GT vs CSK Live Score, IPL 2025: পৰাস্ত গুজৰাট টাইটানছ, ৮৩ ৰানত জয়লাভ CSK ৰ

Gujarat Titans vs Chennai Super Kings Live Score in Assamese: আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত IPL মেচ । এই মেচত জয়লাভ কৰি শীৰ্ষ-২ত স্থান নিশ্চিত কৰিব বিচাৰিব গুজৰাটে।

GT vs CSK Live Score, IPL 2025: পৰাস্ত গুজৰাট টাইটানছ, ৮৩ ৰানত জয়লাভ CSK ৰ

GT vs CSK Live Score

Updated On: 

25 May 2025 19:11 PM

আই পি এল ২০২৫ৰ ৬৭ সংখ্যক মেচ গুজৰাট টাইটানছ (GT) আৰু চেন্নাই ছুপাৰ কিংছ (CSK)ৰ মাজত অনুষ্ঠিত হৈছে।  আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই মেচ। শুভমন গীলৰ অধিনায়কত্বত থকা গুজৰাটৰ দলটোৱে ইতিমধ্যে প্লে অফত প্ৰৱেশ কৰিছে। এতিয়া তেওঁৰ লক্ষ্য শীৰ্ষ ২ত স্থান লাভ কৰা। যদি তেওঁলোকে CSKক পৰাস্ত কৰে তেন্তে তেওঁলোকৰ সপোন বাস্তৱায়িত হ’ব আৰু প্লে অফত তেওঁলোকে ফাইনেলত প্ৰৱেশৰ দুটাকৈ সুযোগ লাভ কৰিব। আনহাতে, মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বত চেন্নাই দলটোৱে এতিয়ালৈকে ১৩খন খেলৰ ভিতৰত মাত্ৰ ৩খন খেলত জয়লাভ কৰি পইণ্ট তালিকাৰ তলত আছে। এনে পৰিস্থিতিত জয়ৰে ছিজনটো শেষ কৰিব বিচাৰিব দলটোৱে।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 25 May 2025 07:10 PM (IST)

    ৮৩ ৰানত জয়লাভ CSK ৰ

     

    ৮৩ ৰানত জয়লাভ CSK ৰ। আটাইকেইটা উইকেটৰ বিনিময়ত গুজৰাটে ১৮.৩ অভাৰত মাত্ৰ ১৪৭ ৰান কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে , চি এছ কে বান্ধি দিছিল ২৩১ ৰানৰ লক্ষ্য।

  • 25 May 2025 07:02 PM (IST)

    পুনৰ উইকেট হেৰুৱালে গুজৰাটে

     

    পুনৰ উইকেট হেৰুৱালে গুজৰাটে। ১৭.৪ অভাৰত ১৪৩ ৰান সম্পূৰ্ণ দলটোৰ। বাকী আছে ১৪ টা বল। জয়ৰ বাবে প্ৰয়োজন ৮৮ ৰানৰ।


  • 25 May 2025 06:56 PM (IST)

    চি এছ কেৰ খেলুৱৈসকলৰ আনন্দ প্ৰকাশ

  • 25 May 2025 06:55 PM (IST)

    গুজৰাটে হেৰুৱালে অষ্টমটো উইকেট

     

    গুজৰাটে হেৰুৱালে অষ্টমটো উইকেট। ১৬.১ অভাৰত ১২৮ ৰান কৰিবলৈ সক্ষম হয় দলটোয়ে। জয়ৰ বাবে দলটোক প্ৰয়োজন ২৩ টা বলত ১০৩ ৰানৰ। বৰ্তমান বেটিং কৰি আছে আৰ্ছাদ খান আৰু ছাই কিশোৰে।

  • 25 May 2025 06:50 PM (IST)

    আজিৰ খেলৰ দৃশ্য

  • 25 May 2025 06:42 PM (IST)

    ৭ নম্বৰ উইকেট হেৰুৱালে গুজৰাট টাইটানছে

     

    ৭ নম্বৰ উইকেট হেৰুৱালে গুজৰাট টাইটানছে। ১৪ অভাৰত ১১০ ৰান সম্পূৰ্ণ কৰিছে দলটোয়ে। জয়ৰ বাবে ৩৬ টা বলত ১২১ ৰানৰ প্ৰয়োজন দলটোক।

  • 25 May 2025 06:30 PM (IST)

    বিপদত গুজৰাট টাইটানছ

    চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মাত্ৰ ৮৬ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতিল গুজৰাট টাইটানছৰ আধা বেটছমেন।  একেটা অভাৰতে শ্বাহৰুখ খান আৰু ছাই সুদৰ্শনক পেভিলিয়নলৈ পঠিয়ালে জাদেজাই। ২৮টা বলত ৪১ ৰান সংগ্ৰহ কৰি আউট ছাই সুদৰ্শন।

  • 25 May 2025 06:24 PM (IST)

    গুজৰাট টাইটানছৰ চতুৰ্থটো উইকেট

    চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮৫ ৰানৰ স্ক’ৰত চতুৰ্থ উইকেট পতন ঘটে গুজৰাট টাইটানছৰ। ১৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভটিত শ্বাহৰুখ খান।

  • 25 May 2025 06:04 PM (IST)

    ৭ অভাৰ সম্পূৰ্ণ

    গুজৰাট টাইটানছৰ ৭ অভাৰ সম্পূৰ্ণ। ৩ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৪৪ ৰান। ক্ৰীজত আছে ছাই সুদৰ্শন আৰু শ্বাহৰুখ খান।

  • 25 May 2025 05:51 PM (IST)

    গুজৰাট টাইটানছক আন এক ডাঙৰ আঘাত

    ডাঙৰ স্ক’ৰ খেদি ওলাই অহা গুজৰাট টাইটানছৰ আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে।  শুভমন গীল, জোছ বাটলাৰৰ পাছত আউট শ্বাৰফেন ৰাদাৰফোৰ্ড।

  • 25 May 2025 05:44 PM (IST)

    শুভমন গীল আউট

    গুজৰাট টাইটানছৰ প্ৰথমটো উইকেট। ৯টা বলত ১৩ ৰান কৰি পেভিলিয়নলৈ উভতিল শুভমন গীল। ৩ অভাৰত ২৭ ৰান সংগ্ৰহ কৰিছে গুজৰাটে।

  • 25 May 2025 05:34 PM (IST)

    গুজৰাটৰ বেটিং আৰম্ভ

    গুজৰাট টাইটানছৰ ইনিংছ আৰম্ভ। ক্ৰীজত আছে ছাই সুদৰ্শন আৰু শুভমন গীল। প্ৰথমটো অভাৰত সংগ্ৰহ কৰিছে ৭ ৰান।

  • 25 May 2025 05:18 PM (IST)

    লক্ষ্য ২৩১

    ২০ অভাৰৰ অন্তত ৫ টা উইকেট হেৰুৱাই ২৩০ ৰান সংগ্ৰহ চেন্নাই ছুপাৰ কিংছৰ। গুজৰাট টাইটানছৰ সন্মুখত ২৩১ ৰানৰ লক্ষ্য।

  • 25 May 2025 05:10 PM (IST)

    ডেৱাল্ড ব্ৰেভিছৰ ৫০ ৰান সম্পূৰ্ণ

    গুজৰাট টাইটানছৰ বিৰুদ্ধে ডাঙৰ স্ক’ৰৰ দিশে আগবাঢ়িছে চেন্নাই ছুপাৰ কিংছ।  ১৯টা বলত ৫০ ৰান সম্পূৰ্ণ কৰে ডেৱাল্ড ব্ৰেভিছে। ক্ৰীজত আছে ৰবীন্দ্ৰ জাডেজা আৰু ডেৱাল্ড ব্ৰেভিছ। ১৯.১ অভাৰত ২২২ ৰান সংগ্ৰহ চেন্নাইৰ।

  • 25 May 2025 04:59 PM (IST)

    ১৭ অভাৰ সম্পূৰ্ণ

    চেন্নাই ছুপাৰ কিংছৰ ১৭ অভাৰ সম্পূৰ্ণ। ১৭ অভাৰত ৪ টা উইকেট হেৰুৱাই চেন্নাই ছুপাৰ কিংছে ১৮৭ ৰান সংগ্ৰহ কৰিছে ।

  • 25 May 2025 04:45 PM (IST)

    ৫০ ৰান কৰি আউট কনৱে

    চেন্নাই ছুপাৰ কিংছৰ অ’পেনাৰ ডেভন কনৱেই ৫০ ৰান সংগ্ৰহ কৰি ৰছিদ খানৰ বলত আউট হয়। কনৱেই ৩৫টা বলত ৫২ ৰানৰ ইনিংছ খেলিছিল। ১৪.৩ বলত ১৫৯ ৰান সংগ্ৰহ কৰিছে চেন্নাই ছুপাৰ কিংছে।

  • 25 May 2025 04:38 PM (IST)

