পণ্টৰ আঘাত! মানচেষ্টাৰ টেষ্টত কোন হ’ব ভাৰতৰ উইকেটৰক্ষক? অধিনায়ক গিলে দিলে গুৰুত্বপূৰ্ণ ইংগিত
লৰ্ডছত অনুষ্ঠিত তৃতীয় টেষ্টৰ সময়তে হাতত আঘাত লাভ কৰে পণ্টে। এই আঘাতৰ বাবে পণ্টে উইকেটকীপাৰৰ দায়িত্ব পালন কৰা নাছিল। তেওঁৰ পৰিৱৰ্তে এই ভূমিকাত দেখা গৈছিল ধ্ৰুৱ জুৰেলক। এনে পৰিস্থিতিত চতুৰ্থ টেষ্টত পণ্টৰ অংশগ্ৰহণ সন্দৰ্ভত আশংকা পৰিলক্ষিত হৈছিল। এতিয়া এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অধিনায়ক শুভমন গিলে।

কাইলৈৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত আৰম্ভ হ’ব মানচেষ্টাৰ টেষ্ট। এই টেষ্টখন ভাৰতীয় দলৰ বাবে হৈ পৰিছে মৰণপণ যুঁজ স্বৰূপ। এই টেষ্টখনত পৰাস্ত হ’লেই শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলে হেৰুৱাব শৃংখলা। গতিকে ভাৰতীয় দলে এই মেচখনত যিকোনো পৰিস্থিতিৰে জয়ী হ’ব লাগিব। এনে পৰিস্থিতিত ভাৰতে স্বাভাৱিকতেই এই মেচখনত পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হ’ব বিচাৰিব। ভাৰতীয় দলৰ শক্তিৰ কথা বাখ্যা কৰিব বিচাৰিলে দলৰ সহ–অধিনায়ক তথা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টৰ কথা নিশ্চিতভাৱে আহিব। বিগত সময়ছোৱাত পণ্ট ভাৰতীয় টেষ্ট দলৰ অন্যতম প্ৰধান শক্তি হিচাপে বিবেচিত হৈছে।
ইংলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলাতো পণ্টৰ প্ৰদৰ্শন আশাপ্ৰদ বুলিব পাৰি। প্ৰথম টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা পণ্টে দ্বিতীয় আৰু তৃতীয় টেষ্টত দুটা অৰ্ধশতক অৰ্জন কৰিছে। কিন্তু লৰ্ডছত অনুষ্ঠিত তৃতীয় টেষ্টৰ সময়তে হাতত আঘাত লাভ কৰে পণ্টে। এই আঘাতৰ বাবে পণ্টে উইকেটকীপাৰৰ দায়িত্ব পালন কৰা নাছিল। তেওঁৰ পৰিৱৰ্তে এই ভূমিকাত দেখা গৈছিল ধ্ৰুৱ জুৰেলক।
এনে পৰিস্থিতিত চতুৰ্থ টেষ্টত পণ্টৰ অংশগ্ৰহণ সন্দৰ্ভত আশংকা পৰিলক্ষিত হৈছিল। এতিয়া এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অধিনায়ক শুভমন গিলে। এক সংবাদমেলত গিলে মানচেষ্টাৰ টেষ্টত ভাৰতৰ মূল একাদশ সন্দৰ্ভতো বৃহৎ আপডেট দিছে। প্ৰথম তিনিখন টেষ্টত ব্যৰ্থ হোৱা কৰুণ নায়াৰে চতুৰ্থ টেষ্টত স্থান পাবনে সেই লৈয়ো গিলে গুৰুত্বপূৰ্ণ ইঙ্গিত প্ৰদান কৰিছে।
সাংবাদিকৰ আগত শুভমন গিলে উল্লেখ কৰা মতে ঋষভ পণ্টে মানচেষ্টাৰ টেষ্টত খেলিব পাৰিব আৰু তেওঁ উইকেটকীপাৰৰ দায়িত্বও পালন কৰিব। তৃতীয় টেষ্টৰ সময়তে পণ্টে বুমৰাহৰ এটা বল আয়ত্ব কৰাৰ চেষ্টাত আঘাত পাইছিল। অৱশ্যে স্কেনত তেওঁৰ হাতত কোনো গুৰুতৰ সমস্যা হোৱা নাই বুলি জানিব পৰা গৈছে। মানচেষ্টাৰ টেষ্টত ভাৰতৰ মূল একাদশত পণ্টৰ উপস্থিতি ভাৰতীয় দল তথা অনুৰাগীৰ বাবে এক সকাহৰ খবৰ হিচাপে বিবেচিত হৈছে।
গিলে লগতে সাংবাদিকৰ আগত নীতিশ ৰেড্ডী আৰু আকাশ দীপে এই মেচত খেলিব নোৱাৰিব বুলি নিশ্চিত কৰে। নীতিশ ৰেড্ডী ইতিমধ্যে শৃংখলাৰ পৰা বাহিৰ হোৱা বুলি তেওঁ সদৰী কৰে। অৱশ্যে ইংলেণ্ডৰ ইনিংছৰ ২০টা উইকেট দখলৰ ক্ষমতা থকা বলাৰ ভাৰতীয় দলৰ হাতত আছে বুলিও গিলে মন্তব্য কৰে। এই প্ৰসঙ্গতে তেওঁ কাইলৈ অংশুল কম্বোজে অভিষেক ঘটোৱাৰ সুযোগ পাব পাৰে বুলিও ইঙ্গিত প্ৰদান কৰে। ইফালে গিলে লগতে চতুৰ্থ টেষ্টতো কৰুণ নায়াৰ দলৰ অংশ হ’ব বুলি উল্লেখ কৰে।