শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পহলগাম-সেনাৰ প্ৰসঙ্গৰে মেচৰ পিছতে সূৰ্যই ল’লে বিশেষ স্থিতি, পাকিস্তানলৈ শক্তিশালী বাৰ্তা দি ক’লে এইদৰে…

দেওবাৰে এছিয়া কাপৰ মেচত দুৰন্ত প্ৰদৰ্শনেৰে পাকিস্তানক সহজেই ৭ উইকেটত পৰাস্ত কৰি ভাৰতীয় দলে অনুৰাগীসকলক কিছু সান্তনা দিয়ে। ভাৰতীয় দলৰ এই জয়ক অধিক বিশেষ কৰি তুলিলে অধিনায়ক সূৰ্যকুমাৰ যাদৱে।

পহলগাম-সেনাৰ প্ৰসঙ্গৰে মেচৰ পিছতে সূৰ্যই ল’লে বিশেষ স্থিতি, পাকিস্তানলৈ শক্তিশালী বাৰ্তা দি ক’লে এইদৰে…
সূৰ্যকুমাৰ যাদৱImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 15 Sep 2025 09:43 AM

বহু বাদবিবাদ তথা বিতৰ্কৰ অন্তত দেওবাৰে সম্পন্ন ভাৰত আৰু পাকিস্তানৰ মেচ প্ৰতিযোগিতাত নিজৰ দমনীয় প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি ভাৰতীয় দলে পাকিস্তানক প্ৰায় বিধ্বস্ত কৰি তোলে এছিয়া কাপ ২০২৫ৰ এই মেচখনক লৈ সন্তুষ্ট নাছিল ভাৰতীয় অনুৰাগী পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছত হোৱা যুদ্ধৰ পৰিস্থিতিৰ বাবে এই পাকিস্তানৰ সৈতে ভাৰতীয় দলে কোনো ক্ৰিকেট মেচত অংশ লোৱাৰ পৰা বিৰত থকাৰ আহ্বান জনাইছিল অধিকাংশ লোকে

অৱশ্যে চৰকাৰৰ পৰা অনুমোদন লাভ কৰাৰ পিছত ভাৰতীয় দলে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে মেচত অংশ লোৱাটো নিশ্চিত হৈ পৰে দুৰন্ত প্ৰদৰ্শনেৰে পাকিস্তানক সহজেই উইকেটত পৰাস্ত কৰি ভাৰতীয় দলে অনুৰাগীসকলক কিছু সান্তনা দিয়ে ভাৰতীয় দলৰ এই জয়ক অধিক বিশেষ কৰি তুলিলে অধিনায়ক সূৰ্যকুমাৰ যাদৱে

দেওবাৰে নিজ জীৱনৰ ৩৫ সংখ্যক জন্মদিন উদযাপন কৰে সূৰ্যই এই বিশেষ ক্ষণত দলক জয়ৰ দিশত আগুৱাই নিয়াৰ লগতে সূৰ্যই মেচৰ পিছত নিজৰ মন্তব্যৰে দেশবাসীৰ মন জয় কৰে মেচৰ অন্তত সূৰ্যকুমাৰ যাদৱে কয়, এয়া এক সঠিক সুযোগ, আমি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা পৰিয়ালৰ সৈতে থিয় দিছো।

পহলগাম আক্ৰমণৰ ভুক্তভোগীসকলৰ প্ৰতি সংহতি তথা সহযোগিতা প্ৰকাশ কৰি সূৰ্যই লগতে এই জয় দেশৰ নিৰাপত্তা বাহিনীৰ নামত উৎসৰ্গা কৰে। আশা কৰোঁ তেওঁলোকে আমাৰ সকলোকে অনুপ্ৰাণিত কৰি যাব আৰু যেতিয়াই আমি তেওঁলোকক হাঁহিবলৈ সুযোগ দিয়াৰ অৱকাশ পাম, আমি তেওঁলোকক গ্ৰাউণ্ড লেভেলত অধিক কাৰণ দিম।”- এইদৰে কয় সূৰ্যই

উল্লেখ্য যে, ২২ এপ্ৰিলত সংঘটিত হোৱা পহলগাম আক্ৰমণ আৰু ৭ মে’ৰ পৰা আৰম্ভ হোৱা অপাৰেচন সেন্দূৰৰ পিছত কালি প্ৰথমবাৰৰ মুখামুখি হৈছিল ভাৰত আৰু পাকিস্তান ক্ৰিকেট দল মেচখনত টছৰ সময়ত পাকিস্তানী অধিনায়ক আঘাৰ সৈতে কৰমৰ্দন কৰাৰ পৰা বিৰত আছিল সূৰ্য ইয়াৰ পিছত খেলৰ সামৰণিৰ সময়তো এনে দৃশ্যই দেখা যায়

এটা ছয়েৰে খেলৰ অন্ত পেলাই পোনে পোনে পেভিলিয়নলৈ ৰাওনা হয় সূৰ্য আৰু ডুবে ইফালে খেলপথাৰত পাকিস্তান দলে ভাৰতীয় খেলুৱৈসকলৰ বাবে অপেক্ষা কৰে যদিও ড্ৰেছিং ৰুমৰ পৰা ওলাই অহাৰ পৰা বিৰত থাকে ভাৰতীয় দল বৰঞ্চ ড্ৰেছিং ৰুমৰ দুৱাৰ বন্ধ কৰি ভাৰতীয় দলৰ খেলুৱৈকৰ্মচাৰীসকল ভিতৰলৈ সোমাই যোৱাহে পৰিলক্ষিত হয়