    শিৱম ডুবে আউট

    গুজৰাট টাইটানছৰ বিৰুদ্ধে তৃতীয়টো বিপৰ্যয়ৰ সন্মুখীন হৈছে চেন্নাই ছুপাৰ কিংছ। মাত্ৰ ১৭ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতিল শিৱম ডুবে।

  • 25 May 2025 04:23 PM (IST)

    চেন্নাইয়ে পালে দ্বিতীয়টো আঘাত

    গুজৰাট টাইটানছৰ বিৰুদ্ধে দ্বিতীয়বাৰৰ বাবে বিপৰ্যয়ৰ সন্মুখীন হৈছে চেন্নাই ছুপাৰ কিংছ। ১৯টা বলত ৩৭ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতিল উৰভিল পেটেল।

  • 25 May 2025 04:16 PM (IST)

    ৮ অভাৰ সম্পূৰ্ণ

    চেন্নাই ছুপাৰ কিংছৰ ৮ অভাৰ সম্পূৰ্ণ। ৮ অভাৰত ১ টা উইকেট হেৰুৱাই ৯১ ৰান সংগ্ৰহ ।

  • 25 May 2025 04:07 PM (IST)

    চেন্নাই ছুপাৰ কিংছৰ সুন্দৰ ইনিংছ

    গুজৰাট টাইটানছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ ইনিংছ সুস্থিৰ অৱস্থাত আছে। বৰ্তমান ক্ৰীজত আছে উৰভিল পেটেল আৰু ডেভন কনৱে।

  • 25 May 2025 03:55 PM (IST)

    চেন্নাই ছুপাৰ কিংছৰ প্ৰথমটো আউট

    গুজৰাট টাইটানছৰ বিৰুদ্ধে প্ৰথমটো উইকেট হেৰুৱালে চেন্নাই ছুপাৰ কিংছে। ১৭টা বলত ৩৪ ৰান সংগ্ৰহ কৰি প্ৰসিদ্ধ কৃষ্ণৰ বলত আউট আয়ুষ ম্হাত্ৰে।

  • 25 May 2025 03:45 PM (IST)

    ৩ অভাৰ সম্পূৰ্ণ

     

    ৩ অভাৰ সম্পূৰ্ণ। ৩ অভাৰত ৰান ৪৪ কৰে । এই সময়চোৱাত আয়ুষ মাহাত্ৰে ১৩ টা বলত ৩৪ ৰান আৰু ডি. কোৱৱে ৫ টা বলত ৯ ৰান কৰে।

  • 25 May 2025 03:35 PM (IST)

    প্ৰথম অভাৰ সম্পূৰ্ণ

     

    প্ৰথম অভাৰ সম্পূৰ্ণ চি এছ কেৰ। এই সময়চোৱাত দলটোৱে মাত্ৰ ৬ ৰান কৰিবলৈ সক্ষম হয়। আয়ুষ মাহাত্ৰে ৬ টা বলত ৫ ৰান কৰে।

  • 25 May 2025 03:33 PM (IST)

    টচ কৰা সময়ৰ দৃশ্য

  • 25 May 2025 03:32 PM (IST)

    CSK ৰ বেটিং আৰম্ভ

     

    CSK ৰ বেটিং আৰম্ভ। প্ৰথমে বেটিং কৰিছে আয়ুষ মাহাত্ৰে আৰু ডি কোনৱে।

  • 25 May 2025 03:25 PM (IST)

    কিছু সময় পাছতে আৰম্ভ হ’ব খেল

    কিছু সময় পাছতে আৰম্ভ হ’ব খেল। আজি মুখামুখি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছ। পইন্ট টেবুলৰ ১ নম্বৰত জিটি থকাৰ বিপৰীতে চিএছকে আছে ১০ নম্বৰত।

  • 25 May 2025 03:05 PM (IST)

    টছত জয়লাভ কৰিছে ধোনীয়ে

    চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ প্ৰথমে বলিং কৰিব শুভমন গীলৰ দল গুজৰাট টাইটানছে।

অধিনায়ক হৈয়ে গিলে কৰিল নেকি স্বজন-তোষণ! এনে কাৰণত হৈছে চৰ্চা…
ক্ৰিকেট কেৰিয়াৰৰ লগতে অৰ্থনৈতিক দিশতো দ্ৰুত বিকাশ গিলৰ, আছে ইমান টকাৰ সম্পত্তি
আপোনাৰো নিশা ভালকৈ টোপনি নাহে নেকি? তেন্তে কৰক এই কাম...
উজ্বল আৰু ধুনীয়া ছালৰ বাবে এনেকৈ ব্যৱহাৰ কৰক বিলাহী...