6500mAh বেটাৰীৰ সৈতে আহি আছে Vivo T4x 5G, এই স্মাৰ্টফোনটোৰ দাম কিমান হ’ব ? জানক
Vivo কোম্পানীয়ে মুকলি কৰিব নতুন বাজেট স্মাৰ্টফোন Vivo T4x 5G। এই ফোনটো Vivo T3X 5G ফোনটোৰ উন্নীতকৰণ বুলি কোৱা হৈছে । আহক আমি এই শেহতীয়া Vivo ফোনটোৰ মূল্য, বিক্ৰীৰ তাৰিখ আৰু বৈশিষ্ট্যসমূহৰ বিষয়ে সবিশেষ জানোঁ ।

ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে Vivo কোম্পানীয়ে মুকলি কৰিব নতুন বাজেট স্মাৰ্টফোন Vivo T4x 5G। এই ফোনটো Vivo T3X 5G ফোনটোৰ উন্নীতকৰণ বুলি কোৱা হৈছে । আহক আমি এই শেহতীয়া Vivo ফোনটোৰ মূল্য, বিক্ৰীৰ তাৰিখ আৰু বৈশিষ্ট্যসমূহৰ বিষয়ে সবিশেষ জানোঁ ।
Vivo T4x 5G স্পেচিফিকেশন
এই Vivo ফোনটোত 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট সমৰ্থনৰ সৈতে 6.7 ইঞ্চি ফুল এইচডি প্লাছ স্ক্ৰীণ আছে । যিয়ে 1050 নিট পৰ্যন্ত শীৰ্ষ উজ্জ্বলতা সমৰ্থন কৰে।
গতি আৰু মাল্টিটাস্কিঙৰ বাবে এই শেহতীয়া স্মাৰ্টফোনটোত আছে মিডিয়াটেক ডাইমেনচন 7300 প্ৰচেছৰ। এই ফোনটোৱে AnTuTu ত ৭,২৮,০০০ লাখতকৈ অধিক স্ক’ৰ লাভ কৰিছে। AnTuTu Score হৈছে এক প্ৰকাৰৰ বেঞ্চমাৰ্ক স্ক’ৰ যিয়ে যিকোনো ফোনটোৰ সামগ্ৰিক পাৰফৰমেনচক প্ৰতিফলিত কৰে । ফোনটো টেষ্ট কৰাৰ পিছত এটা নম্বৰ দিয়া হয় আৰু নম্বৰটো যিমানেই বেছি হয় সিমানেই ফোনটো দ্ৰুত হয়।
এই শেহতীয়া Vivo ফোনটোৰ 6500 mAh বেটাৰী দিয়া হৈছে । ই 44 ৱাট ফাষ্ট চাৰ্জ সমৰ্থন কৰে। কোম্পানীটোৱে দাবী কৰিছে যে, এই ফোনটোৱে ৪০ ঘণ্টালৈকে ভিডিঅ’ প্লেবেক সমৰ্থন কৰে।
ফোনটোৰ পিছফালে 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰাৰ লগতে 2 মেগাপিক্সেল ডেপ্টথ কেমেৰাও দিয়া হৈছে। চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ফোনটোৰ সন্মুখত 8 মেগাপিক্সেলৰ কেমেৰা দিয়া হৈছে।
ভাৰতত Vivo T4x 5G মূল্য
Vivo ব্ৰেণ্ডৰ এই শেহতীয়া 5G স্মাৰ্টফোনৰ 6GB/ 128GB ভেৰিয়েণ্টৰ মূল্য ১৩,৯৯৯ টকা, 8GB/ 128GB ভেৰিয়েণ্টৰ মূল্য ১৪,৯৯৯ টকা আৰু শীৰ্ষ 8GB / 256GB ভেৰিয়েণ্টৰ মূল্য ১৬,৯৯৯ টকা। 8GB ভাৰ্চুৱেল ৰেমৰ সহায়ত ৰেম বৃদ্ধি কৰিব পাৰি । ইয়াৰ অৰ্থ হ’ল 8GB ভেৰিয়েণ্টত 8GB ভাৰ্চুৱেল ৰেমৰ সহায়ত ৰেম ১৬ জিবিলৈকে বৃদ্ধি কৰিব পাৰি।
কেতিয়াৰ পৰা আৰম্ভ হ’ব বিক্ৰী ?
এই ফোনটোৰ বিক্ৰী অহা ১২ মাৰ্চৰ পৰা Vivo ৰ অফিচিয়েল চাইটৰ লগতে ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টত আৰম্ভ হ’ব আৰু ১২ মাৰ্চত ১২,৯৯৯ টকাত এই ফোনটো ক্ৰয় কৰিব পাৰিব । কিন্তু এই অফাৰ মাত্ৰ এদিনৰ বাবে। এইচডিএফচি, এক্সিছ আৰু এছবিআই বেংক কাৰ্ডৰ সৈতে ৰেহাইৰ সুবিধা লাভ কৰিব।