এইসকল লোকৰ বাবে উপকাৰী নহয় হালধি মিহলি গাখীৰ

26 July 2025

TV9 ASSAM

গাখীৰ আৰু হালধি, এই দুয়োটা সামগ্ৰী শৰীৰৰ বাবে অতি উপকাৰী। দুয়োটা বস্তু একেলগে মিহলি কৰি খালে শৰীৰৰ উপকাৰ দুগুণ হয়।

হালধি-গাখীৰ

বহু লোকে প্ৰতি নিশা হালধি মিহলি গাখীৰ খায়। ইয়াৰ বহু উপকাৰ আছে। অৱশ্যে একাংশ লোকে হালধি মিহলি গাখীৰ খোৱাটো উচিত নহয়।

অভ্যাস

যিসকলৰ ফেটি লিভাৰ, হেপাটাইটিছ বা যকৃতৰ লগত জড়িত অন্যান্য সমস্যা আছে, তেওঁলোকে হালধি মিহলি গাখীৰ বেছিকৈ পান কৰা ভাল নহয়।

যকৃতৰ সমস্যা

বিশেষজ্ঞসকলৰ মতে, হালধি মিহলি গাখীৰে তেজৰ চেনিৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

ডায়েবেটিছ

অতিৰিক্তভাৱে হালধিৰ গাখীৰ পান কৰিলে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বৃক্কত পাথৰ হোৱা লোকে সেয়ে এই পানীয় পান নকৰাটো ভাল।

বৃক্কত পাথৰ

হালধি মিহলি গাখীৰ খালে বহুলোকে পেটৰ বিষ অনুভৱ কৰে। কিছুলোকে গেছৰ সমস্যাত ভোগে। কাৰণ হালধি যথেষ্ট গৰম বাবে সকলোৰে বাবে উপযোগী নহয়।

পেটৰ সমস্যা

বহু লোকৰ হালধি মিহলি গাখীৰ খালে এলাৰ্জী হ’ব পাৰে। তেনে ক্ষেত্ৰত ছালৰ ফোহা, খজুৱতি আদি হ’ব পাৰে। তেনে ক্ষেত্ৰত হালধি মিহলি গাখীৰ খোৱাটো ভাল নহয়।

এলাৰ্জী

এই প্ৰতিবেদনত উল্লেখিত দিশসমূহ স্বাস্থ্য সম্পৰ্কীয় তথ্যৰ পৰা আহৰণ কৰা হৈছে। এই ক্ষেত্ৰত TV9 Assam-এ নিজা কোনো মত প্ৰকাশ কৰা নাই।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

কলপাতত আহাৰ খোৱাৰ উপকাৰিতা