শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তেঁতেলী পানীয়ে সঁচাকৈয়ে আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰেনে?

বহুতে নিজৰ ওজন নিয়ন্ত্ৰণৰ বাবে তেঁতেলী পানী খায় । কোৱা হয় তেঁতেলী পানীয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে। তেঁতেলী পানীয়ে সঁচাকৈয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰেনে? ই কিমান উপকাৰী?

তেঁতেলী পানীয়ে সঁচাকৈয়ে আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰেনে?
তেঁতেলী Image Credit source: GettyImage
manas-borah
Manas Borah | Published: 02 Aug 2025 11:21 AM

মেদবহুলতা বৰ্তমান সময়ত সকলোৰে ক্ষেত্ৰত সাধাৰণ হৈ পৰিছে। বহু জটিল ৰোগৰ মূল কাৰণ হৈছে মেদবহুলতা। সুস্থ জীৱন-যাপন কৰিবৰ বাবে ওজন নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। বেয়া খাদ্যভ্যাস, জীৱনশৈলীৰ বাবে আজিৰ দিনত প্ৰায় সংখ্যক লোকে মেদবহুলতা সমস্যাৰ সন্মুখীন হয়। এনে ক্ষেত্ৰত বহুতে নিজৰ ওজন নিয়ন্ত্ৰণৰ বাবে তেঁতেলী পানী খায় । কোৱা হয় তেঁতেলী পানীয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

খাদ্যাভ্যাস নিয়ন্ত্ৰণ আৰু ব্যায়াম কৰাৰ লগতে এনে সমস্যাৰ পৰা উপশম পাবলৈ তেঁতেলী পানী খোৱাৰ দৰে অন্য উপায় গ্ৰহণ কৰা দেখা যায়। এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক তেঁতেলী পানীয়ে সঁচাকৈয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰেনে? ই কিমান উপকাৰী?

ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেঁতেলী পানীৰ উপকাৰিতা

তেঁতেলী পানীত দ্ৰৱণীয় আঁহ থাকে। যিয়ে পেট ভৰি থকাত সহায় কৰে। ফলত অতিমাত্ৰা খাদ্য খোৱাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। যিয়ে পৰোক্ষভাৱে ওজন নিয়ন্ত্ৰণত সহায় কৰে বুলি কোৱা হয়।

তেঁতেলীত প্ৰচুৰ পৰিমাণে ফ্লেভনয়ড(flavonoid) থাকে। এই এন্টি অক্সিডেণ্টে শৰীৰৰ বিপাকীয় হাৰ বৃদ্ধি কৰাত সহায় কৰে। শৰীৰ জিৰণি লোৱাৰ সময়তো তেঁতেলীয়ে কেলৰি ভাঙি পেলোৱাৰ কাম কৰে।

তেঁতেলীয়ে হজম শক্তি বৃদ্ধি কৰে বুলি কোৱা হয়। ইয়াত ৰেচক উপাদান থাকে। যিয়ে কোষ্ঠকাঠিন্যৰ সমস্যা নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ উপৰিও পেট ফুলাৰ সমস্যাও নাইকিয়া কৰে।

তেঁতেলীয়ে শৰীৰৰ চৰ্বি জমা কৰাৰ ক্ষমতা হ্ৰাস কৰে লগতে দীৰ্ঘম্যাদীভাৱে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তদুপৰি তেঁতেলী পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে বুলি কোৱা হয়। যিয়ে ওজন কমাবলৈ সহায় কৰে।