শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
প্ৰধানমন্ত্ৰীৰ মালদ্বীপ ভ্ৰমণৰ পৰা ACS বিষয়াক বৰ্খাস্তলৈ, দিনটোৰ শীৰ্ষ খবৰ

প্ৰধানমন্ত্ৰীৰ মালদ্বীপ ভ্ৰমণৰ পৰা ACS বিষয়াক বৰ্খাস্তলৈ, দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 25 Jul 2025 23:46 PM

শুকুৰবাৰে মালদ্বীপৰ মালেত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুৱে প্ৰধানমন্ত্ৰী মোদীক সাৱটি ধৰি আদৰণি জনায়। দেশখনৰ স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নৰেন্দ্ৰ মোদী।

দুদিনীয়া ব্ৰিটেইন ভ্ৰমণ সমাপ্ত কৰি শুকুৰবাৰে মালদ্বীপৰ মালেত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুৱে প্ৰধানমন্ত্ৰী মোদীক সাৱটি ধৰি আদৰণি জনায়। ইয়াৰ উপৰিও দেশৰ বৈদেশিক মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰী আৰু গৃহ সুৰক্ষা মন্ত্ৰীয়েও প্ৰধানমন্ত্ৰীক আদৰণি জনায়। মালদ্বীপৰ স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নৰেন্দ্ৰ মোদী।

চাকৰি ঘূৰাই পোৱাৰ পথ ৰুদ্ধ হ’ল ৰাকেশ পালৰ দিনত বক্ৰ পথৰে চাকৰি লোৱা ২৯ গৰাকী ACS বিষয়াৰ। এই ২৯ ACS ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ কঠোৰ সিদ্ধান্ত। দ্বিতীয়বাৰৰ বাবে পুনৰ বৰ্খাস্ত কৰা হয় ২৯ গৰাকী বিষয়াক। ৰাকেশ পাল বাহিনীৰ দিনত বক্ৰপথেৰে চাকৰি লৈছিল ২৯ বিষয়াই। ২০ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ পিছত, বিভাগীয় তদন্ত কৰি পুনৰবাৰ চাকৰি পৰাৰ বৰ্খাস্ত কৰা হয় ACS বিষয়াসকলক।

চাওক দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ…