
বিনেশ ফ'গাট
বিনেশ ফ’গাটৰ জন্ম ২৫ আগষ্ট ১৯৯৪ ত হাৰিয়ানাত হৈছিল। বিনেশ এগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা। গীতা ফোগাট আৰু ববিতা কুমাৰীৰ দৰে সফল আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধা তেওঁৰ সম্বন্ধীয় ভগ্নী। এই দুই ভগ্নীয়ে কমনৱেলথ পদক লাভ কৰিছে। বিনেশ ফোগাট কমনৱেলথ আৰু এছিয়ান গেমছ উভয়তে স্বৰ্ণপদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা।
এটা হিন্দু সম্প্ৰদায়ৰ পৰিয়ালত জন্ম হোৱা বিনেশ হৈছে মল্লযোদ্ধা মহাবীৰ সিং ফোগাটৰ সৰু ভাই ৰাজপালৰ জীয়ৰী। ২০১৮ চনৰ ১৩ ডিচেম্বৰত দীৰ্ঘদিনৰ বয়ফ্ৰে’ণ্ড আৰু সহযোগী মল্লযোদ্ধা সোমবীৰ ৰাথীৰ সৈতে বিনেশ বিবাহপাশত আৱদ্ধ হয়। ২০১৩ চনত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপত মহিলাৰ ৫২ কেজি ফ্ৰিষ্টাইল শাখাত বিনেশ ফোগাটে ব্ৰঞ্জৰ পদক লাভ কৰে। এই খেলখনত ফোগাটে থাইলেণ্ডৰ কেও শ্ৰীপ্ৰাপাক ৩-০ ব্যৱধানত পৰাস্ত কৰে। এইদৰে বিনেশে আৰম্ভ কৰিছিল ক্ৰীড়া যাত্ৰা।
ৱিনেশৰ সংকট! নাডাই প্ৰেৰণ কৰিলে জাননী, দিলে ১৪ দিনৰ সময়
দেশৰ প্ৰাক্তন তাৰকা মল্লযুঁজাৰু তথা কংগ্ৰেছ নেত্ৰী ৱিনেশ ফ’গাট কিছুদিনৰ পিছত অনুষ্ঠিত হ’বলগীয়া হাৰিয়ানা বিধানসভা নিৰ্বাচনত জুলানা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে। নিৰ্বাচনৰ পূৰ্বে পিছে বিপদত পৰিছে ৱিনেশ। তাৰকা খেলুৱৈগৰাকীলৈ নাডাই প্ৰেৰণ কৰিছে জাননী।
- Monjit Dutta
- Updated on: Sep 26, 2024
- 17:06 pm
কংগ্ৰেছৰ মুখ আছিল ৱিনেশ-বজৰং! ক্ষোভিত ব্ৰিজ ভূষণৰ অভিযোগ
দেশৰ দুই প্ৰাক্তন তাৰকা মল্লযুঁজাৰু ৱিনেশ ফ’গাট আৰু বজৰং পুনিয়াই শুকুৰবাৰে কংগ্ৰেছত যোগদান কৰাৰ পিছতে দুই তাৰকাৰ লগতে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে বিজেপি নেতা ব্ৰিজ ভূষণ চৰণ সিঙে। ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে তেওঁৰ বিৰুদ্ধে হোৱা মল্লযুঁজাৰুৰ প্ৰতিবাদত ৱিনেশ আৰু বজৰং কংগ্ৰেছৰ মুখ আছিল বুলি দাবী কৰে।
- Monjit Dutta
- Updated on: Sep 8, 2024
- 12:23 pm
Vinesh Phogat Joins Congress: ৰাজনীতিত খোজ পেলালে বজৰং পুনিয়া, বিনেশ ফ’গাটে! মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত কংগ্ৰেছত যোগদান
Vinesh Phogat Joins Congress: অলিম্পিকত ইতিহাস সৃষ্টি কৰা বজৰং পুনিয়া আৰু বিনেশ ফ'গাটে ৰাজনীতিত ভৰি দিছে। দুয়োগৰাকী মল্লযোদ্ধাই যোগদান কৰিছে কংগ্ৰেছ দলত। দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত দলত যোগদান কৰিলে দুয়োগৰাকী মল্লযোদ্ধাই।
- Trishna Kalita
- Updated on: Sep 6, 2024
- 17:50 pm
কংগ্ৰেছত যোগদান কৰিব বজৰং পুনিয়া, বিনেশ ফ’গাটে, এই আসনৰ হাৰিয়ানাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা
মল্লযোদ্ধা বজৰং পুনিয়া আৰু বিনেশ ফ'গাটে হাৰিয়ানাত যোগদান কৰিব কংগ্ৰেছত। শুকুৰবাৰে দিল্লীত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত বিনেশ ফ'গাট আৰু বজৰং পুনিয়াই কংগ্ৰেছ দলত যোগদান কৰিব।
- Trishna Kalita
- Updated on: Sep 6, 2024
- 12:31 pm
নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিনেশ ফ’গাটে! ৩খন আসনৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে কংগ্ৰেছে
৫ অক্টোবৰত হাৰিয়ানাত ৯০খন বিধানসভা আসনৰ বাবে এটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ভোটদানৰ আগতে ৰাজনৈতিক দলবোৰে সমীকৰণত ব্যস্ত হৈ পৰিছে। ইয়াৰ মাজতে বুধবাৰে মল্লযোদ্ধা বিনেশ ফ"গাট আৰু বজৰং পুনিয়াই ৰাহুল গান্ধীক লগ পোৱাৰ পাছত এই দুয়োখন মুখক লৈ ৰাজনৈতিক জল্পনা-কল্পনা তীব্ৰতৰ হৈ উঠিছে।
- Trishna Kalita
- Updated on: Sep 4, 2024
- 20:32 pm
বিফল বিনেশ ফ’গাট! CAS য়ে ঘোষণা কৰিলে সম্পূৰ্ণ সিদ্ধান্ত, এয়াই আছিল পদক নোপোৱাৰ মূল কাৰণ
১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে পেৰিছ অলিম্পিকৰ পৰা বঞ্চিত হৈছিল বিনেশ ফ’গাট। তেওঁ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও শেষত এই খেলুৱৈগৰাকীয়ে অতিৰিক্ত ওজনৰ বাবে পদক হেৰুৱাবলগীয়া হৈছিল। ১৪ আগষ্টত কে এছে তেওঁৰ আবেদন নাকচ কৰিছিল, এতিয়া সেই সিদ্ধান্তৰ প্ৰতিলিপি পোহৰলৈ আহিছে।
- Barasha Misra
- Updated on: Aug 20, 2024
- 11:44 am
অলিম্পিক জয়ৰ স্বপ্ন সামৰি স্বগৃহত উপস্থিত বিনেশ ফ’গাট! কন্যাক সাৱটি উচুপি উঠিল মাতৃ
বিনেশ ফ'গাটে পেৰিছ অলিম্পিক ২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু ১০০ গ্ৰামৰ ওজনৰ বাবে ফ'গাট অযোগ্য ঘোষণা কৰা হৈছিল। ইয়াৰ বিৰুদ্ধে তেওঁ CASত আপীল কৰিছিল আৰু ৰূপৰ পদক দাবী কৰিছিল কিন্তু তাত সিদ্ধান্তটো বিনেশৰ বিৰুদ্ধে গৈছিল।
- Trishna Kalita
- Updated on: Aug 17, 2024
- 15:02 pm
মেৰী কমৰ পাছত বিনেশ ফ’গাটৰ চৰিত্ৰত অভিনয় কৰিব প্ৰিয়ংকা চোপ্ৰাই! ভাইৰেল হৈ পৰিছে Dangal 2ৰ পোষ্টাৰ
পদকৰ বাবে দীঘলীয়া যুঁজ কৰিবলগীয়া হৈছে বিনেশ ফ'গাটে । বিনেশ ফ'গাটে পেৰিছ অলিম্পিকত মল্লযুঁজৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল ইভেণ্টত অৱতীৰ্ণ হৈছিল। কিন্তু চূড়ান্ত ৰাউণ্ডৰ আগতে তেওঁ অযোগ্য ঘোষণা কৰা হৈছিল। ইয়াৰ বাবে CASত এটা গোচৰ ৰুজু কৰা হৈছে। যাৰ ওপৰত ১৬ আগষ্টত ৰায়দান হ'ব। ইফালে অনুৰাগীসকলে তেওঁৰ ওপৰত Dangal 2 বনাবলৈ দাবী জনাইছে। ইয়াৰ মাজতে ভাইৰেল হৈছে এখন পোষ্টাৰ, ইয়াৰ সত্যতা কি? জানক
- Trishna Kalita
- Updated on: Aug 14, 2024
- 18:15 pm
বিনেশ ফ’গাটক ‘ভাৰত ৰত্ন’ৰে সন্মানিত অথবা ৰাজ্যসভাৰ সাংসদ মনোনীত কৰাৰ দাবী…
মঙলবাৰে নিশা বিনেশৰ ওজন বেছি আছিল যাৰ বাবে গোটেই নিশা তেওঁ চাইক্লিং কৰিছিল। ভালদৰে একো খোৱাও নাছিল। কেৱল ইমানেই নহয়, বিনেশে নখ, চুলি কটাৰ লগতে দেহৰ পৰা তেজো উলিয়াইছিল। কিন্তু তাৰ পাছতো বিনেশৰ ওজন বাঢ়ি যায়।
- Barasha Sarma
- Updated on: Aug 8, 2024
- 11:58 am
