শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পলিথিনেৰে মেৰিয়াই ফ্ৰীজত খাদ্যবস্তু থয় নেকি? আজিয়েই এৰক এই অভ্যাস, অন্যথা হ’ব পাৰে এনে বিপদ

বহুসময়ত অধিকাংশ লোকে বজাৰৰ পৰা ক্ৰয় কৰা শাক-পাচলি বা ফল-মূল প্লাষ্টিকৰ বেগত ভৰাই ফ্ৰীজত ৰখা দেখিবলৈ পোৱা যায়। পিছে আপোনাৰো যদি এনে অভ্যাস আছে, তেতিয়াহ’লে এতিয়াই এনে অভ্যাস ত্যাগ কৰা উচিত।

পলিথিনেৰে মেৰিয়াই ফ্ৰীজত খাদ্যবস্তু থয় নেকি? আজিয়েই এৰক এই অভ্যাস, অন্যথা হ’ব পাৰে এনে বিপদ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 23 Jul 2025 23:00 PM

এতিয়া গৰমৰ বতৰ। সাধাৰণতে ঠাণ্ডা দিনতকৈ গৰমৰ দিনত যিকোনো খাদ্য সামগ্ৰী সোনকালে বেয়া হয়। বিশেষকৈ শাক-পাচলি তথা ফল-মূলৰ ক্ষেত্ৰত এইক্ষেত্ৰত অধিক সাৱধান হ’বলগা হয়। খাদ্যবস্তুসমূহ যাতে সোনকালে বেয়া হৈ নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখি ফ্ৰীজত থোৱা হয়। পিছে বহুসময়ত অধিকাংশ লোকে বজাৰৰ পৰা ক্ৰয় কৰা শাক-পাচলি বা ফল-মূল প্লাষ্টিকৰ বেগত ভৰাই ফ্ৰীজত ৰখা দেখিবলৈ পোৱা যায়। পিছে আপোনাৰো যদি এনে অভ্যাস আছে, তেতিয়াহ’লে এতিয়াই এনে অভ্যাস ত্যাগ কৰা উচিত।

শেহতীয়া এক গৱেষণাত দেখা গৈছে যে প্লাষ্টিকৰ বেগ বা পাত্ৰত সংৰক্ষিত খাদ্যবস্তু স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ‘এন পি জে চাইঞ্চ অৱ ফুড’ নামৰ এক আলোচনীত প্ৰকাশিত এই অধ্যয়নত উল্লেখ কৰা হৈছে যে প্লাষ্টিক বা কাঁচৰ পাত্ৰ খোলা-বন্ধ কৰাৰ সময়ত তাত থকা মাইক্ৰ’প্লাষ্টিক আৰু নেন’প্লাষ্টিক কণা মুক্ত হয়, যিবোৰ খাদ্য বা পানীয়ত মিহলি হৈ পৰে।

ফুড পেকেজিং ফ’ৰামৰ গৱেষকসকলে কয়, প্ৰতিবাৰ বটল খোলাৰ লগে লগে মাইক্ৰ’প্লাষ্টিকৰ পৰিমাণ বৃদ্ধি পায়। মাইক্ৰ’প্লাষ্টিক বিয়েৰ, টিনত ভৰোৱা মাছ, চাউল, চাহৰ বেগ, নিমখ, শীতল পানীয় আদিতো পোৱা গৈছে। এই মাইক্ৰ’প্লাষ্টিক হৈছে অত্যন্ত সৰু, দৃশ্যমান নোহোৱা প্লাষ্টিকৰ কণা, যি প্লাষ্টিক সামগ্ৰী ভাঙি পৰাৰ ফলত সৃষ্টি হয়।

আজিৰ খাদ্য সামগ্ৰীৰ লগতে পানীয়, বাচন-বৰ্তন সকলোতে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি দেখা গৈছে। শেহতীয়া এক গৱেষণাই মানুহক এই বিষয়ত সাৱধান কৰি দি জানিবলৈ দিয়া মতে এই কণাবোৰ খাদ্যত মিহলি হৈ স্বাস্থ্যত অত্যন্ত কু-প্ৰভাৱ পেলাইছে। বৰ্তমান সময়ত প্ৰায় সকলো খাদ্য, পানীয়, বা সকলো সামগ্ৰী সংৰক্ষণত প্লাষ্টিক ব্যৱহাৰ কৰা হয়।

এই ধৰণে শৰীৰত মাইক্ৰ’প্লাষ্টিক দ্ৰুত গতিত মিহলি হয়। এই মাইক্ৰ’প্লাষ্টিক ইমানেই সৰু যে মানুহৰ কলাত শোষিত হৈ তেজৰ জৰিয়তে গোটেই শৰীৰজুৰি বিয়পি পৰে। গৱেষণাৰ মতে, পেকেটত ভৰোৱা খাদ্যৰ প্ৰায় ৯৬% পৰ্যন্ত মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে।
গৱেষণাটোত প্ৰায় ৮০% লোকৰ তেজত মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে আৰু ৫৮% লোকৰ ধমনীতো ইয়াৰ উপস্থিতি দেখা পোৱা গৈছে।

হাৰ্ভাৰ্ডৰ গৱেষকসকলেও মাইক্ৰ’প্লাষ্টিকৰ ফলত শৰীৰত হোৱা দীৰ্ঘকালীন প্ৰদাহক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ দ্বাৰা হৃদৰোগ ,অটোইমিউন ৰোগ (Autoimmune disease), আনকি কেঞ্চাৰৰ সম্ভাৱনাও বৃদ্ধি হয়। এনে ধৰণৰ চিন্তনীয় সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ আমি ব্যক্তিগতভাৱে কিছু ব্যৱস্থা কৰিব পাৰোঁ।

যেনে প্লাষ্টিকৰ বেগৰ পৰিৱৰ্তে শাক-পাচলি ভালদৰে সংৰক্ষণ কৰি ৰাখিবলৈ কাপোৰৰ বেগ, ষ্টীলৰ বাচন, ইত্যাদি স্বাস্থ্য-সুৰক্ষিত বিকল্প ব্যৱহাৰ কৰিব পাৰে। শাক-পাচলি তথা ফল-মূল ক্ৰয় কৰাৰ উদ্দেশ্যে বজাৰলৈ ওলাই যাওঁতে কাপোৰৰ বেগ লগত নিয়াৰ অভ্যাস গঢ়ি তোলক।