শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ইউনুছ চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ, মৃতকৰ তথ্য হেৰফেৰৰ অভিযোগ

ইউনুছ চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ, মৃতকৰ তথ্য হেৰফেৰৰ অভিযোগ

raj-saikia
Raj Saikia | Published: 23 Jul 2025 23:03 PM

ৰাষ্ট্ৰীয় শোকৰ মাজতে বাংলাদেশত সূত্ৰপাত ঘটে প্ৰতিবাদৰ। বিমান দুৰ্ঘটনাত নিহতসকলৰ নাম আৰু পৰিচয় লুকুৱাই ৰখাৰ অভিযোগত উত্তেজিত হৈ পৰে পৰিস্থিতি। উত্তৰাৰ মাইলষ্টোন কলেজৰ চৌহদত পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

সোমবাৰে ঢাকাৰ উত্তৰাৰ মাইলষ্টোন স্কুল এণ্ড কলেজত দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ এখন প্ৰশিক্ষণ বিমান। এই পৰ্যন্ত ৩১ জন লোকৰ মৃত্যু হৈছে এই বিমান দুৰ্ঘটনাত। ইয়াৰে কমেও ২৫ জন শিশু। বহুতো আহত শিক্ষাৰ্থী চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত। মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে মঙলবাৰে এই ঘটনাত শোক প্ৰকাশ কৰে।

ৰাষ্ট্ৰীয় শোকৰ মাজতে বাংলাদেশত সূত্ৰপাত ঘটে প্ৰতিবাদৰ। বিমান দুৰ্ঘটনাত নিহতসকলৰ নাম আৰু পৰিচয় লুকুৱাই ৰখাৰ অভিযোগত উত্তেজিত হৈ পৰে পৰিস্থিতি। উত্তৰাৰ মাইলষ্টোন কলেজৰ চৌহদত পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। মৃতকৰ নাম আৰু পৰিচয় প্ৰকাশৰ ক্ষেত্ৰত ইউনুছ প্ৰশাসনে হেতালি খেলাৰ দাবী প্ৰতিবাদকাৰীৰ। মৃতকৰ সংখ্যা হ্ৰাস কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বাংলাদেশ সেনাৰ বিৰুদ্ধে। অভিযোগ অনুসৰি মৃতদেহকেইটা লুকুৱাই দিয়া হৈছে।

দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন চীনত নিৰ্মিত। চীনৰ পৰা কিয় এখন পুৰণি বিমান কিনিছিল সেই লৈও প্ৰশ্ন উত্থাপন হৈছে। ইমান ডাঙৰ দুৰ্ঘটনাৰ বাবে কোন দায়ী? ছাত্ৰ-ছাত্ৰীসকলে উত্থাপন কৰিছে এই প্ৰশ্ন। এই মৃত্যুৰ দায়িত্ব ইউনুছ চৰকাৰে ল’ব লাগিব বুলি দাবী কৰে তেওঁলোকে। ছয় দফীয়া দাবীৰে কেম্পাছত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি প্ৰতিবাদ কৰিব বিচৰাত আৰক্ষীয়ে তেওঁলোকক ৰখাই দিয়ে। আনকি প্ৰতিবাদকাৰীৰ ওপৰত বল প্ৰয়োগ কৰাৰো অভিযোগ উত্থাপন হৈছে সেনাৰ বিৰুদ্ধে।

শেষত অৱশ্যে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ বাবেই ইউনুছ চৰকাৰ পিছুৱাই যায়। অন্তৱৰ্তীকালীন চৰকাৰে প্ৰতিবাদকাৰীৰ ছয় দফীয়া দাবী মানি লয়। মঙলবাৰে বিয়লি উত্তৰাৰ মাইলষ্টোন কেম্পাছত প্ৰতিবাদকাৰীৰ সৈতে বাৰ্তালাপ কৰে ইউনুছৰ শিক্ষা আৰু আইনী উপদেষ্টাসকলে। আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হ’ল যে আপাততঃ কেম্পাছত এটা তথ্য কেন্দ্ৰ স্থাপন কৰা হ’ব।