স্পষ্ট হ’ল প্লে’ অফৰ সম্পূৰ্ণ দৃশ্যঃ কোনে কেতিয়া আৰু কাৰ বিপক্ষে খেলিব প্লে’ অফৰ মেচ, চাওক সম্পূৰ্ণ সমীকৰণ

লক্ষ্ণৌৰ বিপক্ষে আৰচিবিৰ জয়ৰ লগে লগে নিশ্চিত হৈ পৰে আই পি এল ২০২৫ৰ প্লে’ অফ পৰ্যায়ৰ সম্পূৰ্ণ দৃশ্য। প্ৰতিযোগিতা লাহে লাহে আগবঢ়াৰ সমান্তৰালকৈ প্লে’ অফক লৈও অনুৰাগীৰ মাজত জল্পনা-কল্পনা আৰম্ভ হৈছিল। কোনকেইটা দলে প্লে’ অফত স্থান নিশ্চিত কৰিব, সেই লৈ চলিছিল ব্যাপক চৰ্চা। অৱশেষত এই সকলো চৰ্চাৰ ওৰ পৰিছে আৰু প্লে’ অফৰ সমীকৰণো স্পষ্ট হৈ পৰিছে।

স্পষ্ট হ’ল প্লে’ অফৰ সম্পূৰ্ণ দৃশ্যঃ কোনে কেতিয়া আৰু কাৰ বিপক্ষে খেলিব প্লে’ অফৰ মেচ, চাওক সম্পূৰ্ণ সমীকৰণ

স্পষ্ট আই পি এল ২০৫ৰ প্লে’ অফৰ সমীকৰণ

Published: 

28 May 2025 00:47 AM

মঙলবাৰে অন্ত পৰিল আই পি এল ২০২৫ৰ লীগ পৰ্যায়। প্ৰতিযোগিতাৰ অন্তিমখন লীগ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে দুৰন্ত প্ৰদৰ্শনেৰে লক্ষ্ণৌ চুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে। আৰচিবিৰ এই জয়ৰ প্ৰধান নায়ক হৈ পৰে দলটোৰ ভাৰপ্ৰাপ্ত অধিনায়ক জিতেশ শৰ্মা। মেচখনত প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে অধিনায়ক ঋষভ পণ্টৰ চমকপ্ৰদ শতকৰ সহায়ত সংগ্ৰহ কৰিছিল ২২৭ ৰান। এই বৃহৎ লক্ষ্যও পিছে কোহলী আৰু জিতেশৰ অৰ্ধশতকৰ সহায়ত সহজেই অতিক্ৰম কৰে।

আৰচিবিৰ এই জয়ৰ লগে লগে নিশ্চিত হৈ পৰে আই পি এল ২০২৫ৰ প্লে’ অফ পৰ্যায়ৰ সম্পূৰ্ণ দৃশ্য। প্ৰতিযোগিতা লাহে লাহে আগবঢ়াৰ সমান্তৰালকৈ প্লে’ অফক লৈও অনুৰাগীৰ মাজত জল্পনা-কল্পনা আৰম্ভ হৈছিল। কোনকেইটা দলে প্লে’ অফত স্থান নিশ্চিত কৰিব, সেই লৈ চলিছিল ব্যাপক চৰ্চা। অৱশেষত এই সকলো চৰ্চাৰ ওৰ পৰিছে আৰু প্লে’ অফৰ সমীকৰণো স্পষ্ট হৈ পৰিছে।

লক্ষ্ণৌৰ বিপক্ষে জয়ৰ ফলত আৰচিবি পইণ্ট তালিকাৰ শীৰ্ষস্থানলৈ উন্নীত হয়। ইয়াৰ লগে লগে দলটোৱে প্ৰথমখন কোৱালিফায়াৰত স্থান নিশ্চিত কৰে। আৰচিবিৰ এই জয়ৰ প্ৰভাৱ পইণ্ট তালিকাৰ শীৰ্ষ চাৰিত থকা আন এটা দল গুজৰাট টাইটানছৰ ওপৰতো পৰে। আৰচিবি বনাম লক্ষ্ণৌৰ মেচৰ ফলাফলৰ পূৰ্বে গুজৰাটো আছিল প্ৰথম কোৱালিফায়াৰৰ অন্যতম দাবীদাৰ।

