শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বুমৰাহ অবিহনে অভেলত আজিৰ পৰা মৰণপণ যুঁজত নামিব ভাৰতঃ মূল একাদশত এইকেইজন খেলুৱৈ

ভাৰতীয় দলত দেখা গৈছে কেইবাটাও পৰিৱৰ্তন। পূৰ্বৰে পৰা অনুমান কৰাৰ দৰেই এই মেচখনত দেখা নাযাব যশপ্ৰীত বুমৰাহক। ইফালে আঘাতৰ বাবে এই মেচখনত নাথাকিব দলৰ সহ-অধিনায়ক ঋষভ পণ্ট।

বুমৰাহ অবিহনে অভেলত আজিৰ পৰা মৰণপণ যুঁজত নামিব ভাৰতঃ মূল একাদশত এইকেইজন খেলুৱৈ
অভেলত আজি অন্তিম টেষ্টImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 31 Jul 2025 15:27 PM

ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন মেচ আজিৰ পৰা আৰম্ভ কেনিংটন অভেলত অনুষ্ঠিত বলগীয়া এই মেচখন ভাৰতীয় দলৰ বাবে হৈ পৰিছে মৰণপণ যুঁজস্বৰূপ এইপৰ্যন্ত শৃংখলাত ঘৰুৱা দল ইংলেণ্ডে ব্যৱধানত অগ্ৰগতি লাভ কৰিছে তেনে পৰিস্থিতিত শৃংখলা ড্ৰ কৰি ৰাখিবলৈ অন্তিম মেচখনত যিকোনো প্ৰকাৰে জয়ী লাগিব ভাৰত যদি এই মেচখন ড্ৰ হয় বা ইংলেণ্ড জয়ী হয়, তেতিয়া ভাৰতে হেৰুৱাব এই শৃংখলা

লক্ষণীয়ভাৱে এই মেচখনত দলত নাথাকিব ইংলেণ্ডৰ নিয়মীয়া অধিনায়ক বেন ষ্টকছ মানচেষ্টাৰত অনুষ্ঠিত হোৱা শৃংখলাৰ চতুৰ্থখন টেষ্টত আঘাতপ্ৰাপ্ত হৈছিল ইংৰাজ অধিনায়কগৰাকী তেওঁৰ স্থানত অভেল টেষ্টত অধিনায়কৰ ৰূপত দেখা পোৱা যাব অলি পোপক এই পৰিৱৰ্তনৰ লগতে ইংলেণ্ড দলত আৰু কেইটামান পৰিৱৰ্তন পৰিলক্ষিত হৈছে

ষ্টকছৰ লগতে এই মেচখনত দলৰ পৰা বাদ পৰিছে লিয়াম ছন, ব্ৰাইডন কাৰ্ছ আৰু জফ্ৰা আৰ্চাৰ তেওঁলোকৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে জেকব বেথেল, গাছ এটকিনছন, টংগু আৰু জেমী অভাৰটন আনহাতে ভাৰতীয় দলতো দেখা গৈছে কেইবাটাও পৰিৱৰ্তন পূৰ্বৰে পৰা অনুমান কৰাৰ দৰেই এই মেচখনত দেখা নাযাব যশপ্ৰীত বুমৰাহক

ইফালে আঘাতৰ বাবে এই মেচখনত নাথাকিব দলৰ সহঅধিনায়ক ঋষভ পণ্ট তেওঁলোকৰ লগতে বাদ পৰিছে শ্বাৰ্দুল ঠাকুৰ আৰু অংশুল কম্বোজ তেওঁলোকৰ স্থানত দলত স্থান দিয়া হৈছে কৰুণ নায়াৰ, ধ্ৰুৱ জুৰেল, প্ৰসিধ কৃষ্ণ আৰু আকাশ দীপক ইতিমধ্যে অধিনায়কদ্বয় পোপ আৰু গিলৰ মাজত টছ হৈ গৈছে টছত জয়ী হৈ ইংলেণ্ডৰ অধিনায়ক পোপে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে

ইংলেণ্ডৰ মূল একাদশঃ জেক ক্ৰ’লি, বেন ডাকেট, অলি পোপ (অধিনায়ক), জো ৰুট, হেৰী ব্ৰুক, জেকব বেথেল, জেমী স্মিথ, ক্ৰীছ ৱ’কছ, গাছ এটকিনছন, জেমী অভাৰটন, জছ টংগু

ভাৰতৰ মূল একাদশঃ যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ছাই সুধৰ্শন, শুভমন গিল (অধিনায়ক), কৰুণ নায়াৰ, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, প্ৰসিধ কৃষ্ণ, মহম্মদ চিৰাজ