GT vs SRH Live Score, IPL 2025: দুৰন্ত প্ৰদৰ্শনেৰে প্লে’ অফৰ দিশত আন এক খোজ গুজৰাটৰঃ সংকটত হায়দৰাবাদৰ আশা

Gujarat Titans vs Sunrisers Hyderabad Live Score in Assamese: ছিজনত সপ্তম পৰাজয়ৰ সৈতে প্ৰতিযোগিতাৰ পৰা প্ৰায় বিদায় লোৱাৰ উপক্ৰম হৈছে বিগত বাৰৰ ৰাণাৰ্ছ আপ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ। আজিৰ মেচত দলটো গুজৰাটৰ বিপক্ষে ৩৮ ৰানত পৰাস্ত হয়। আনহাতে আজিৰ জয়েৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে গুজৰাট টাইটানছ।

GT vs SRH Live Score, IPL 2025: দুৰন্ত প্ৰদৰ্শনেৰে প্লে’ অফৰ দিশত আন এক খোজ গুজৰাটৰঃ সংকটত হায়দৰাবাদৰ আশা

আজিৰ মেচত GT বনাম SRH

Updated On: 

02 May 2025 23:40 PM

আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব গুজৰাট টাইটানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ। গুজৰাটৰ ঘৰুৱা খেলপথাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব। আজিৰ এই মেচখন গুজৰাটৰ বাবে এফালে যিদৰে প্লে’ অফত প্ৰৱেশৰ দিশত এটা অগ্ৰগতিৰ খোজ হ’ব, ঠিক সেইদৰে হায়দৰাবাদৰ বাবে আজিৰ মেচ হ’ব প্ৰতিযোগিতাত বৰ্তি থকাৰ যুঁজ। এইপৰ্যন্ত গুজৰাটে ৯খন মেচ খেলি ১২ পইণ্টেৰে তালিকাৰ শীৰ্ষস্থানত আছে। আনহাতে সমসংখ্যক মেচ খেলি হায়দৰাবাদে এইপৰ্যন্ত মাত্ৰ ৬ পইণ্ট লাভ কৰিছে আৰু পইট তালিকাৰ নৱম স্থানত আছে। এনে পৰিস্থিতিত হায়দৰাবাদৰ বাবে প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ আজিৰ মেচত জয় অনিবাৰ্য হৈ পৰিছে।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 02 May 2025 11:38 PM (IST)

    গুজৰাটৰ সহজ জয়

    ছিজনৰ দুৰন্ত প্ৰদৰ্শনৰ পুনৰাবৃত্তি ঘটাই আজি সহজ জয়েৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে গুজৰাট টাইটানছ। আজি বেটিং, বলিং, ফিল্ডিং আটাইকেইটা দিশতে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই গুজৰাটে হায়দৰাবাদক ৩৮ ৰানত সহজে পৰাস্ত কৰে। আজিৰ এই পৰাজয়ৰ সৈতে ছিজনত সপ্তম পৰাজয়ৰ সন্মুখীন হ’ল হায়দৰাবাদ আৰু এইদৰে দলটোৰ প্লে’ অফৰ আশাও ক্ৰমাৎ সংকটাপন্ন হৈ পৰিছে।

  • 02 May 2025 11:15 PM (IST)

    চিৰাজৰ দুই উইকেট

    হায়দৰাবাদে হেৰুৱাইছে একেলগে দুটা উইকেট। মহম্মদ চিৰাজে প্ৰথমে অনিকেত বাৰ্মাক (৩) বিদায় দিয়াৰ পিছত পৰৱৰ্তী বলতে কামিন্দু মেণ্ডিছকো পেভিলিয়নলৈ উভতাই পঠায়।


  • 02 May 2025 11:09 PM (IST)

    ক্লাছেনৰ বিদায়

    ২৮টা বলত ৮৪ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি থকাৰ সময়তে হায়দৰাবাদে হেৰুৱাইছে হেনৰিখ ক্লাছেনৰ গুৰুত্বপূৰ্ণ উইকেট। প্ৰসিধ কৃষ্ণৰ বলত বাটলাৰৰ হাতত কেচ দি ক্ৰীজ এৰা ক্লাছেনে ১৮টা বলত ২৩ ৰান সংগ্ৰহ কৰে।