উল্লেখ্য যে প্ৰতিযোগিতাৰ নিয়ম অনুসৰি লীগ পৰ্যায়ৰ শীৰ্ষৰ দুটা দলে প্ৰথম কোৱালিফায়াৰত আৰু তৃতীয়-চতুৰ্থ স্থানৰ দল দুটাই এলিমিনেটৰ মেচত খেলিব লাগে। মঙলবাৰৰ অন্তিম মেচৰ সময়লৈ পইণ্ট তালিকাত পঞ্জাৱ শীৰ্ষস্থানত থকাৰ বিপৰীতে গুজৰাট আছিল দ্বিতীয় স্থানত। কিন্তু লক্ষ্ণৌৰ বিপক্ষে জয়ৰ পিছত আৰচিবি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয় আৰু এইদৰে প্ৰথম কোৱালিফায়াৰত স্থান নিশ্চিত কৰে।

ইতিমধ্যে সোমবাৰে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি পঞ্জাৱ কিংছে শীৰ্ষ দুটা স্থানত থকাটো নিশ্চিত কৰি তুলিছিল আৰু এইদৰে প্ৰথমেই প্ৰথম কোৱালিফায়াৰ খেলিব লগা প্ৰথমটো দল ৰূপে স্পষ্ট হৈ পৰিছিল। অৰ্থাৎ এতিয়া প্ৰথম কোৱালিফায়াৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছে প্ৰতিদ্বন্দিতা আগবঢ়াব। অহা ২৯ মে’ত চণ্ডীগড়ত অনুষ্ঠিত হ’ব এই মেচখন।

প্ৰথম কোৱালিফায়াৰত জয়ী হোৱা দলটোৱে পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব। আনহাতে এই মেচত পৰাস্ত হোৱা দলটোৱে দ্বিতীয় কোৱালিফায়াৰৰ ৰূপত আন এক সুযোগ লাভ কৰিব। ইফালে লীগ পৰ্যায়ত তৃতীয় আৰু চতুৰ্থ স্থানত থকাৰ সূত্ৰে ক্ৰমে গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছে এলিমিনেটৰ মেচ খেলিব। এই মেচখন ৩০ জুনত চণ্ডীগড়তে অন্তুষ্ঠিত হ’ব।

এলিমিনেটৰ মেচত জয়ী হোৱা দলটোৱে দ্বিতীয় কোৱালিফায়াৰ মেচৰ বাবে যোগোতা অৰ্জন কৰিব। আনহাতে এলিমিনেটৰত পৰাস্ত হোৱা দলটোৱে পোনে পোনে প্ৰতিযোগিতাৰ পৰা বিদায় ল’ব। দ্বিতীয় কোৱালিফায়াৰ মেচখন ১ জুনত আহমেদাবাদত অনুষ্ঠিত হ’ব। প্ৰথম কোৱালিফায়াৰত পৰাস্ত হোৱা দল আৰু এলিমিনেটৰত জয়ী হোৱা দলটোৰ মাজত অনুষ্ঠিত হ’ব এই মেচখন।

ইয়াৰ পিছতে এই মেচখনত জয়ী হোৱা দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব আৰু প্ৰথম কোৱালিফায়াৰত জয়েৰে ইতিমধ্যেই ফাইনেলত প্ৰৱেশ কৰা দলটোৰ সন্মুখীন হ’ব। যিহেতু আৰচিবি আৰু পঞ্জাৱে প্ৰথম কোৱালিফায়াৰ মেচ খেলিব, তেনে পৰিস্থিতিত ফাইনেলতো দল দুটা সন্মুখীন হোৱাৰ সম্ভাৱনা নথকা নহয়। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৩ জুনত ফাইনেল মেচ অনুষ্ঠিত হ’ব।

কিডনীত পাথৰ হোৱাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা উপায়...যত্ন লওক এইদৰে
বুমৰাহেও ল’ব নেকি অৱসৰ! ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে এনে মন্তব্যক লৈ চলিছে চৰ্চা…
পঞ্জাৱৰ বিপক্ষে জয়ৰ পিছতে আৰচিবিৰ নায়কৰ হুংকাৰ, স্পষ্টকৈ ক’লে ‘৩ জুনত…..’
ওজন হ্ৰাসৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে, জানক ৰঙালাওৰ উপকাৰিতা...