শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সন্দেহযুক্ত নাগৰিকৰ বেদখল সহ্য নকৰে চৰকাৰে, স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰীৰ

সন্দেহযুক্ত নাগৰিকৰ বেদখল সহ্য নকৰে চৰকাৰে, স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰীৰ

Raj Saikia
Raj Saikia | Published: 26 Jul 2025 21:59 PM

শুকুৰবাৰে চামগুৰিৰ ৰাজহ চক্ৰ বিষয়াই খাটোৱাল মৌজাৰ অন্তৰ্গত বেলগুৰি কছাৰী গাঁৱৰ একাংশ লোকক ঠাই খালী কৰিবলৈ জাৰি কৰিছে জাননী।

নগাঁৱৰ চামগুৰি জিলাত উচ্ছেদ চলোৱাৰ বাবে সাজু হৈছে প্ৰশাসন। শুকুৰবাৰে চামগুৰিৰ ৰাজহ চক্ৰ বিষয়াই খাটোৱাল মৌজাৰ অন্তৰ্গত বেলগুৰি কছাৰী গাঁৱৰ একাংশ লোকক ঠাই খালী কৰিবলৈ জাৰি কৰিছে জাননী। চৰকাৰী সূত্ৰ অনুসৰি, বেদখলত চৰকাৰী “চৰণীয়া সংৰক্ষিত ভূমি” হিচাপে নিৰ্ধাৰণ কৰা একাধিক ভূমি চিহ্নিত কৰা হৈছে, বিশেষকৈ জৰীপৰ অধীনত ডাগ নম্বৰ ৩, ৫২৮, ৫০৬, ৫০৫, আৰু ৬০৪ ত বেদখল চলাৰ অভিযোগ উঠিছে। ৰাজহুৱা ব্যৱহাৰ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে নিৰ্ধাৰিত এই মাটিসমূহ স্থানীয় বসতিপ্ৰধান লোকে অবৈধভাৱে কৃষি কাৰ্যৰ বাবে ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে।

জাননীখনত আৰু কোৱা হৈছে যে নিয়ম মানি নচলাৰ বাবে চৰকাৰী নীতি-নিয়ম আৰু আইনী বিধান অনুসৰি উচ্ছেদ কৰা হ’ব। বেদখলকাৰীয়ে স্বেচ্ছাই ঠাই খালী নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কৰ্তৃপক্ষই সকীয়াই দিছে।

ইফালে উচ্ছেদ চলিব বুলি খবৰ ওলোৱাৰ পাছতেই গোলাঘাটৰ উৰিয়ামঘাটৰ পৰা টালি-টোপোলা বান্ধি আন ঠাইলৈ ঢাপলি মেলা দেখা গৈছে একাংশ লোকক। চৰ্চিত খবৰ অনুসৰি উৰিয়ামঘাটৰ পৰা বহু লোকে নগাঁৱৰ কেতবোৰ অঞ্চললৈ গতি কৰিছে। বেদখলকাৰীয়ে স্বেচ্ছাই স্থান এৰি গ’লে উৰিয়ামঘাটত উচ্ছেদ স্থগিত ৰাখিব বুলিও উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে।