মানচেষ্টাৰত পাকিস্তানী তাৰকাৰ অভিলেখ ভংগ কৰি গিলৰ ইতিহাস

26 July 2025

TV9 ASSAM

ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক হিচাপে দায়িত্ব লাভ কৰাৰ পিছৰ পৰাই ইংলেণ্ডৰ বিপক্ষে চলিত শৃংখলাত শুভমন গিলে দেখুৱাইছে চমক।

ফৰ্মত গিল

ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া মেচৰ এই টেষ্ট শৃংখলাত প্ৰথমখন মেচৰ পৰাই ধাৰাবাহিকতা দেখুৱাই কেইবাটাও অভিলেখৰ গঢ়িছে গিলে।

নানা অভিলেখ

এই শৃংখলাৰ প্ৰথম আৰু দ্বিতীয় মেচত গিলে ৩টা শতক অৰ্জন কৰিছিল যদিও লৰ্ডছত অনুষ্ঠিত তৃতীয় মেচত তেওঁ ব্যৰ্থ হয়।

শতক

মানচেষ্টাৰত হৈ থকা চতুৰ্থ টেষ্টৰ প্ৰথম ইনিংছতো তেওঁ ব্যৰ্থ হয় যদিও দ্বিতীয় ইনিংছত প্ৰত্যাৱৰ্তন ঘটাই গিলে আন এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

মানচেষ্টাৰ টেষ্ট

ভাৰতীয় অধিনায়কগৰাকী এতিয়া ইংলেণ্ডত এটা টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰা এছিয়ান বেটছমেন হিচাপে পৰিগণিত হৈছে।

সৰ্বাধিক ৰান

এইপৰ্যন্ত গিলে ৫৯ ৰান কৰি বেটিং কৰি আছে। শৃংখলাত তেওঁৰ এতিয়ালৈকে সংগ্ৰহ কৰিছে ৬৭৮ ৰান।

অৰ্ধশতক

ভাৰতীয় বেটছমেনগৰাকীয়ে এই ক্ষেত্ৰত পাকিস্তানৰ প্ৰাক্তন তাৰকা ইউনিছ খানৰ অভিলেখ ভংগ কৰে। ইউনিছে ২০০৬ চনত ৭টা ইনিংছত ৬৩১ ৰান সংগ্ৰহ কৰিছিল।

অভিলেখ ভংগ

পঢ়িবলৈ ক্লিক কৰক 

হালধি মিহলি গাখীৰৰো আছে অপকাৰিতা!