অসমত ভূমিকম্প: নিজৰ জীৱনৰ কথা নাভাবি কৰ্তব্য পালনত ব্যস্ত দুগৰাকী নাৰ্ছ, VIDEO…
দেওবাৰে সন্ধিয়া ৫.৮ প্ৰাবল্যৰ ভূমিকম্পই সমগ্ৰ অসমৰ কঁপাই তুলিছিল। সেই সময়তে নগাঁৱৰ এখন চিকিৎসালয়ৰ নাৰ্ছসকলে ভূমিকম্পৰ সময়ত নৱজাত শিশুৰ জীৱন ৰক্ষা কৰাৰ সাহস দেখুৱালে। প্ৰচণ্ড কঁপনিৰ মাজতো তেওঁলোকে শিশুকেইটিক সুৰক্ষিত কৰি ৰাখিছিল। পশ্চিমবংগ আৰু ভূটানতো কম্পন অনুভৱ কৰা হয়।

দেওবাৰে সন্ধিয়া হঠাৎ কপি উঠিছিল উত্তৰ-পূব ভাৰত। অসমৰ ওদালগুৰি জিলাত ৫.৮ প্ৰাবল্যৰ ভূমিকম্পই আতংকিত কৰি তুলিছিল সকলোকে। সেই সময়ত সকলোৱে নিজৰ জীৱনটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ইয়াৰ মাজতে নগাঁৱৰ এখন চিকিৎসালয়ত দায়িত্বত থকা দুগৰাকী নাৰ্ছে দিলে নিজৰ সাহসিকতাৰ পৰিচয়। প্ৰচণ্ড কঁপনিৰ মাজতো তেওঁলোকে NICUত থকা শিশুকেইটিক সুৰক্ষিত ৰখাৰ বাবে এক মুহূৰ্তও পলম কৰা নাছিল। ভূমিকম্পৰ বাবে সকলো কঁপিবলৈ ধৰিলে, দুয়োগৰাকী নাৰ্ছে লগে লগে বুদ্ধি প্ৰয়োগ কৰি আৰু প্ৰথমে শিশুকেইটিৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিলে। সেই সময়ত তেওঁলোকে নিজৰ জীৱনৰ কথা ভবা নাছিল।
ভূমিকম্পৰ সময়ত চিকিৎসালয়খনৰ NICUত বহুকেইটি নৱজাত শিশু ভৰ্তি হৈ আছিল। ভূমিকম্পৰ লগে লগে ৱাৰ্ডত উপস্থিত থকা নাৰ্ছসকলে লগে লগে কেঁচুৱাকেইটাৰ বিচনাকেইখন জোৰকৈ ধৰি ৰাখিলে যাতে কোনো দুৰ্ঘটনা নহয়। এটা ভিডিঅ’ত স্পষ্টকৈ দেখা গৈছে যে দুগৰাকী নাৰ্চে নৱজাতকক চম্ভালি আছে আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু। তেওঁলোকৰ সাহসক ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰশংসা কৰা হৈছে। মুহূৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল সেই দৃশ্য।
VIDEO | As an earthquake of 5.8 magnitude shook parts of the northeast region and West Bengal on Sunday, nurses from a hospital in Assam’s Nagaon acted heroically, ensuring the safety of newborns as tremors hit the region.
(Source: Third Party)
(Full video available on PTI… pic.twitter.com/MOFUmU93QY
— Press Trust of India (@PTI_News) September 15, 2025
উল্লেখ্য যে কেইদিনমান পূৰ্বে কিছুদিন পূৰ্বে জি এম চি এইচত সংঘটিত হোৱা ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছিল। জন্মৰ পাছত জণ্ডিছত আক্ৰান্ত হোৱা এটি শিশুক NICU ত ৰখা হৈছিল। কিন্তু বিচনাৰ পৰা পৰি শিশুটিৰ মৃত্যু হোৱাৰ লগতে আন শিশু আহত হয়। এই ঘটনাত প্ৰত্যক্ষ হস্তক্ষেপ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি লোৱা হ’ব বুলি কৈছিল। তাৰ পাছতে চিকিৎসা মহাবিদ্যালয়ৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষী তথা প্ৰশাসনে। বিগত সময়চোৱাত চিকিৎসা মহাবিদ্যালয়খনৰ বহু কৰ্মচাৰীক আটক কৰা হয়।
ভূমিকম্পৰ কেন্দ্ৰ আৰু প্ৰভাৱ
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি দেওবাৰে সন্ধিয়া ৪:৪১ বজাত এই ভূমিকম্পৰ ৰেকৰ্ড কৰা হয়। ইয়াৰ কেন্দ্ৰবিন্দু আছিল অসমৰ ওদালগুৰি জিলাত মাটিৰ পৰা প্ৰায় ৫ কিলোমিটাৰ গভীৰতাত। ভূমিকম্পৰ কম্পন ইমানেই প্ৰবল আছিল যে চিকিৎসালয়, ঘৰ, কাৰ্যালয়ৰ মানুহবোৰ আতংকিত হৈ বাহিৰলৈ ওলাই আহিছিল।
এই ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত কম-বেছি পৰিমাণে ক্ষয়-ক্ষতি হৈছে। বিভিন্ন জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আগবঢ়োৱা তথ্য অনুসৰি কেইবাখনো জিলাত কিছু পৰিমাণে ক্ষয়-ক্ষতি হৈছে। ঢেকীয়াজুলিত ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও বাসগৃহ। ঘৰ-দুৱাৰত ফাঁট মেলাৰ উপৰি কোনো লোক আঘাত হোৱাৰো তথ্য আহি পৰিছে। এতিয়াও ভূমিকম্প সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই চোৱাচিতা কৰি আছে। অসমত হোৱা ভূূমিকম্পৰ ক্ষয়-ক্ষতিৰ বুজ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। অসমৰ পৰা গৈ কলকাতাত উপস্থিত হোৱাৰ পাছতে এই সন্দৰ্ভত মোদীয়ে মুখ্যমন্ত্ৰীক ফোন কৰি ঘটনাৰ সবিশেষ জানিব বিচাৰে।
লগতে পঢ়ক: চৰাইদেউৰ সাপেখাতীত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী, বাঘ চাবলৈ ৰাইজৰ ভিৰ