আপোনাৰ হৃদযন্ত্ৰৰ সুৰক্ষা দিব পতঞ্জলিয়ে, এই ঔষধৰ ব্যৱহাৰে দিব সুফল
সময়মতে যত্ন ল’ব নোৱাৰিলে হৃদৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰে আৰু ইয়াৰ ফলত হৃদযন্ত্ৰৰ কাম-কাজত যথেষ্ট প্ৰভাৱ পৰিব পাৰে। হৃদযন্ত্ৰক শক্তিশালী কৰি তোলা আৰু ইয়াৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰিব পৰা বহু বনৌষধিৰ বিষয়ে আয়ুৰ্বেদত উল্লেখ আছে। পতঞ্জলিৰ এবিধ ঔষধ এইক্ষেত্ৰত অত্যন্ত ফলপ্ৰসূ বিবেচিত হৈছে।

সাম্প্ৰতিক সময়ত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰধান্তঃ অস্বাস্থ্যকৰ জীৱনশৈলী, মানসিক চাপ, হাই কলেষ্টৰেল, ৰক্তচাপ, ধূমপান, প্ৰদূষণ আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেই এনে সমস্যা অধিক হোৱা দেখিবলৈ পোৱা গৈছে। সময়মতে যত্ন ল’ব নোৱাৰিলে হৃদৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰে আৰু ইয়াৰ ফলত হৃদযন্ত্ৰৰ কাম-কাজত যথেষ্ট প্ৰভাৱ পৰিব পাৰে। হৃদযন্ত্ৰক শক্তিশালী কৰি তোলা আৰু ইয়াৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰিব পৰা বহু বনৌষধিৰ বিষয়ে আয়ুৰ্বেদত উল্লেখ আছে।
হৃদযন্ত্ৰক অধিক শক্তিশালী তথা কাৰ্যক্ষম কৰি তুলিব পৰা এনে এবিধ আয়ুৰ্বেদিক ঔষধ হৈছে পতঞ্জলিৰ হৃদয়ামৃত। এই ঔষধ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। পতঞ্জলি গৱেষণা প্ৰতিষ্ঠানৰ অধ্যয়ন অনুসৰি হৃদৰোগ নিয়ন্ত্ৰণত এই ঔষধ অত্যন্ত ফলপ্ৰসূ। হৃদৰোগ কেৱল হৃদযন্ত্ৰৰ মাজতে সীমাবদ্ধ নহয়, সমগ্ৰ শৰীৰকে হৃদৰোগে প্ৰভাৱিত কৰে।
যেতিয়া হৃদযন্ত্ৰই সঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰে, তেতিয়া অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থ দেহৰ অংগসমূহলৈ যাব নোৱাৰে। ইয়াৰ ফলত ভাগৰুৱা অনুভৱ, উশাহ-নিশাহৰ কষ্ট, বুকুৰ বিষ আৰু দুৰ্বলতা আদি সমস্যাৰ সৃষ্টি হয়। দীৰ্ঘদিনলৈ এনে সমস্যাক আওকাণ কৰিলে হাৰ্ট এটেক, ষ্ট্ৰোক আৰু হাৰ্ট ফেইলাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
তদুপৰি বৃক্ক, মগজু আৰু হাওঁফাওঁতো হৃদৰোগৰ চিন্তনীয় প্ৰভাৱ পৰিব পাৰে। অবিৰতভাৱে তেজৰ সোঁতত বাধা পৰিলে শৰীৰৰ ডিটক্স প্ৰক্ৰিয়া লেহেমীয়া হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়। সেয়ে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি সময়মতে চিকিৎসা গ্ৰহণ কৰিব লাগে। এইক্ষেত্ৰত পতঞ্জলিৰ হৃদয়ামৃত অতি উপকাৰী বিবেচিত হ’ব পাৰে।
হৃদয়ামৃত ভাটিত কেইবাবিধো হৃদযন্ত্ৰৰ উপকাৰী বনৌষধি থাকে। ইয়াৰ মূল উপাদানসমূহ হ’ল অৰ্জুন গছৰ বাকলি, অশ্বগন্ধা, শংখপুষ্পী, ব্ৰাহ্মী, পুষ্কৰমুল আৰু জটামনচি আদি। অৰ্জুন গছৰ বাকলিয়ে হৃদযন্ত্ৰ শক্তিশালী কৰে আৰু তেজৰ সোঁত উন্নত কৰে। অশ্বগন্ধাই মানসিক চাপ হ্ৰাস কৰি হৃদযন্ত্ৰৰ চাপ কমায়। শংখপুষ্পী আৰু ব্ৰাহ্মীয়ে মানসিক শান্তি অনাৰ লগতে টোপনিৰ উন্নতি সাধন কৰে, যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য উপকৃত হয়।
একেদৰে পুষ্কৰমুলে ৰক্ত সঞ্চালন নিয়ন্ত্ৰণত সহায় কৰে আৰু জটামনচিয়ে হৃদস্পন্দন নিয়মীয়া কৰি ৰাখে। এই সকলোবোৰৰ সমন্বিত প্ৰভাৱেৰে হৃদয়ামৃত ভাটিয়ে হৃদযন্ত্ৰক শক্তিশালী কৰে, কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰৰ কাম-কাজ উন্নত কৰে। নিয়মীয়াকৈ এই ঔষধ গ্ৰহণ কৰিলে শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি পায়, মানসিক চাপ কমায় আৰু সামগ্ৰিক স্বাস্থ্যৰো উন্নতি সাধন কৰে।
কেনেকৈ ব্যৱহাৰ কৰিব পতঞ্জলিৰ এই ঔষধ–
এই ঔষধ চিকিৎসকৰ পৰামৰ্শ মতে খাব লাগে।
সাধাৰণতে ১-২ টা টেবলেট পুৱা আৰু গধূলি কুহুমীয়া পানীৰ সৈতে খাব পাৰি।
স্বাস্থ্যসন্মত খাদ্য আৰু ব্যায়ামৰ লগতে এই ঔষধ ব্যৱহাৰ কৰক।
সুৰা, ধূমপান আৰু জাংক ফুডৰ পৰা আঁতৰি থাকক।
গৰ্ভৱতী আৰু সন্তানক গাখীৰ খুৱাই থকা মহিলাসকলে গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।