লীডছত ভুলৰ ফল ভুগিলে ভাৰতে! পৰাজয়ৰ কাৰণ হ’ব নেকি ক্ষতিপূৰণৰ ১৯০ ৰান?
ইংলেণ্ডৰ বিপক্ষে লীডছত চলি থকা টেষ্টত ভাৰতে সঠিক আৰম্ভণি কৰিও প্ৰথম ইনিংছত মাত্ৰ ৬ ৰানৰহে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। বৃহৎ অগ্ৰগতি লাভত ব্যৰ্থতাৰ আঁৰত আছিল ভাৰতীয় দলৰ ভুলৰ পৰিণতি। নিজ ভুলৰ বাবে ভাৰতীয় দলে লীডছত ইংলেণ্ডক দিয়ে সম্পূৰ্ণ ১৯০ ৰানৰ বোনাচ।

ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা লীডছ টেষ্ট এক ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে। তৃতীয় দিনাৰ খেল সামৰণিৰ পৰলৈ ভাৰতে ৯৬ ৰানৰ অগ্ৰগতি লাভ কৰিছে। ভাৰতৰ প্ৰথম ইনিংছৰ ৪৭১ ৰানৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ৪৬৫ ৰানত প্ৰথম ইনিংছ সামৰিছিল। ইয়াৰ পিছত ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি তৃতীয় দিনাৰ খেল সামৰণিলৈকে ২ উইকেটত ৯০ ৰান সংগ্ৰহ কৰিছে। লক্ষণীয়ভাৱে ভাৰতে সঠিক আৰম্ভণি কৰিও প্ৰথম ইনিংছত মাত্ৰ ৬ ৰানৰহে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। বৃহৎ অগ্ৰগতি লাভত ব্যৰ্থতাৰ আঁৰত আছিল ভাৰতীয় দলৰ ভুলৰ পৰিণতি।
নিজ ভুলৰ বাবে ভাৰতীয় দলে লীডছত ইংলেণ্ডক দিয়ে সম্পূৰ্ণ ১৯০ ৰানৰ বোনাচ। পিছে ভাৰতীয় দলৰ পৰা ঘৰুৱা দলটোৱে কিদৰে ইমান বৃহৎ সংখ্যক ৰানৰ বোনাচ লাভ কৰিলে, সেয়া স্বাভাৱিকতেই সকলোৰে মনত উদয় হোৱা প্ৰশ্ন। ভাৰতীয় দলে লীডছ টেষ্টৰ দ্বিতীয় আৰু তৃতীয় দিনা কৰা কেইটামান ভুলৰ ফলশ্ৰুতিত ভুগিবলগা হৈছে এনে পৰিণাম। এই ভুল এতিয়া লীডছত ভাৰতীয় দলৰ পৰাজয়ৰ কাৰণ হৈ উঠাৰ শংকায়ো গা কৰি উঠিছে।
ইংলেণ্ডৰ বেটিঙৰ সময়ত ভাৰতীয় দলে ফিল্ডিঙত কৰা ভুলৰ বাবে সৃষ্টি হৈছে এনে পৰিস্থিতিৰ। ইংলেণ্ডৰ ইনিংছৰ ৭ম অভাৰত ভাৰতীয় দলৰ তাৰকা ফিল্ডাৰ ৰবীন্দ্ৰ জাদেজাই ১৫ ৰান কৰি খেলি থকা বেন ডাকেটৰ কেচ ড্ৰপ কৰে। সেই জীৱনদানৰ সুযোগ লৈ ইংলেণ্ডৰ অ’পেনিং বেটাৰগৰাকীয়ে ৬২ ৰানৰ ইনিংছ খেলে। অৰ্থাৎ বেন ডাকেটৰ এই ইনিংছটোৰ ফলত ভাৰতীয় দলে পোনপটীয়াকৈ ৪৭ ৰানৰ ক্ষতিৰ সন্মুখীন হয়।
একেদৰে যশস্বী জয়ছোৱালে ৬২ ৰানত খেলি থকা অলি পোপৰ কেচ ড্ৰপ কৰাৰ পিছত পোপে দৰ্শনীয় শতক অৰ্জন কৰে। নিজ ইনিংছত ১০৬ ৰান সংগ্ৰহ কৰে পোপে। অৰ্থাৎ পোপে নিজ ইনিংছত ৪৪ ৰান অতিৰিক্তভাৱে সংযোগ কৰাৰ সুযোগ পায়। ইফালে মাত্ৰ ১ ৰানৰ বাবে শতক বঞ্চিত হোৱা হেৰী ব্ৰুকেও লাভ কৰিছিল তিনিবাৰকৈ জীৱনদান। কোনো ৰান সংগ্ৰহ নকৰোঁতেই প্ৰথমবাৰ জীৱনদান পাইছিল ব্ৰুকে।
যশপ্ৰীত বুমৰাহৰ বলত ব্ৰুকে চিৰাজৰ হাতত কেচ তুলি দি বিদায় লৈছিল যদিও সেই বলটো ন’ বল ঘোষণা হোৱাত ব্ৰুকে জীৱনদান পায়। ইয়াৰ পিছতো ব্ৰুকে ৪৬ ৰানত খেলি থকাৰ সময়ত পণ্টে আৰু ৮২ ৰাণ সংগ্ৰহ কৰাৰ সময়ত জয়ছোৱালে পুনৰ কেচ ড্ৰপ কৰে। এইদৰে তিনিবাৰকৈ জীৱনদান পোৱাৰ পিছত অৱশেষত ৯৯ ৰান সংগ্ৰহ কৰি প্ৰসিদ্ধ কৃষ্ণৰ চিকাৰ হয় হেৰী ব্ৰুক।
এতিয়া যদি ভাৰতীয় দলৰ এনে ভুলৰ দিশৰ পৰা বিচাৰ কৰা যায়, তেতিয়া স্পষ্ট হৈ পৰে যে এই তিনি বেটছমেনক দিয়া সুযোগৰ ফলত ইংলেণ্ডৰ দলীয় স্ক’ৰত ১৯০ ৰান অধিক সংযোজিত হয়। উইকেট দখলৰ বাবে হাতলৈ অহা এই সুযোগসমূহ নষ্ট নকৰা হলে ভাৰতীয় দলে প্ৰথম ইনিংছত এক বৃহৎ অগ্ৰগতি লাভ কৰাৰ সুযোগ আছিল। পিছে এতিয়া ভাৰতে এই ভুলৰ পৰিণাম ভুগিবলগা লগা হ’ব নেকি, সেয়া লক্ষণীয় হ’ব।