম্পত্তি বুলি দাবী, ক’ত এই ঘটনা জানক…

দেশৰ বিভিন্ন প্ৰান্তত ৱাকফক লৈ চলি থকা চাঞ্চল্যৰ মাজতে শেহতীয়াকৈ অন্য এক খবৰ পোহৰলৈ আহিছে। এক দৰগাহ কৰ্তৃপক্ষই এখন গাঁৱলৈ জাননী জাৰি কৰি গাঁও খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।

আজি উচ্চতম ন্যায়ালয়ত ৱাকফ আইনৰ শুনানি, সপক্ষে কোন? বিপক্ষত কাৰ কি যুক্তি? সবিশেষ জানক…

আজি ৱাকফ সংশোধনী আইনখনৰ সাংবিধানিকতাক প্ৰত্যাহ্বান জনাই কেইবা ডজন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। শুনানিৰ পূৰ্বে জানি লওক আদালতত কোন কোন কাৰ পক্ষত আছে। আইনৰ সমৰ্থন আৰু বিপক্ষত কেনেধৰণৰ যুক্তি আছে?

পশ্চিম বংগত কাৰ্যকৰী নহয় ৱাকফ আইন… মমতা বেনাৰ্জীৰ মন্তব্যৰ পিছতে চৌদিশে চৰ্চা

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, আমাৰ ৰাজ্যত মানুহক বিভাজিত কৰাৰ ৰাজনীতিয়ে কাম নকৰে। ইয়াত ৱাকফ আইন কাৰ্যকৰী নহ’ব। বংগত সকলোৱে একেলগে থাকে। কোনোবাই যদি আপোনাক উচটনি দিয়ে তেন্তে তাৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ ৰাইজক আহ্বান জনায়। মনত ৰাখিব দিদি আপোনাৰ আৰু আপোনাৰ সম্পত্তি ৰক্ষা কৰিব।

ৱাকফ আইনক লৈ নিজৰ মাজতে কাজিয়া দুই মুছলমান দলৰ! জানক ক’ত সংঘটিত হৈছে এই ঘটনা

ৱাকফ সংশোধনী আইনক লৈ জম্মু-কাশ্মীৰ বিধানসভাত ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছে। নেশ্যনেল কনফাৰেন্স (এন চি) আৰু পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ মাজত তীব্ৰ বিতৰ্ক আৰু অভিযোগ-প্ৰতিঅভিযোগ আৰম্ভ হয়। বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে গোপন বুজাবুজি কৰা বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে উচ্চতম ন্যায়ালয়ত চলি থকা শুনানিৰ উদাহৰণ দাঙি ধৰে। যাৰ বাবে বিধানসভাৰ কাম-কাজ স্থগিত ৰাখিব লগা হৈছিল।

মুছলমানৰ সপক্ষে ৱাকফ বিল… বাৰেলীৰ নিদা খানে মৌলানা তৌকীৰ ৰাজাক উভতি ধৰিলে

বাৰেলীৰ সমাজকৰ্মী নিদা খানে ৱাকফ সংশোধনী বিধেয়কক সমৰ্থন কৰাৰ সমান্তৰালকৈ এই বিধেয়ক মুছলমানসকলৰ স্বাৰ্থত বুলি মন্তব্য কৰিছে। তেওঁ কয় যে, এই বিধেয়কখনে ৱাকফৰ সম্পত্তিৰ ওপৰত অবৈধ বেদখল ৰোধ কৰাত সহায় কৰিব।

waqf amendment bill 2025: ‘ৱাকফৰ সম্পত্তিত কোনো ধৰণৰ হস্তক্ষেপ কৰা নাই’, ৰাজ্যসভাত এই মন্তব্য কিৰেন ৰিজিজুৰ

ৰাজ্যসভাত ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, এজন অনুশীলনকাৰী মুছলমানক কেনেদৰে বিচাৰ কৰা হ’ব সেই সম্পৰ্কে বাৰে বাৰে এটা প্ৰশ্ন উত্থাপন হৈছিল। আমি সকলোৱে কোনোবা নহয় কোনোবা ধৰ্মত লিখোঁ। যদি আপুনিও ইয়াত নিৰ্বাচিত হৈছে তেন্তে আপোনাৰ ধৰ্ম লিখিব লাগিব। এতিয়া এইটো কেনেকৈ সিদ্ধান্ত লোৱা হয়? একেদৰেই সিদ্ধান্ত লোৱা হৈছে।