  • 02 May 2025 11:05 PM (IST)

    ঈশান্তে বিদায় দিলে অভিষেকক

    মাত্ৰ ৪১টা বলত ৪তা চাৰি আৰু ৬টা ছয়েৰে ৭৪ ৰানৰ এক মাৰমুখী যুঁজাৰু ইনিংছ খেলি বিদায় লৈছে অভিষেক শৰ্মাই। ঈশান্ত শৰ্মাৰ বলত অভিষেকে তুলি দিয়া সহজ কেচ আয়ত্ব কৰে চিৰাজে।

  • 02 May 2025 10:40 PM (IST)

    অভিষেকৰ অৰ্ধশতক

    হেড আৰু কিষাণে বিদায় ল’লেও আক্ৰমণাত্মক বেটিং অব্যাহত আছে অভিষেক শৰ্মাৰ। ২৮টা বলত ২টা চাৰি আৰু ৫টা ছয়েৰে তেওঁ সম্পূৰ্ণ কৰিছে নিজৰ অৰ্ধশতক।

  • 02 May 2025 10:34 PM (IST)

    ব্যৰ্থ কিষাণ

    ছিজনত ব্যৰ্থতা অব্যাহত আছে ঈশান কিষাণৰ। জেৰাল্ট ক’টজেৰ বলত প্ৰসিধৰ হাতত কেচ তুলি দি বিদায় লোৱা কিষাণে ১৭টা বল খেলি মাত্ৰ ১৩ ৰান সংগ্ৰহ কৰে।

  • 02 May 2025 10:06 PM (IST)

    হেডৰ বিদায়

    নিজৰ প্ৰথম অভাৰতে হায়দৰাবাদৰ ইনিংছত আঘাত হানিছে প্ৰসিধ কৃষ্ণই। ৰছিদ খানে আয়ত্ব কৰা এক দৰ্শনীয় কেচৰ সুবাদত প্ৰসিধৰ হাতলৈ আহে হেডৰ উইকেট। হেডে ১৬টা বলত সংগ্ৰহ কৰে ২০ ৰান।

  • 02 May 2025 09:46 PM (IST)

    হায়দৰাবাদৰো আক্ৰমণাত্মক আৰম্ভণি

    ২২৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি হায়দৰাবাদেও আক্ৰমণাত্মক আৰম্ভণি ঘটাইছে। দুই অপেনাৰ অভিষেক আৰু হেডে চিৰাজে কৰা ইনিংছৰ প্ৰথম অভাৰতে এটা ছয় আৰু চাৰিৰে ১৫ ৰান সংগ্ৰহ কৰিছে।

  • 02 May 2025 09:23 PM (IST)

    অন্তিম দুই বলত দুই উইকেট

    অন্তিম অভাৰত উনাডকাটে দখল কৰিছে তিনিটা উইকেট। সুন্দৰৰ পিছত উনাডকাটে অন্তিম দুটা বলত ৰাহুল তেৱাটিয়া আৰু ৰছিদ খানৰ উইকেট দখল কৰে। এইদৰে ইনিংছৰ সমাপ্তিত গুজৰাটে ৬ উইকেট হেৰুৱাই ২২৪ ৰান সংগ্ৰহ কৰে।

  • 02 May 2025 09:18 PM (IST)

    উনাডকাটৰ হাতলৈ সুন্দৰৰ উইকেট

    ইনিংছৰ অন্তিম অভাৰৰ দ্বিতীয়টো বলত জয়দেৱ উনাডকাটে দখল কৰিছে ৱাশ্বিংটন সুন্দৰৰ উইকেট। প্ৰথম বলত সুন্দৰে এটা ছয় কোবায় যদিও দ্বিতীয় বলতো আক্ৰমণৰ প্ৰচেষ্টাত তেওঁ কেচ তুলি দিয়ে।

  • 02 May 2025 09:14 PM (IST)

    কামিন্সে বিদায় দিলে বাটলাৰক

    মাত্ৰ ৩৭টা বলত ৩টা চাৰি আৰু ৪টা ছয়েৰে ৬৪ ৰানৰ এক আক্ৰমণাত্মক ইনিংছ খেলি ক্ৰীজ এৰিছে বাটলাৰে। কামিন্সৰ বলত অভিষেক শৰ্মাৰ হাতত কেচ তুলি দি বাটলাৰে বিদায় লয়।

  • 02 May 2025 09:10 PM (IST)

    ২০০ৰ পাৰ স্ক’ৰ

    ১৮ অভাৰৰ সমাপ্তিত দলীয় স্ক’ৰ ২০০ৰ পাৰ হৈছে গুজৰাটৰ। অভাৰৰ অন্তিম বলত বাটলাৰে এটা বৃহৎ ছয় কোবাই দলৰ স্ক’ৰ ২০০ৰ পাৰ কৰায়।

  • 02 May 2025 09:04 PM (IST)

    বাটলাৰৰ অৰ্ধশতক

    গুজৰাটৰ শীৰ্ষক্ৰমে আজিও নিৰাশ নকৰিলে অনুৰাগীক। গিলৰ অৰ্ধশতকৰ পিছত এইবাৰ বাটলাৰেও অৰ্ধশতক পূৰ কৰিছে। জীছান আনচাৰীৰ বলত এটা চাৰি কোবাই বাটলাৰে ৩১ বলত সম্পূৰ্ণ কৰে অৰ্ধশতক।

  • 02 May 2025 08:43 PM (IST)

    বিদায় ল’লে গিলে

    এক অধিনায়কোচিত অৰ্ধশতকীয় ইনিংছ খেলি দুৰ্ভাগ্যৱশতঃ ৰান আউট হৈ ক্ৰীজ এৰিছে শুভমন গিলে। আক্ৰমণাত্মক বেটিঙেৰে তেওঁ ১০টা চাৰি আৰু ২টা ছয়েৰে ৩৮টা বলতে ৭৬ ৰান সংগ্ৰহ কৰে।

  • 02 May 2025 08:25 PM (IST)

    গিলৰ অৰ্ধশতক

    বিস্ফোৰক শৈলী অব্যাহত ৰাখি অৰ্ধশতক সম্পূৰ্ণ কৰিছে অধিনায়ক শুভমন গিলে। মহম্মদ ছামিৰ বলত এটা চাৰি কোবাই গিলে ২৫টা বলত নিজৰ অৰ্ধশতক পূৰ কৰে।

  • 02 May 2025 08:17 PM (IST)

    গুজৰাটৰ ইনিংছত শতক

    ছাই সুদৰ্শন আৰু গিলে দলক দিয়া আক্ৰমণাত্মক আৰম্ভণিৰ সুবাদত মাত্ৰ ৮.২ অভাৰতে শতকৰ স্ক’ৰ স্পৰ্শ কৰিছে গুজৰাট টাইটানছে।

  • 02 May 2025 08:10 PM (IST)

    ছাইৰ বিদায়

    মাত্ৰ ২ ৰানৰ বাবে ছিজনত নিজৰ ষষ্ঠটো অৰ্ধশতকৰ পৰা বঞ্চিত হৈছে ছাই সুদৰ্শন। জীছান আনচাৰীৰ বলত ক্লাছেনৰ হাতত কেচ তুলি দি সুদৰ্শনে ক্ৰীজ এৰে। পুনৰ এবাৰ অ’ৰেঞ্জ কেপ নিজৰ দখললৈ অনা সুদৰ্শনে মাত্ৰ ২৩টা বলত ৯টা চাৰিৰে ৪৮ ৰান সংগ্ৰহ কৰে।

  • 02 May 2025 08:01 PM (IST)

    পাৱাৰ প্লে’ত সংগ্ৰহ ৮২ ৰান

    গুজৰাটৰ ইনিংছৰ প্ৰথম ছয় অভাৰ অৰ্থাৎ বেটিং পাৱাৰ প্লে’ৰ অন্ত পৰিছে। এই ছয় অভাৰত গুজৰাটে কোনো উইকেট নেহেৰুৱাকৈ ৮২ ৰান সংগ্ৰহ কৰিছে।

  • 02 May 2025 07:53 PM (IST)

    গুজৰাটৰ অৰ্ধশতক

    আক্ৰমণাত্মক আৰম্ভণি ঘটিছে গুজৰাটৰ। ছাই সুদৰ্শনৰ পিছত শুভমন গিলেও আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰি পেট কামিন্সে কৰা ইনিংছৰ চতুৰ্থ অভাৰত দুটা চাৰি আৰু এটা ছয় কোবায়। অভাৰৰ অন্তিম বলত গিলে কোবোৱা ছয়ৰ সহায়ত দলৰ ইনিংছো ৫০ৰ পাৰ হয়।

  • 02 May 2025 07:47 PM (IST)

    সুদৰ্শনৰ বাউণ্ডেৰীৰ লহৰ

    যুৱ বেটাৰ ছাই সুদৰ্শনৰ সমুখত নিষ্প্ৰভ হৈ পৰিছে অভিজ্ঞ পেচাৰ মহম্মদ ছামি। তাৰকা পেচাৰগৰাকীয়ে কৰা ইনিংছৰ তৃতীয় তথা নিজৰ দ্বিতীয় অভাৰত পাঁচটাকৈ চাৰি কোবায় সুদৰ্শনে। অভাৰটোৰ কেৱল দ্বিতীয় অভাৰত ৰান খৰচৰ পৰা ৰক্ষা পৰে ছামি।

  • 02 May 2025 07:35 PM (IST)

    গিলৰ বেটৰ পৰা প্ৰথমটো ছয়

    মহম্মদ ছামিয়ে কৰা মেচৰ প্ৰথমটো অভাৰৰ তৃতীয় বলত গুজৰাটৰ ইনিংছত আহিছে প্ৰথমটো বাউণ্ডেৰী। অধিনায়ক শুভমন গিলে পাৱাৰ প্লে’ৰ সঠিক ব্যৱহাৰ কৰি কোবাইছে এটা ছয়।

  • 02 May 2025 07:16 PM (IST)

    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ আৰু ইম্পেক্ট চাব

    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশত দেখা যাব অভিষেক শৰ্মা, ঈশান কিষাণ, হেনৰিখ ক্লাছেন, অনিকেত বাৰ্মা, কামিন্দু মেণ্ডিছ, নীতিশ কুমাৰ ৰেড্ডী, পেট কামিন্স (অধিনায়ক), হৰ্ষল পেটেল, জয়দেৱ উনাডকাট, জিশান আনচাৰী, মহম্মদ ছামি। আনহাতে দলটোৰ ইম্পেক্ট চাবৰ তালিকাত আছে অভিনৱ মনোহৰ, শচীন বেবী, ট্ৰেভিছ হেড, ৰাহুল চাহাৰ, উইয়ান মুল্ডাৰ।

  • 02 May 2025 07:12 PM (IST)

    গুজৰাট টাইটানছৰ মূল একাদশ আৰু ইম্পেক্ট চাব

    গুজৰাট টাইটানছৰ মূল একাদশত আজি দেখা যাব ছাই সুদৰ্শন, শুভমন গিল, জ’ছ বাটলাৰ, ৱাশ্বিংটন সুন্দৰ, ৰাহুল তেৱাটিয়া, শ্বাহৰুখ খান, ৰছিদ খান, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, গেৰাল্ড ক’টজে, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ। আনহাতে ইম্পেক্ট চাবৰ তালিকাত আছে ইশান্ত শৰ্মা, মহিপাল ল’মৰ’ৰ, অনুজ ৰাৱাট, আৰ্শ্বাদ খান, শ্বেৰফানে ৰাডাৰফৰ্ড।

  • 02 May 2025 07:05 PM (IST)

    প্ৰথমে বলিং কৰিব হায়দৰাবাদে

    ইতিমধ্যে দুয়ো দলৰ অধিনায়কদ্বয়ৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শিৱলিংগত কি বস্তু আগবঢ়ালে কি ফল পোৱা যায়? সবিশেষ জানক..
বাহনত ভ্ৰমণৰ সময়ত বমি ভাব হয় নেকি? জানক পৰিত্ৰাণৰ উপায়
বন্দে ভাৰত বা শতাব্দী ৰে'লৰ পৰা পোৱা উপাৰ্জনৰ হিচাপ ৰাখেনে চৰকাৰে ? ৰে’ল মন্ত্ৰালয়ে RTI উত্তৰত কি ক'লে ?
Knowledge Story: চেফ্টিপিনত কিয় থাকে বৃত্তাকাৰ অংশটো? কেতিয়াবা ভাবিছেনে?