PM Narendra Modi: একেৰাহে প্ৰধানমন্ত্ৰী, ইন্দিৰা গান্ধীক চেৰাই দ্বিতীয় স্থানত নৰেন্দ্ৰ মোদী
ইতিমধ্যে প্ৰধানমন্ত্ৰী হিচাপে ৪ হাজাৰ ৭৮ দিন সম্পূৰ্ণ কৰিছে মোদীয়ে। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো অতিক্ৰম কৰিছে।
দেশৰ একেৰাহে দ্বিতীয় সৰ্বোচ্চ কালৰ প্ৰধানমন্ত্ৰী হ’ল মোদী। অতিক্ৰম কৰিলে ইন্দিৰা গান্ধীক। মোদী হৈছে সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী হোৱা ভাৰতৰ দ্বিতীয়জন নেতা। ইতিমধ্যে প্ৰধানমন্ত্ৰী হিচাপে ৪ হাজাৰ ৭৮ দিন সম্পূৰ্ণ কৰিছে মোদীয়ে। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো অতিক্ৰম কৰিছে। কিন্তু চাবলৈ গ’লে সামগ্ৰিকভাৱে ইন্দিৰা গান্ধীৰ কাৰ্যকাল মোদীতকৈ এতিয়াও অধিক।
ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে ৪০৭৭ দিন সম্পূৰ্ণ কৰিছিল। ১৯৬৬ চনৰ ২৪ জানুৱাৰীৰ পৰা ১৯৭৭ চনৰ ২৪ মাৰ্চলৈ অবিৰতভাৱে ৪০৭৭ দিন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ইন্দিৰা গান্ধীয়ে। বিপৰীতে শুকুৰবাৰে একেৰাহে ৪০৭৮ দিনৰ কাৰ্যকাল সম্পূৰ্ণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
কিন্তু এতিয়াও মোদীতকৈ আগত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। নেহৰুৱে ৩ টা লোকসভা নিৰ্বাচনত নিজৰ দলৰ নেতৃত্বত জয়লাভ কৰিছিল। ইতিমধ্যে তেওঁৰ হাতত একেৰাহে ৩ বাৰকৈ দলটোক জয়ৰ অভিলেখ আছে। প্ৰধানমন্ত্ৰী হিচাপে ৬১৩০ দিন দেশৰ সেৱা কৰিছিল জৱাহৰলাল নেহৰুৱে। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৬৪ চনৰ ২৭ মে’লৈ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছিল নেহৰু। তেওঁ কাৰ্যকাল ১৬ বছৰ ৯ মাহ ১২ দিন চলিছিল।