মানচেষ্টাৰত আজিৰ পৰা মৰণপণ যুঁজত ভাৰতঃ কুম্বলেৰ সৈতে বিশেষ মিল থকা খেলুৱৈৰ আজি ঘটিব অভিষেক
মানচেষ্টাৰত আজিৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্ট। ভাৰতীয় দলৰ হৈ আজি মানচেষ্টাৰত অভিষেক ঘটিব এগৰাকী যুৱ খেলুৱৈৰ। উল্লেখ্য যে এই যুৱ খেলুৱৈগৰাকীৰ ভাৰতৰ প্ৰাক্তন তাৰকা তথা কিংবদন্তি স্পিনাৰ অনিল কুম্বলেৰ সৈতে আছে বিশেষ মিল।

মানচেষ্টাৰত আজিৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্ট। কিছুসময়ৰ পিছতে খেলপথাৰত নামিব দুয়োদলৰ খেলুৱৈ। ইতিমধ্যে দুয়ো দলৰ অধিনায়কদ্বয় শুভমন গিল আৰু বেন ষ্ট’কছৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ ঘৰুৱা দল ইংলেণ্ডৰ অধিনায়ক ষ্ট’কছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই টেষ্টখনত দুয়োটা দলৰে মূল একাদশত কিছু পৰিৱৰ্তন পৰিলক্ষিত হ’ব। বিশেষকৈ ভাৰতীয় দলত এই পৰিৱৰ্তন বিশেষভাৱে লক্ষণীয় হ’ব।
ভাৰতীয় দলৰ হৈ আজি মানচেষ্টাৰত অভিষেক ঘটিব এগৰাকী যুৱ খেলুৱৈৰ। সাধাৰণতে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ ভিতৰত টেষ্ট ক্ৰিকেটক এক বিশেষ মান্যতা প্ৰদান কৰা হয়। এতিয়া এই ফৰ্মেটৰ জৰিয়তেই জাতীয় দলৰ হৈ অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰিছে যুৱ পেচাৰ অংশুল কম্বোজে। আঘাতৰ বাবে পেচাৰ আকাশ দীপ বাদ পৰাৰ পিছত তেওঁৰ স্থানত অন্তৰ্ভুক্ত হৈছে অংশুল।
উল্লেখ্য যে এই যুৱ পেচাৰগৰাকীৰ ভাৰতৰ প্ৰাক্তন তাৰকা তথা কিংবদন্তি স্পিনাৰ অনিল কুম্বলেৰ সৈতে আছে বিশেষ মিল। ১৯৯০ চনত মানচেষ্টাৰতে ভাৰতীয় দলৰ হৈ অভিষেক ঘটাইছিল অনিল কুম্বলেই। এতিয়া কুম্বলেৰ দৰেই মানচেষ্টাৰত অভিষেক ঘটাব অংশুল কম্বোজে। লগতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দুয়োৰে নামত আছে এটা ইনিংছত ১০ উইকেট দখলৰ অসামান্য কৃতিত্ব।
১৯৯৯ চনৰ ৭ ফেব্ৰুৱাৰীত দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে টেষ্ট ইনিংছত ১০টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল অনিল কুম্বলেই। আনহাতে বিগত ছিজনৰ ৰঞ্জী ট্ৰফীত কেৰালাৰ বিৰুদ্ধে এটা ইনিংছত ১০ উইকেট দখলৰ ঐতিহাসিক সফলতা লাভ কৰিছিল কম্বোজে। এতিয়া ইংলেণ্ডৰ মাটিত কম্বোজে স্বাভাৱিকতেই নিজৰ অভিষেক স্মৰণীয় কৰি তুলিব বিচাৰিব।
কম্বোজৰ অন্তৰ্ভুক্তিৰ লগতে ভাৰতীয় দলত আন দুটা পৰিৱৰ্তন দেখবলৈ পোৱা গৈছে। প্ৰথম তিনিখন টেষ্টত ব্যৰ্থ হোৱা কৰুণ নায়াৰক বাদ দিয়া হৈছে মূল একাদশৰ পৰা। তেওঁৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছে ছাই সুদৰ্শনক। আনহাতে অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী শৃংখলাৰ পৰা বাহিৰ হোৱাৰ বাবে তেওঁৰ স্থানত সুযোগ দিয়া হৈছে শ্বাৰ্দুল ঠাকুৰক।
ইফালে ইংলেণ্ড দলতো এটা পৰিৱৰ্তন দেখা গৈছে। আঘাতৰ বাবে স্পিনাৰ ছোৱেইব বছিৰ বাহিৰ হোৱাৰ বাবে তেওঁৰ স্থানত অন্তৰ্ভুক্ত হৈছে লিয়াম ড’ছন। উল্লেখ্য যে পাঁচখনীয়া মেচৰ এই শৃংখলাত ইংলেণ্ডে এইপৰ্যন্ত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। এনে পৰিস্থিতিত শৃংখলা জয় অথবা ড্ৰ’ৰ আশা জীয়াই ৰাখিবলৈ হ’লে মানচেষ্টাৰ টেষ্টত জয় অনিবাৰ্য ভাৰতৰ বাবে।
মানচেষ্টাৰ টেষ্টত দুয়ো দলৰ মূল একাদশ-
ভাৰতঃ যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ছাই সুদৰ্শন, শুভমন গিল (অধিনায়ক), ঋষভ পণ্ট, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, শ্বাৰ্দুল ঠাকুৰ, অংশুল কম্বোজ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ।
ইংলেণ্ডঃ জেক ক্ৰ’লি, বেন ডাকেট, অলি পোপ, জ’ ৰুট, হেৰী ব্ৰুক, বেন ষ্ট’কছ (অধিনায়ক), জেমী স্মিথ, লিয়াম ড’ছন, ক্ৰীছ ৱ’কেছ, ব্ৰাইডন কাৰ্ছ, জ’ফ্ৰা আৰ্চাৰ।