কোনো ৰোগৰ ফলত মূৰৰ খজুৱতি হয় নেকি?

23 July 2025

TV9 ASSAM

মূৰৰ খজুৱতি এক সাধাৰণ কথা। কিন্তু সঘনাই এনে হ’লে বা অধিক আমনি কৰিলে এই সমস্যা আওকাণ কৰা উচিত নহয়। বহু কাৰণত এনে হ’ব পাৰে। জানো আহক।

মূৰৰ খজুৱতি

ছালৰ বিশেষজ্ঞ ডাঃ সৌম্য সচদেৱে কয় যে মূৰৰ ছালত জমা হোৱা উফি খজুৱতিৰ আটাইতকৈ সাধাৰণ কাৰণ। মূৰৰ ছাল শুকান হ’লে বা ভেঁকুৰৰ সংক্ৰমণ হ’লে খজুৱতি আৰম্ভ হয়।

উফি

চুলি পৰিষ্কাৰ নকৰিলে মূৰৰ ছালত মলি আৰু তেল জমা হয়। ইয়াৰ ফলত বেক্টেৰিয়া বৃদ্ধি পায় আৰু খজুৱতি আৰম্ভ হয়। সপ্তাহত কমেও দুবাৰকৈ চুলি-মূৰ ধুব লাগে।

অপৰিষ্কাৰ

কিছুমান চেম্পু, কণ্ডিচনাৰ বা চুলিৰ ছিৰামত থকা ৰাসায়নিক পদাৰ্থ মূৰৰ ছালৰ লগত খাপ নাখায়, ইয়াৰ ফলত এলাৰ্জী বা খজুৱতি হ’ব পাৰে।

এলাৰ্জী

ছালৰ ৰোগ যেনে চ’ৰিয়াচিছ, একজিমা বা চেব’ৰেইক ডাৰ্মাটাইটিছতো মূৰৰ ছালত খজুৱতি হ’ব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাই ভাল।

ছালৰ অৱস্থা

মূৰত ওকণি থাকিলে বিশেষকৈ শিশুৰ খজুৱতি অতি তীব্ৰ হয়। ওকণিয়ে চুলিৰ গুৰিত কণী পাৰে, যাৰ ফলত মূৰৰ ছালত অনবৰতে খজুৱতি আৰু অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি হয়।

মূৰৰ ওকণি

মূৰৰ ছাল পৰিষ্কাৰ আৰু আৰ্দ্ৰ কৰি ৰাখক। উফি দূৰ কৰা চেম্পু, প্ৰাকৃতিক তেল আৰু চুলিৰ যত্নৰ সঠিক সামগ্ৰী ব্যৱহাৰ কৰক। পৰাপক্ষত ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

সকাহ

পঢ়িবলৈ ক্লিক কৰক 

মুখৰ দুৰ্গন্ধ হ’ব পাৰে এনে ৰোগৰ লক্ষণ