26 July 2025
TV9 ASSAM
Photos Credit: Getty Images/freepix
প্ৰস্ৰাৱ পৰীক্ষাত প্ৰস্ৰাৱৰ নমুনা লৈ শৰীৰৰ পৰিৱৰ্তন আৰু ৰোগৰ লক্ষণসমূহ পৰীক্ষা কৰা হয়। ই স্বাস্থ্য পৰীক্ষাৰ সহজ উপায়।
নিয়মীয়া স্বাস্থ্যৰ পৰীক্ষাত প্ৰস্ৰাৱ পৰীক্ষা কৰিলে শৰীৰৰ অভ্যন্তৰীণ অৱস্থাৰ কথা জানিব পাৰি আৰু প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ ধৰা পৰে।
প্ৰস্ৰাৱ পৰীক্ষাত কিডনীৰ কাৰ্যক্ষমতা জানিব পাৰি। এই পৰীক্ষা কিডনীয় সঠিকভাৱে কাম কৰি আছে নে নাই জানিব পাৰি।
এই পৰীক্ষাৰ বাবে প্ৰস্ৰাৱ সংক্ৰমণ(UTI)ৰ চিকিৎসা সময়মতে কৰিব পাৰি। ই চিকিৎসকক অধিক সহায় কৰে।
প্ৰস্ৰাৱত থকা গ্লুক'জ আৰু কিট'নৰ পৰিমাণে ডায়েবেটিছ আৰু তেজৰ চুগাৰৰ ভাৰসাম্যহীনতা ধৰা পেলোৱাত সহায় কৰে।
গৰ্ভাৱস্থাত প্ৰস্ৰাৱ পৰীক্ষা কৰিছে প্ৰটিন, চুগাৰ আৰু সংক্ৰমণ ধৰা পৰে। ইয়াৰ ফলত মাতৃ আৰু সন্তানৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰখাত সহায়ক হয়।
এই পৰীক্ষাই লিভাৰ আৰু বিপাকীয় ক্ৰিয়াৰ সৈতে জড়িত ৰোগ ধৰা পেলায়। গতিকে প্ৰস্ৰাৱ পৰীক্ষা চিকিৎসাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।
পঢ়িবলৈ ক্লিক কৰক