আপুনি পৰাজিত হোৱা নাই, আপোনাক পৰাজিত কৰোৱা হৈছে: বিনেশ ফ’গাটৰ অৱসৰক লৈ বজৰং পুনিয়াৰ প্ৰতিক্ৰিয়া
বিনেশ ফ'গাটে মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা কৰিছে। তেওঁ কৈছে "মা মল্লযুদ্ধ জিকিল, মই পৰাজিত হ'লো"। মল্লযোদ্ধা বজৰং পুনিয়াই তেওঁৰ পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পুনিয়াই কৈছিল যে "বিনেশ আপুনি পৰাজিত হোৱা নাই, আপোনাক পৰাজিত কৰোৱা হৈছে।"
- Trishna Kalita
- Updated on: Aug 8, 2024
- 09:34 am
মা মল্লযুদ্ধ জিকিল, মই হাৰিলো: মল্লযুঁজক বিদায় জনালে বিনেশ ফ’গাটে
মল্লযুদ্ধৰ পৰা অৱসৰ ল'লে বিনেশ ফ'গাটে । অৱসৰ লোৱাৰ সময়ত তেওঁ এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে। পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পাছত বিনেশ ফ'গাটে ছ'চিয়েল মিডিয়াযোগে অৱসৰ ঘোষণা কৰিছে।
- Trishna Kalita
- Updated on: Aug 8, 2024
- 07:10 am
ৰূপৰ পদক লাভ কৰিব নেকি বিনেশ ফ’গাটে? ক্ৰীড়া আদালতে আজি দিব গোচৰৰ ৰায়দান
মল্লযোদ্ধা বিনেশ ফ'গাটে পেৰিছ অলিম্পিকৰ ফাইনেলৰ পৰা অযোগ্য হোৱাৰ বিৰুদ্ধে ক্ৰীড়া আদালতত আবেদন দাখিল কৰিছে। ফাইনেলৰ আগতে অধিক ওজনৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। ক্ৰীড়াৰ বাবে মধ্যস্থতাৰ আদালতে (CAS) আজি ইয়াৰ ৰায়দান কৰিব।
- Trishna Kalita
- Updated on: Aug 8, 2024
- 06:33 am
নিশাৰ ভিতৰতে ১ৰ পৰা ১.৫ কিলোগ্ৰাম ওজন হ্ৰাস কৰিছিল বিনেশ ফ’গাটে! যি স্বাস্থ্যৰ বাবে হ’ব পাৰে বিপদজ্জনক
বিনেশ ফ’গাটক পেৰিছ অলিম্পিক ২০২৪ৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। বৰ্ধিত ওজনৰ বাবে তেওঁলোকক বাদ দিয়া হৈছে। এইটো কোৱা হৈছে যে খেলুৱৈজনে এটা নিশাত ১ৰ পৰা ২ কিলোগ্ৰাম ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰিছিল।
- Trishna Kalita
- Updated on: Aug 7, 2024
- 17:46 pm
কিয় হঠাৎ বৃদ্ধি হৈছিল বিনেশ ফ’গাটৰ ওজন? চাঞ্চল্যকৰ তথ্য পোহৰলৈ…
বিনেশ ফ’গাট পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হৈছে। মহিলাৰ ৫০ কিলোগ্ৰাম মল্লযুঁজৰ ফাইনেলত উপনীত হোৱাৰ পাছত, তেওঁৰ ওজন নিৰ্ধাৰিত সীমাতকৈ অধিক হোৱা দেখা গৈছিল। ডাঙৰ কথাটো হ'ল মঙলবাৰে প্ৰথম বাউটৰ আগতে, তেওঁৰ ওজন ৫০ কিলোগ্ৰামতকৈ কম আছিল কিন্তু ছেমি ফাইনেলত বিজয়ী হোৱাৰ পাছত তেওঁৰ ওজন হঠাতে ২.৮ কিলোগ্ৰাম বৃদ্ধি পাইছিল। কিন্তু এয়া কেনেকৈ ঘটিছিল?
- Trishna Kalita
- Updated on: Aug 7, 2024
- 16:39 pm
অলিম্পিকৰ পৰা বিনেশ বাহিৰ হোৱাত কাৰ ষড়যন্ত্ৰ? কিয় উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি…
ওজন বেছি হোৱা বাবে বিনেশ ফগাট খেলৰ পৰা বাহিৰ হয়। ৫০ কেজি শাখাৰ বাবে তেওঁৰ ওজন প্ৰায় ৫০ গ্ৰাম বেছি আছিল। যাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়। কিন্তু একাংশই ইয়াৰ আঁৰত এক ষড়যন্ত্ৰ থকা বুলি কয়
- Barasha Sarma
- Updated on: Aug 7, 2024
- 15:09 pm