1 Aug 2025
TV9 ASSAM
Credits: Getty Images
মুখত ঘাঁ হোৱাৰ ফলত খাদ্য খোৱাৰ লগতে কথা কোৱাতো সমস্যা হয়। ই কেতিয়াবা কিছুমান ৰোগৰ লক্ষণ হব পাৰে। ইয়াৰ বিষয়ে জনা দৰকাৰ।
ডাঃ সুভাষ গিৰীয়ে কয় যে, যেতিয়া শৰীৰত আয়ৰণ, ভিটামিন বি১২ বা ফোলিক এচিডৰ অভাৱ হয় তেতিয়া মুখ আলসুৱা হৈ পৰে। যাৰ ফলত মুখত ঘাঁ হয়।
পেটত এচিডৰ ভাৰসাম্যত সমস্যা হোৱাৰ ফলত মুখত গৰম বাঢ়ে। যাৰ ফলত ঘাঁ হ'ব পাৰে। পেটত জলন, উগাৰ, বুকু জলা পোৰা আদি হৈ থাকিলে মুখত ঘাঁ হ'ব পাৰে।
ডায়েবেটিছৰ ৰোগীসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি কম। এনে ক্ষেত্ৰত এই ৰোগীসকলৰ মুখত ঘাঁ ওলায়। এই সমস্যা বাৰে বাৰে হয়।
ই এক অটোইম্যন ৰোগ, য'ত ৰোগ প্ৰতিৰোধ ক্ষমতাই সুস্থ কোষবোৰক আক্ৰমণ কৰে। ইয়াৰ ফলত মুখত ঘাঁ, ছালৰ সমস্যা, গাঁঠিৰ বিষ আদি হোৱা দেখা যায়।
যদি আপোনাৰ মুখত বাৰে বাৰে ঘাঁ ওলাই আৰু দীৰ্ঘদিন ধৰি থাকে বা কেতিয়াবা তেজ ওলাই তেন্তে ই ডাঙৰ ৰোগৰ কাৰণ হ'ব পাৰে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।
পঢ়িবলৈ ক্লিক কৰক