গেছৰ সমস্যা দূৰ কৰাৰ কেইটামান ঘৰুৱা উপায়...

31 JULY 2025

TV9 ASSAM

Credits: Getty Images

আজিকালি বহুতে পেটত গেছ হোৱাৰ সমস্যাত ভোগে। ই এক সাধাৰণ কথা যদিও ই মানুহৰ অস্বস্তিত পেলায়। ইয়াৰ ফলত বমি ভাব, পেটত বিষ পৰ্যন্ত হ'ব পাৰে।

পেটত গেছ

কিন্তু কিছুমান এনে ঘৰুৱা উপায় আছে যাৰ সহায়ত আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব। ইয়াৰোপৰি দীৰ্ঘদিন সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

ঘৰুৱা উপায়

এক চামুচ আদাৰ ৰসক অলপ মৌ মিহলাই লওক। পাছত সেই খাওক। ইয়াৰ ফলত আপোনাৰ গেছৰ সমস্যা ঠিক হ'ব।

আদা

পানী উতলাই তাত পদিনাৰ পাত দিয়ক। পাছত কুহুমীয়া অৱস্থাত খাওক। ই পাচন প্ৰক্ৰিয়া ভাল কৰে আৰু গেছৰ সমস্যা কম হোৱাৰ সহায় কৰে।

পদিনা

এগিলাচ পানীত নেমু আৰু বেকিং চোডা মিহলাই লওক আৰু পাছত সেয়া খাওক। ইয়াৰোপৰি আপুনি পৰ্যাপ্ত পৰিমাণে পানী খাব পাৰে।

নেমু

নাৰিকল পানীয়ে পেট ঠাণ্ডা কৰি ৰাখে। গেছ হৈ থাকিল এই পানী খালে সমস্যাৰ পৰা লগে লগে পৰিত্ৰাণ পাব।

নাৰিকল পানী

এক চামুচ আজৱাইন আৰু অলপ ক'লা নিমখ গৰম পানীত মিহলাই খাব লাগে। ইয়াৰ ফলত লগে লগে সকাহ পোৱা যায়।

আজৱাইন

পঢ়িবলৈ ক্লিক কৰক 

যকৃতৰ সমস্যাৰ লক্ষণ