শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাস্তাত জাবৰ পৰি আছে নেকি? এই এপৰ জৰিয়তে দিয়ক অভিযোগ আৰু পাব সমাধান…

আপুনিও ৰাস্তাত জাবৰ পৰি থকা দেখা পাই নেকি? ইয়াৰ অভিযোগ কৰিব বিচাৰিও কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই নেকি? তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। যি ব্যৱহাৰ কৰি আপুনি অভিযোগ দাখিল কৰিব পাৰে।

ৰাস্তাত জাবৰ পৰি আছে নেকি? এই এপৰ জৰিয়তে দিয়ক অভিযোগ আৰু পাব সমাধান…
এপImage Credit source: Getty Images/Freepik
barasha-sarma
Barasha Sarma | Published: 13 Aug 2025 15:57 PM

ঘৰৰ ভিতৰত হওক বা বাহিৰত, জাবৰ জমা হৈ থকা দেখিলে প্ৰায় সকলোৰে খং উঠে। কিয়নো জাবৰে অঞ্চল এটাৰ সৌন্দৰ্যত প্ৰভাৱ পেলোৱাৰ লগতে স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি কৰিব পাৰে। কিন্তু আপুনি জানেনে, ৰাজপথত এনেদৰে জাবৰ পৰি থকা দেখিলে আপুনি অভিযোগ দিব পাৰে। ঘৰখন পৰিষ্কাৰ কৰি ৰখাটো যেনেকৈ আপোনাৰ দায়িত্ব, ঠিক সেইদৰে ৰাস্তাত জাবৰ দেখিলে অভিযোগ দাখিল কৰাটোও আপোনাৰ দায়িত্ব। কিন্তু বহুতে নাজানে এই অভিযোগ কেনেকৈ কৰিব পাৰি।

চৰকাৰী এটা এপ আছে, যিয়ে আপোনাক এই ক্ষেত্ৰত সহায় কৰিব পাৰে। এই এপটোৰ জৰিয়তে আপুৱি বিভিন্ন ধৰণৰ ৰিপোৰ্ট কৰিব পাৰে।

এপটোৰ নাম কি

এই এপটোৰ নাম হৈছে Swachhata-MoHUA, ই চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অফিচিয়েল এপ। এই এপটোৰ জৰিয়তে আপুনি জাবৰৰ তথ্য, মৃতদেহৰ তথ্য আদি অভিযোগ দাখিল কৰিব পাৰে। এই এপটো আপুনি ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে ব্যৱহাৰ কৰিব পাৰে।

এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে এই এপটো গুগল প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পাৰে। তাৰ পাছত আপুনি ইয়াক ইনষ্টল কৰি ল’ব। ইয়াৰ বিপৰীতে এপল ব্যৱহাৰকাৰীয়ে এই এপটো এপ ষ্টৰৰ পৰা ডানলোড কৰি ইনষ্টল কৰিব পাৰে। এপটো মোবাইলত ইনষ্টল কৰি লোৱাৰ পাছত আপুনি মোবাইল নম্বৰৰ সহায়ত লগ ইন কৰিব পাৰে। তাৰ পাছত জাবৰ, মৃত জীৱ-জন্তু, ৰাজহুৱা শৌচাগাৰ ইত্যাদি ৰেটিং আদি দিয়াৰ লগতে বহু কাম কৰিব পাৰে।

কেনেকৈ ব্যৱহাৰ কৰিব

  • গুগল বা এপল এপ ষ্টৰত লৈ এপটো ডাউনলোড কৰি লওক।
  • মোবাইল নম্বৰৰ জৰিয়তে অটিপি দি লগ ইন কৰক।
  • তাৰ পাছত হোমপেজত আহিব।
  • বহুত অপশ্যন দেখা পাব।
  • অভিযোগ দিয়াৰ বাবে Post a Complaint ত যাওক।
  • আপুনি বহুত বিকল্প দেখিব।
  • জাবৰৰ বিকল্প নিৰ্বাচন কৰিব।
  • উদাহৰণ স্বৰূপে ৰাস্তাত পৰি থকা জাবৰৰ অভিযোগ কৰাৰ বাবে Sweeping not Done ক্লিক কৰক।
  • পাছত ঠাই, বিভিন্ন তথ্য, ফটো দি আপলোড কৰিব।

 

অন্য খবৰ পঢ়কঃ ৰিচাৰ্জ নকৰাকৈ কিমান দিন সক্ৰিয় হৈ থাকে চিম? জানক নিয়ম…