শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Gold Price Hike: ৰকেটৰ গতিত ঊৰ্ধগামী সোণৰ দাম, লাখ টকা পাৰ

Gold Price Hike: ৰকেটৰ গতিত ঊৰ্ধগামী সোণৰ দাম, লাখ টকা পাৰ

manas-borah
Manas Borah | Published: 23 Jul 2025 22:35 PM

ভৱিষ্যদ্বাণীক মিছা প্ৰমাণিত কৰি অভাৱনীয়ভাৱে বাঢ়িল সোণৰ দাম। তথ্য মতে ২১ ৰ পৰা ২৩ জুলাইলৈ, মাত্ৰ ৩ দিনত ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম বাঢ়িল প্ৰায় ২৫১০ টকা। সেই হিচাপত ১০০ গ্ৰাম সোণৰ দাম বাঢ়িছে ২৫০০০ টকা।

সকলো ভৱিষ্যদ্বাণী মিছা প্ৰমাণিত কৰি প্ৰায় ২৫ হাজাৰ বাঢ়িল সোণৰ দাম। কোনোৱে যদি সোণৰ আ-অলংকাৰ কিনিম বুলি ভাবিছিলো, এতিয়া ভৰিব লাগিব অধিক ধন। অৰ্থনৈতিক বিশেষজ্ঞ মেক্স লেটনে ভৱিষ্যদ্বাণী কৰিছিল যে ৭৫ হাজাৰলৈ নামিব সোণৰ দাম। কিন্তু সেই ভৱিষ্যদ্বাণীক মিছা প্ৰমাণিত কৰি অভাৱনীয়ভাৱে বাঢ়িল সোণৰ দাম। তথ্য মতে ২১ ৰ পৰা ২৩ জুলাইলৈ, মাত্ৰ ৩ দিনত ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম বাঢ়িল প্ৰায় ২৫১০ টকা। সেই হিচাপত ১০০ গ্ৰাম সোণৰ দাম বাঢ়িছে ২৫০০০ টকা।

২৪ কেৰেট সোণৰ দাম

আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ১,০২,৩৩০ টকা । কালি দিনটোত এই মূল্য আছিল, ১,০১,২৯০ টকা। অৰ্থাৎ ১০ গ্ৰাম সোণত এদিনত বাঢ়িল প্ৰায় ১০৪০ টকা।

২২ কেৰেট সোণৰ দাম

ইফালে আজিৰ দিনটোত গুৱাহাটীত ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৯৩,৮০০ টকা। কালি ২২ কেৰেট সোণৰ দাম ১০ গ্ৰামৰ দাম আছিল ৯২,৮৫০ টকা। অৰ্থাৎ ১০ গ্ৰাম সোণত বৃদ্ধি পাইছে ৯৫০ টকা।

১৮ কেৰেট সোণৰ দাম

গুৱাহাটীত আজি ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য হৈছে ৭৬,৭৫০ টকা। কালি ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ দাম আছিল ৭৫,৯৭০ টকা। এদিনত ১৮ কেৰেট সোণৰ দাম বাঢ়িল প্ৰতি ১০ গ্ৰামত ৭৮০ টকা।