শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পৰা মানচেষ্টাৰ টেষ্টলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ...

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পৰা মানচেষ্টাৰ টেষ্টলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ…

monjit-dutta
Monjit Dutta | Published: 23 Jul 2025 23:32 PM

ৰাজ্যৰ শিক্ষাখণ্ডৰ বিকাশৰ বাবে অসম চৰকাৰে বিশ্ববেংকৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত লৈছে। সেই অনুসাৰে বিশ্ববেংকৰ পৰা ২,৭৫০ কোটি টকাৰ ঋণ ল'ব চৰকাৰে।

আজি ডিব্ৰুগড়ত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি জাপানৰ তিনিটা কোম্পানীয়ে অসমৰ যুৱক-যুৱতীক জাপান চৰকাৰৰ অনুমতি সাপেক্ষে জাপানী ভাষাৰ প্ৰশিক্ষণ দিব। জাপানত সংস্থাপন লাভ কৰিব সেইসকল যুৱক-যুৱতীয়ে। ইফালে এই বৈঠকতে ৰাজ্যৰ শিক্ষাখণ্ডৰ বিকাশৰ বাবে অসম চৰকাৰে বিশ্ববেংকৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত লয়।

সেই অনুসাৰে বিশ্ববেংকৰ পৰা ২,৭৫০ কোটি টকাৰ ঋণ ল’ব চৰকাৰে। এই ঋণৰ ৯০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে উভতাই দিব আৰু বাকী ১০ শতাংশ ধন অৰ্থাৎ ২৭৫ কোটি টকা অসম চৰকাৰে উভতাই দিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

চাওঁ আহক দিনটোৰ আন কেতবোৰ চৰ্চিত খবৰ…