গুৱাহাটীৰ ইতিহাস হ’ব নেকি দুঃস্বপ্ন? তৃতীয় দিনা ভাৰতৰ সহায় হ’ব মুথুস্বামীৰ প্ৰদৰ্শন!
বৰ্ষাপাৰা টেষ্টৰ আজি দ্বিতীয় দিনাৰ অন্ত পৰালৈ ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকা এক শক্তিশালী স্থিতিত উপনীত হৈছে। প্ৰথম ইনিংছত দলটোৱে থিয় কৰাইছে ৪৮৯ ৰানৰ বৃহৎ স্ক’ৰ। এই বিশাল স্ক’ৰৰ মূলতে আছিল সেনুৰন মুথুস্বামীৰ দৰ্শনীয় শতক আৰু মাৰ্কো জেনছেনৰ আক্ৰমণাত্মক বেটিং।
ক্ৰিকেটৰ শ্ৰেষ্ঠতম ফৰ্মেট ‘টেষ্ট ক্ৰিকেট’ আয়োজনেৰে এক ঐতিহাসিক স্বীকৃতি লাভ কৰিছে গুৱাহাটীস্থিত বৰ্ষাপাৰাই। প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট ক্ৰিকেট আয়োজনেৰে বৰ্ষাপাৰাই ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীসকলক এই দীঘলীয়া ফৰ্মেট স্বচক্ষুৰে উপভোগৰ অনন্য সুযোগ প্ৰদান কৰিছে। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ সুযোগে স্বাভাৱিকতেই ৰাজ্যৰ ক্ৰিকেট অনুৰাগীসকলক সুখী কৰি তুলিছে। পিছে সুখৰ সমানেই এতিয়া সকলোৰে মনত গা কৰি উঠিছে এক শংকাইও।
বৰ্ষাপাৰা টেষ্টৰ আজি দ্বিতীয় দিনাৰ অন্ত পৰালৈ ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকা এক শক্তিশালী স্থিতিত উপনীত হৈছে। প্ৰথম ইনিংছত দলটোৱে থিয় কৰাইছে ৪৮৯ ৰানৰ বৃহৎ স্ক’ৰ। এই বিশাল স্ক’ৰৰ মূলতে আছিল সেনুৰন মুথুস্বামীৰ দৰ্শনীয় শতক আৰু মাৰ্কো জেনছেনৰ আক্ৰমণাত্মক বেটিং।
ভাৰতীয় বলিং লাইন আপক প্ৰায় নিস্তেজ কৰি এই দুই খেলুৱৈয়ে আজি প্ৰটিয়াছ বাহিনীক শক্তিশালী স্থিতিত উপনীত কৰায়। বেটিং লাইন আপৰ সপ্তম স্থানত বেটিং কৰিবলৈ অহা মুথুস্বামীয়ে ২০৬টা বলত ১০৯ ৰান সংগ্ৰহ কৰাৰ বাদে জেনছেনে কৰে মাত্ৰ ৯১ বলতে ৯৩ ৰান।
মুথুস্বামীৰ কৃতিত্ব
নিজৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতকীয় ইনিংছেৰে মুথুস্বামীয়ে অৰ্জন কৰে কেইটামান ঈৰ্ষণীয় কৃতিত্ব। বিগত ১৫ বছৰত ভাৰতত মাত্ৰ দুবাৰহে বেটিংক্ৰমৰ সপ্তম স্থানৰ বেটাৰে টেষ্টত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰে এগৰাকী হিচাপে আজি মুথুস্বামীয়ে এই সফলতা লাভ কৰাৰ বিপৰীতে ২০১৯ চনত দক্ষিণ আফ্ৰিকাৰে কুইণ্টন ডি ক’কে এই সফলতা লাভ কৰিছিল।
ইয়াৰ সমান্তৰালকৈ মুথুস্বামী হৈছে যোৱা ছয় বছৰত ভাৰতত টেষ্ট শতক অৰ্জন কৰা প্ৰথমজন দক্ষিণ আফ্ৰিকান বেটছমেন। ২০১৯ চনত ডিন এলগাৰে এই সাফল্য অৰ্জন কৰিছিল। মুথুস্বামীয়ে লগতে ভাৰত, পাকিস্তান, বাংলাদেশত পঞ্চাশৰো অধিক ৰান সংগ্ৰহ কৰা মাত্ৰ চতুৰ্থজন প্ৰটিয়াছ বেটছমেন হিচাপে খ্যাতি অৰ্জন কৰে।
তেওঁৰ পূৰ্বে টেম্বা বাভুমা, মাৰ্ক বাউচাৰ, গ্ৰেম স্মিথেহে এই সফলতা অৰ্জন কৰিছিল। এই অনন্য সফলতা লাভেৰে ক্ৰিকেট বিশ্বত এতিয়া চৰ্চিত হৈ পৰা ভাৰতীয় মূলৰে মুথুস্বামীৰ প্ৰদৰ্শন এতিয়া ভাৰতৰ বাবে চিন্তাৰ লগতে এক সহায় হিচাপেও দেখা দিছে। পিছে কিদৰে সম্ভৱ এয়া!
ভাৰতৰ সমুখত কঠিন প্ৰত্যাহ্বান
ইডেনত হোৱা প্ৰথমখন টেষ্টত ভাৰতে এক সহজ লক্ষ্য লাভ কৰাৰ পিছতো বেটিং ব্যৰ্থতাৰ বাবে পৰাজয়ৰ সন্মুখীন হৈছিল। এতিয়া গুৱাহাটীৰ পিটছ বেটিঙৰ বাবে কিছু সহায়ক দেখা গৈছে। মুথুস্বামীৰ লগতে জেনছেনৰ বেটিঙেও এইক্ষেত্ৰত ভাৰতীয় বেটিং বিভাগক কিছু হ’লেও চিন্তামুক্ত কৰা বুলিব পাৰি।
এতিয়া মেচৰ তৃতীয় দিনা অৰ্থাৎ কাইলৈ ভাৰতীয় বেটাৰসকলেও এনে এক প্ৰদৰ্শন আগবঢ়োৱাৰ লক্ষ্যৰেই ক্ৰীজলৈ আহিব। ভাৰতীয় বেটিং বিভাগ এইক্ষেত্ৰত সফল হ’লে আৰু তাৰ পিছত বলিং বিভাগে তৃতীয় ইনিংছত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিলেহে গুৱাহাটীৰ এই প্ৰথমখন ঐতিহাসিক টেষ্ট সুখকৰ হৈ উঠিব।
কিয়নো ইডেনত হোৱা প্ৰথমখন টেষ্টত জয়েৰে দক্ষিণ আফ্ৰিকাই দুখন মেচৰ এই শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে। এনে অৱস্থাত শৃংখলাত সমতা স্থাপন কৰিবলৈও বৰ্ষাপাৰা টেষ্টত জয় অনিবাৰ্য ভাৰতৰ বাবে। এতিয়া এই টেষ্টত পৰাস্ত হ’লে বা ড্ৰ হ’লেই ভাৰতে শৃংখলা হেৰুৱব আৰু বৰ্ষাপাৰাৰ এই প্ৰথমখন টেষ্ট অনুৰাগীৰ বাবে চিৰদিনলৈ দুখদায়ক ইতিহাস হৈ থাকিব।