শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
পীযুষ হাজৰিকা (Pijush Hazarika)

পীযুষ হাজৰিকা (Pijush Hazarika)

পীযুষ হাজৰিকা অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ তথা অসম চৰকাৰৰ মন্ত্ৰী। পীযুষ হাজৰিকাৰ জন্ম অসমৰ নগাঁও জিলাত অৱস্থিত ৰহাত। তেওঁ স্বৰ্গীয় শিশুৰাম হাজৰিকা আৰু প্ৰমীলা হাজৰিকাৰ পুত্ৰ । হাজৰিকাই গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰীসম্পন্ন কৰে ।

১৯৯৭ চনত ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাত (এনএছইউআই) যোগদান কৰিছিল আৰু পিছলৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হয়। পৰৱৰ্তী কালত ২০১১ চনৰ অসম বিধানসভা নিৰ্বাচনত নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী ৰূপে বিধায়ক নিৰ্বাচিত হয় । ২০১৫ তাৰিখে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদাংক অনুসৰণ কৰি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। পীযুষ হাজৰিকাই জাগীৰোড সমষ্টিৰ পৰা ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত যুঁজিবলৈ বিজেপিৰ টিকট লাভ কৰিবলৈ সক্ষম হয় আৰু নিৰ্বাচনত জয়ী হয় । সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ সক্ষম হয় । ২০২১ বৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত তেওঁ জল সম্পদ, তথ্য আৰু জনসম্পৰ্ক,সংসদীয় পৰিক্ৰমা দপ্তৰৰ দ্বায়িত্ব লাভ কৰে ।

পীযুষ হাজৰিকাই ২০১১ চনৰ ১ অক্টোবৰত আইমী বৰুৱাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এতিয়া তেওঁলোকৰ দুটা সন্তান আছে।

Read More

আজি শপত ল’লে ৰাজ্যৰ পাঁচ নতুন বিধায়কেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে আদৰণি

ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিত হোৱা উপ-নিৰ্বাচনত জয়লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হোৱা পাঁচগৰাকী নতুন বিধায়কে আজি শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নৱনিৰ্বাচিত বিধায়ককেইগৰাকীক শপতবাক্য পাঠ কৰোৱায়। শাসকীয় মিত্ৰজোঁটৰ পৰা নৱনিৰ্বাচিত এই বিধায়কসকলক অভিনন্দন জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজিৰে পৰা গুৱাহাটীত পেৰা স্প’ৰ্টচ মীট, উদ্বোধন কৰিলে মন্ত্ৰী পীযূষ হাজৰীকাই

ভাৰতীয় পেৰালিম্পিক সমিতিৰ অধীনত অসম পেৰালিম্পিক সন্থাৰ সহযোগত যাদৱ চন্দ্ৰ ভূঞা মেমৰিয়েল ট্ৰাষ্ট, উদয়াচলৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে এই পেৰা স্প'ৰ্টচ মীট। উদ্বোধক হিচাপে উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰীকা।

‘অসমবাসীক অপমান কৰিছে’, জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সন্দৰ্ভত প্ৰিয়ংক খাৰ্গেৰ মন্তব্যৰ প্ৰতিবাদ বিজেপি বিধায়কৰ

Jagiroad semiconductor project : ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সন্দৰ্ভত কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গে কৰাৰ মন্তব্যৰ বিৰুদ্ধে মঙলবাৰে জাগীৰোডত বিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ২৭ হাজাৰ কোটি টকাৰ প্ৰকল্পটোৰ নিৰ্মাণস্থলীত এক প্ৰতিবাদী সমদল উলিয়াই বিজেপিয়ে ।

Pijush-Aimee Wedding Anniversary: বিবাহ বাৰ্ষিকী বিশেষভাবে উদযাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু আইমী বৰুৱাই

আজি মন্ত্ৰী পীযুষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাৰ বিবাহ বাৰ্ষিকী। ২০১১ চনৰ ১ অক্টোবৰত অভিনেত্ৰী আইমী বৰুৱা আৰু পীযুষ হাজৰিকাই বিবাহপাশত আৱদ্ধ হৈছিল।

পৰিয়ালৰ সৈতে স্বাধীনতা দিৱস উদযাপন মন্ত্ৰী পীযূষ হাজৰিকাৰ, সামাজিক মাধ্যমত পত্নীয়ে শ্বেয়াৰ কৰিলে ফটো

আজি দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস। অশেষ সংগ্ৰামৰ ফলশ্ৰুতিত ব্ৰিটিচৰ দুশ বছৰীয়া শাসনৰ অন্ত পেলাই দেশবাসীয়ে লাভ কৰিছিল স্বাধীনতা। আজিৰ এই স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিনটোত পৰিয়ালৰ সৈতেও কিছু সময় অতিবাহিত কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰিব লৈছে : পীযূষ হাজৰিকা

মিনি দিছপুৰত পৰিণত নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয় । কেবিনেট বৈঠকৰ বাবে উপস্থিত প্ৰতিজন মন্ত্ৰী-বিধায়ক।

ৰাজ্যৰ জল পৰিবহণ খণ্ডত নতুন সংযোজন, শীঘ্ৰে সম্পূৰ্ণ হ’ব গুৱাহাটী গেটৱে টাৰ্মিনেল

প্ৰথম অৱস্থাত ৫টাকৈ ঘাটলৈ চলিব জাহাজ। এই টাৰ্মিনেলটোৰ এতিয়ালৈ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। ২০২২ বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই টাৰ্মিনেলটো জুন মাহত সম্পূৰ্ণ হ'ব। ইয়াৰ পিছত গুৱাহাটী, উত্তৰ গুৱাহাটী আৰু মধ্যমখণ্ডৰ যাত্ৰীসকলে সুকলমে যাত্ৰা কৰিব পাৰিব।