Waqf Amendment Bill: ৰাজ্যসভাতো গৃহীত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক, বিৰোধীয়ে অসাংবিধানিক বুলি ঘোষণা কৰাৰ পিছতো পালে অনুমোদন

ৰাজ্যসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰিলে। বিৰোধী দলসমূহে ইয়াক অসাংবিধানিক আখ্যা দি তীব্ৰ বিৰোধিতা কৰিছিল, আনহাতে চৰকাৰে মুছলমান সম্প্ৰদায়ৰ স্বাৰ্থত ইয়াক প্ৰৱৰ্তন কৰিছিল। কংগ্ৰেছে বিধেয়কখনৰ ত্ৰুটি আঙুলিয়াই দিয়াৰ বিপৰীতে বিজেপিয়ে বিৰোধীয়ে ভোট বেংকৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে। অৱশ্যে এই বিধেয়কখন গৃহীত কৰাত সফল হৈছে চৰকাৰ। এই বিধেয়কখন এতিয়া ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে যাব, তাৰ পিছত ই আইনৰ ৰূপ ল’ব।

Waqf Properties: ৱাকফ ব’ৰ্ড কি? অসমৰ লগতে সমগ্ৰ দেশত ৱাকফ ব’ৰ্ডৰ সম্পত্তি কিমান?

বুধবাৰে নিশা লোকসভাই সংখ্যাগৰিষ্ঠতাৰে ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত কৰে। সদনত ৱাকফ বিধেয়কৰ সপক্ষে মুঠ ২৮৮টা ভোটদান কৰা হয়। একে সময়তে মুঠ ২৩২ গৰাকী সাংসদে বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰে। কিন্তু আপুনি জানেনে ৱাকফ ব'ৰ্ডৰ দেশৰ বিভিন্ন ৰাজ্যত ইয়াৰ কিমান সম্পত্তি আছে?

Waqf (amendment) bill: ৱাকফ (সংশোধনী) বিধেয়ক কি? আঁতৰাই পেলোৱা ৪০ নং ধাৰাত কি আছিল? ৱাকফৰ সম্পত্তি কিমান, জানক সকলো…

Waqf (amendment) bill: বৰ্তমান দেশত চৰ্চিত এটি বিষয় হ'ল ৱাকফ (সংশোধনী) বিধেয়ক। ইতিমধ্যে লোকসভাত এই বিধেয়ক গৃহীত হৈছে। উল্লেখ্য যে, দেশত তৃতীয় বৃহত্তম মাটিৰ মালিক ৱাকফ ব'ৰ্ড। পিছে এই ৱাকফ ব'ৰ্ড কি? ৱাকফ আইনত কি কি সংশোধন হ'ব? এই লেখাটোত সকলো উল্লেখ কৰা হ'ল।

‘মুছলমানৰ অধিকাৰ কাঢ়ি লোৱাৰ এক আহিলা’, ৱাকফ বিধেয়কৰ তীব্ৰ বিৰোধিতা ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৱাকফ সংশোধনী বিধেয়কক ভাৰতৰ মৌলিক ধাৰণাক আক্ৰমণ বুলি অভিহিত কৰিছে। কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে বুলিও ৰাহুলে কয়। এই বিধেয়কখন মুছলমানৰ ব্যক্তিগত আইন আৰু সম্পত্তিৰ অধিকাৰ দখল কৰিবলৈ তৈয়াৰ কৰা অস্ত্ৰ বুলিও অভিহিত কৰে।

লোকসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক, আজি ৰাজ্যসভাত হ’ব অগ্নিপৰীক্ষা

লোকসভাত গৃহীত হ'ল ৱাকফ সংশোধনী বিধেয়ক। এতিয়া বৃহস্পতিবাৰে ৰাজ্যসভাত উপস্থাপন কৰা হ’ব বিধেয়কখন। লোকসভাত এই বিধেয়কখনক লৈ দীঘলীয়া আলোচনা চলি থকাৰ সময়তে ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছিল। বিৰোধীয়ে ইয়াক অসাংবিধানিক বুলি ঘোষণা কৰে।  সদনত প্ৰতিবাদৰ সমত বিধেয়কখনৰ প্ৰতিলিপিও ফালি পেলায় সাংসদ আছাদুদ্দিন ওৱাইছিয়ে। শাসকীয় দলৰ পৰা এই বিধেয়কখনক কংগ্ৰেছৰ তুষ্টিকৰণ ৰাজনীতিৰ শেষকৃত্য বুলি কোৱা হয়।