অধিক সময় ফোনত কথা পাতিলে কিয় বৃদ্ধি পায় ডিঙিৰ বিষ!

23 July 2025

TV9 ASSAM

ফোনটো ধৰি বহু সময় কথা পাতিলে ডিঙিৰ পেশীৰ ওপৰত চাপ বাঢ়ি যায়। লগতে মূৰটো বেঁকা কৰি ফোনটো ধৰি ৰখাৰ অভ্যাসে জঠৰতা, বিষ, ছাৰ্ভাইকেল সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ডিঙিৰ বিষ

ডাঃ দীপক সুমনে কয় যে যে কাণ আৰু কান্ধৰ মাজত ফোন টিপিব নালাগে। ইয়াৰফোন বা হেডফোনৰ ব্যৱহাৰে ডিঙিত চাপ কমাই বিষৰ পৰা সুৰক্ষা দিয়ে।

হেডফোন

ফোনত কথা পাতি থকাৰ সময়ত মূৰটো বেঁকা কৰি থোৱাৰ পৰিৱৰ্তে ডিঙিটো পোন কৰি ৰাখক, যাতে পেশীবোৰত কোনো ধৰণৰ টান অনুভৱ নহয়।

ডিঙি পোন

দীঘলীয়া ফোন কলৰ মাজত কিছু সময় বিৰতি লওক। এই সময়ত কিছুমান লঘু ব্যায়ামৰ দ্বাৰা পেশীবোৰ শিথিল কৰি লওক।

বিৰতি লওক

ডিঙি ভাঁজ কৰি তললৈ চোৱাৰ পৰিৱৰ্তে ফোনটো চকুৰ পোনে পোনে ৰাখক, যাতে মেৰুদণ্ড আৰু ডিঙিত কোনো ধৰণৰ চাপ নপৰে।

চকুৰ পোনত ৰাখক

প্ৰয়োজন হ’লে ফোনটো স্পীকাৰ মোডত ৰাখি হাত আৰু ডিঙি মুক্ত কৰি ৰাখক। তেতিয়া আপোনাৰ ডিঙিত কোনো চাপ নপৰে।

স্পীকাৰ মোড

এইসমূহ হৈছে সাধাৰণ প্ৰতিকাৰহে। বিষ হ্ৰাস নহ’লে তথা বৃদ্ধি পালে চিকিৎসকৰ কাষ চাপি সঠিক চিকিৎসা গ্ৰহণ কৰক।

চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

কোনো ৰোগৰ ফলত মূৰৰ খজুৱতি হয় নেকি?