শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আপোনাৰ ফোনৰ Password পাহৰিছে নেকি? এই পদ্ধতিৰে কৰক আনলক

অফ হৈ থাকিলে ফোনটো কেনেকৈ আনলক কৰিব? ইয়াৰ বাবে আপুনি এই সৰু সৰু কৌশলসমূহ অনুসৰণ কৰিব লাগিব, তাৰ পিছত আপোনাৰ ফোনটো খোল খাব।

আপোনাৰ ফোনৰ Password পাহৰিছে নেকি? এই পদ্ধতিৰে কৰক আনলক
আপোনাৰ ফোনৰ Password পাহৰিছে নেকি?
barasha-misra
Barasha Misra | Published: 26 Jul 2025 16:11 PM

পাছৱৰ্ড দিয়াৰ পিছত কেতিয়াবা পাহৰা যায় স্মাৰ্টফোনত দিয়া পাছৱৰ্ড। বহু সময়ত ফোনটোৰ পাছকোড সলনি কৰা হয় যদিও সোনকালে মনত ৰখাটো কঠিন হৈ পৰে। প্ৰায়ে আমি বন্ধু বা পৰিয়ালৰ ভয়ত পাছকোড সলনি কৰি থাকোঁ, যাৰ বাবে পাছকোড পাহৰি যোৱাটো স্বাভাৱিক হৈ পৰে। আচলতে প্ৰতিবাৰেই নতুন পাছকোডটো মনত ৰখাটো কঠিন। এনে পৰিস্থিতিত ফোনটো কেনেকৈ আনলক কৰিব? ইয়াৰ বাবে আপুনি এই সৰু সৰু কৌশলসমূহ অনুসৰণ কৰিব লাগিব, তাৰ পিছত আপোনাৰ ফোনটো খোল খাব।

এই কৌশলে সহায় কৰিব(আইফোন আৰু এণ্ড্ৰইড)

কম্পিউটাৰ ব্যৱহাৰ কৰি পাছকোডঃ মেক বা কম্পিউটাৰ উইণ্ড’জ ব্যৱহাৰ কৰি আপুনি আপোনাৰ আইফোনটো ৰিছেট কৰিব পাৰে। ইয়াৰ বাবে iTunes লৈ যাওক, ইয়াত আপোনাৰ আইফোনক ৰিকোভাৰী মোডত ৰাখক। ইয়াৰ পিছত iTunes ত পুনৰুদ্ধাৰ বিকল্প নিৰ্বাচন কৰক। ইয়াৰ ফলত আইফোনটো ৰিছেট হ’ব, নতুন পাছকোডো ব্যৱহাৰ কৰিব পাৰিব।

Gmailৰ সহায়ত আনলক কৰক ফোন : কেইবাবাৰো পাছৱৰ্ড পাহৰাৰ পাছতো যদি ফোনত পাছৱৰ্ড দিয়ে তেন্তে তাত ফৰগট পেটাৰ্ন অপচন আহিব। য’ত ক্লিক কৰিব লাগিব আপুনি। ইয়াৰ পিছত আপোনাৰ গুগল একাউণ্টৰ নাম আৰু পাছৱৰ্ড দি ছাইন ইন কৰিব লাগিব। তাৰ পিছত নতুন পাছৱৰ্ড দি আপুনি আনলক কৰিব পাৰিব আপোনাৰ ফোনটো।