শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ মাজতে দলে এৰিলে কৰুণ নায়াৰকঃ যাত্ৰা সামৰি উভতিল ‘ঘৰলৈ’

ইংলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলাত এইপৰ্যন্ত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই কৰুণ নায়াৰে। ইতিমধ্যে হৈ যোৱা শৃংখলাৰ তিনিওখন টেষ্টতে নায়াৰে খেলাৰ সুযোগ পাইছে যদিও এতিয়ালৈকে তেওঁ এটাও অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হোৱা নাই। এতিয়া মানচেষ্টাৰ টেষ্টৰ আগে আগে নিজ গৃহলৈ প্ৰত্যাৱৰ্তন ঘটিছে কৰুণৰ।

ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ মাজতে দলে এৰিলে কৰুণ নায়াৰকঃ যাত্ৰা সামৰি উভতিল ‘ঘৰলৈ’
ঘৰলৈ উভতিল কৰুণ নায়াৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 22 Jul 2025 16:25 PM

সুদীৰ্ঘ ৮ বছৰৰ মূৰত জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে কৰুণ নায়াৰৰ। ইংলেণ্ডৰ বিপক্ষে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ বাবে বিচিচিআইৰ নিৰ্বাচকে কৰুণ নায়াৰক দলত অন্তৰ্ভুক্ত কৰাৰ পিছত অৱসান ঘটে দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ। অৱশ্যে এইপৰ্যন্ত চলিত শৃংখলাটোত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই নায়াৰে। ইতিমধ্যে হৈ যোৱা শৃংখলাৰ তিনিওখন টেষ্টতে নায়াৰে খেলাৰ সুযোগ পাইছে যদিও এতিয়ালৈকে তেওঁ এটাও অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হোৱা নাই। এনে পৰিস্থিতিত নায়াৰ অন্তিম দুখন টেষ্টত মূল একাদশত অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰতে সন্দেহে দেখা দিছে।

ইংলেণ্ড ভ্ৰমণৰ মাজতে পিছে কৰুণ নায়াৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। বুধবাৰৰ পৰা মানচেষ্টাৰত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থখন টেষ্টৰ পূৰ্বে নিজ গৃহলৈ প্ৰত্যাৱৰ্তন ঘটিছে কৰুণ নায়াৰৰ। মিডল অৰ্ডাৰগৰাকীক ঘৰলৈ উভতি যাবলৈ অনুমতি দিয়া হৈছে। অৱশ্যে এই সিদ্ধান্ত ভাৰতীয় দলে লোৱা নাই। বিদৰ্ভ ক্ৰিকেট সন্থাইহে কৰুণ নায়াৰক No Objection Certificate প্ৰদান কৰিছে। অৰ্থাৎ কৰুণ নায়াৰে এতিয়া বিদৰ্ভ দল এৰি কৰ্ণাটকলৈ উভতি যাব পাৰিব।

উল্লেখ্য যে কৰ্ণাটক হৈছে কৰুণ নায়াৰৰ ঘৰুৱা দল। কিন্তু ফৰ্মহীনতাত ভুগি থকাৰ সময়তে কৰুণ কৰ্ণাটক দলৰ পৰা বাদ পৰে আৰু বিগত তিনি বছৰ ধৰি তেওঁ বিদৰ্ভৰ হৈ ঘৰুৱা ক্ৰিকেট খেলি আছে। এতিয়া অৱশ্যে কৰুণে পুনৰ কৰ্ণাটকৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিব। উল্লেখ্য যে বিগত ছিজনৰ ৰঞ্জী ট্ৰফীত বিদৰ্ভৰ হৈ কৰুণে ৫৩.৯৩ গড়ে ১৬টা ইনিংছত ৮৬৩ ৰান সংগ্ৰহ কৰিছিল। প্ৰতিযোগিতাখনত তেওঁ মুঠ ৪টা শতক অৰ্জন কৰে।

ফাইনেলতো চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখি কৰুণে কেৰালাৰ বিৰুদ্ধে শতক অৰ্জন কৰে। তেওঁৰ এই শতকীয় ইনিংছৰ আধাৰতেই বিদৰ্ভই ৰঞ্জী ট্ৰফীৰ খিতাপ দখল কৰিছিল। কেৱল ৰঞ্জীয়েই নহয়, যোৱা ছিজনৰ বিজয় হাজাৰে ট্ৰফীতো নায়াৰে অভিনৱ প্ৰদৰ্শন দাঙি ধৰে। প্ৰতিযোগিতাখনত একেৰাহে পাঁচটা শতক অৰ্জন কৰি তেওঁ ১২০ৰো অধিক ষ্ট্ৰাইক ৰেটেৰে ৮ ইনিংছত ৭৭৯ ৰান সংগ্ৰহ কৰে। ঘৰুৱা ক্ৰিকেটত এনে প্ৰদৰ্শনৰ সুবাদতে জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটে কৰুণৰ।

কিন্তু ইংলেণ্ডত এই লয় হেৰুৱাইছে কৰুণ নায়াৰে। এই ভ্ৰমণত তিনিখন টেষ্টত কৰুণৰ বেটৰ পৰা আহিছে ০, ২০, ৩১, ২৬, ৪০, আৰু ১৪ ৰানৰ ইনিংছ। এনে পৰিস্থিতিত কৰুণ নায়াৰ মূল একাদশৰ পৰা বাদ পৰাৰ সম্ভাৱনাই গা কৰি উঠিছে। অৱশ্যে প্ৰশিক্ষক গৌতম গম্ভীৰে কৰুণৰ ওপৰত আস্থা ৰাখি মানচেষ্টাৰ টেষ্টতো সুযোগ দিব পাৰে। যদি সুযোগ লাভ কৰে, কৰুণৰ বাবে নিজকে প্ৰমাণৰ বাবে সেয়া হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ।